ETV Bharat / bharat

উপাস্য দেৱতাৰ মূৰ্তি ক্ষতিসাধন কৰাৰ বাবে কৃষকক জৰিমনা - FINE FOR BREAKING DIETY IDOL

ধৰ্মৰ নামত দৰিদ্ৰ কৃষকক হাৰাশাস্তি । এগৰাকী কৃষকক এঘৰীয়া কৰাৰ ভাবুকি দিলে মহাৰাষ্ট্ৰ(MAHARASTRA)ৰ গাঁও পঞ্চায়তে । কেৱল এয়াই নহয় ২১ হাজাৰ টকাৰ জৰিমনা আদায় দিবলৈও নিৰ্দেশ দিয়ে । কৃষকজনে খেতি পথাৰত কাম কৰি থকা অৱস্থাত অনিচ্ছাকৃতভাৱে তেওঁলোকৰ উপাস্য দেৱতাৰ মূৰ্তিৰ ক্ষতিসাধন হয় । ইয়াৰ পিছতে গাঁও পঞ্চায়তে তেওঁক শাস্তি বিহে । এই ঘটনাৰ পিছতে আৰক্ষীয়ে ৯ জন লোকক আটক কৰে ।

A farmer got a social boycott threat by village panchayat for damage to deity idol
উপাস্য দেৱতাৰ মূৰ্তি ক্ষতিসাধন কৰা বাবে কৃষকক ২১ হাজাৰ টকাৰ জৰিমনা
author img

By

Published : Jun 18, 2021, 10:12 PM IST

নেশ্যনেল ডেস্ক, ১৮ জুন: মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাৰ এখন গাঁৱত দেৱতাৰ মূৰ্তি কিছু পৰিমাণে ক্ষতিসাধন কৰাৰ বাবে এগৰাকী কৃষকক কঠোৰ শাস্তি বিহিলে গাঁও পঞ্চায়তে । টীকাৰাম প্ৰীতম পৰধি নামৰ কৃষকজনে খেতিপথাৰত মাটি সমান কৰাৰ কাম কৰি থকা সময়ত দুৰ্ভাগ্যবশতঃ তেওঁলোকৰ উপাস্য দেৱতাৰ শিলৰ মূৰ্তি ক্ষতিগ্ৰস্ত হয় ।

সেয়ে কৃষককগৰাকীক ২১,০০০ টকাৰ জৰিমনা বিহে গাঁও পঞ্চায়তে । লগতে জৰিমনা আদায় নকৰিলে এঘৰীয়া কৰাৰো ভাবুকি দিয়ে । আৰক্ষীয়ে শুকুৰবাৰে এই কথা প্ৰকাশ কৰে । কৃষকজনে এই আদেশ নামানি অভিযোগ দাখিল কৰে । এই সন্দৰ্ভত ১৬ জুনত গাঁওৰ চৰপঞ্চসহ মুঠ ৯ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় ।

আমগাঁও আৰক্ষী থানাৰ পৰিদৰ্শক বিলাস নালে কয় যে, চিটেপাৰ গাঁৱৰ বাসিন্দা টীকাৰাম প্ৰীতম পৰধিয়ে ১২ জুনত তেওঁৰ কৃষিভূমিত কাম কৰি আছিল । সেইসময়তে দেৱতাৰ শিলৰ মূৰ্তিটো ক্ষতিগ্ৰস্ত হৈছিল । উপাস্য দেৱতাৰ মূৰ্তি ক্ষতিগ্ৰস্ত হোৱা বুলি গম পোৱাৰ পিছতে গাওঁবাসী ঘটনাস্থলীত উপস্থিত হয় আৰু টীকাৰাম প্ৰীতম পৰধিক কাম বন্ধ কৰিবলৈ বাধ্য কৰে ।

পিছত পঞ্চায়তৰ সভা আহ্বান কৰা হয় আৰু এই সভাতে সদস্যসকলে পৰধিৰ ওপৰত স্থানীয় বাসিন্দাসকলৰ ধৰ্মীয় আৱেগক আঘাত কৰাৰ অভিযোগ উত্থাপন কৰে । লগতে তেওঁক ২১,০০০ টকাৰ জৰিমনা বিহে । কেৱল এয়াই নহয়, জৰিমনা আদায় নকৰিলে এঘৰীয়া কৰাৰো ভাবুকি দিয়ে । আৰক্ষীৰ মতে, পঞ্চায়তে তেওঁক কৈছিল যে জৰিমনাৰ ধন ক্ষতিগ্ৰস্ত মূৰ্তিটো নিৰ্মাণ আৰু দেৱতাক 'সন্তুষ্ট' কৰিবলৈ পশু বলি দিয়াৰ বাবে ব্যৱহাৰ কৰা হ'ব ।

কিন্তু পৰধিয়ে তেওঁৰ আৰ্থিক অৱস্থা বেয়া বুলি কৈ জৰিমনা আদায় দিব নোৱাৰে বুলি কৈছিল । লগতে তেওঁ নিজকে নিৰ্দোষ বুলি দাবী কৰে । পিছত, তেওঁ আৰক্ষীৰ কাষ চাপে আৰু অভিযোগ দাখিল কৰে ।

এই অভিযোগৰ ভিত্তিতে গাঁৱৰ চৰপঞ্চ গোপাল ফুলিচন্দ মেশ্ৰাম, গাওঁ পৰ্যায়ৰ আৰক্ষী সহায়ক উলহাচৰাও ভৈয়ালাল বিসেন, ৰাজেন্দ্ৰ হিৱাৰলাল বিসেন, পুৰাণলাল বিসেন, যোগেশ হীৰালাল বিসেন, যাদৱ ৰাও শ্ৰীৰাম বিসেন, প্ৰতাপ লখন বিসেন, সুধীৰ হীৰালাল বিসেন আৰু তেকচান্দ দাদিৰাম মাদাৱিক আৰক্ষীয়ে আটক কৰে । আটাইকেইজন অভিযুক্তলৈ জাননী জাৰি কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে । ধৰ্মৰ নামত এগৰাকী কৃষকক এনেদৰে মানসিক মুঠেও সমিচীন নহয় ।

লগতে পঢ়ক:2024 ৰ ভিতৰত পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ 50 শতাংশ হ্ৰাস কৰাৰ লক্ষ্য কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.