ETV Bharat / bharat

২৭ জুলাইত ওমৰ খালিদৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব দিল্লীৰ আদালতে - দিল্লীৰ মৌজপুৰত সংঘটিত হিংসাত্মক ঘটনা

২৭ জুলাইত উত্তৰ দিল্লীৰ হিংসাত্মক ঘটনাৰ অভিযুক্ত তথা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়(Jawaharlal Nehru University)ৰ প্ৰাক্তন ছাত্ৰ নেতা ওমৰ খালিদৰ(Umar Khalid) জামিনৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব দিল্লীৰ এখন আদালতে । বে-আইনী কাৰ্যকলাপ(প্ৰতিৰোধ)আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰাক্তন ছাত্ৰ নেতাগৰাকীক ।

A Delhi court will hear the bail application Umar Khalid on July 27
২৭ জুলাইত ওমৰ খালিদৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব দিল্লীৰ আদালতে
author img

By

Published : Jul 15, 2021, 10:15 PM IST

নেশ্যনেল ডেস্ক, ১৫ জুলাই : দিল্লীৰ এখন আদালতে গ্ৰহণ কৰিব বিগত বৰ্ষত উত্তৰ দিল্লীত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ অভিযুক্ত তথা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়(Jawaharlal Nehru University)ৰ প্ৰাক্তন ছাত্ৰ নেতা ওমৰ খালিদ(Umar Khalid)ৰ জামিনৰ আবেদনৰ । ২৭ জুলাইত শুনানি গ্ৰহণ কৰা হ'ব বুলি অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে বৃহস্পতিবাৰে দিন ঘোষণা কৰে । অতিৰিক্ত সত্ৰ ন্যায়াধীশ অমিতাভ ৰাৱটে শুনানিৰ পিছদিনা ওমৰৰ জামিন আবেদন সন্দৰ্ভত অভিযুক্ত পক্ষৰ পৰা উত্তৰ বিচাৰে । জ্যেষ্ঠ অধিবক্তা ত্ৰিদীপ পাইছে গোচৰটোত অভিযুক্ত ওমৰ খালিদক প্ৰতিনিধিত্ব কৰিছে ।

বে-আইনী কাৰ্যকলাপ(প্ৰতিৰোধ)আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰাক্তন ছাত্ৰ নেতাগৰাকীক । খালিদৰ লগতে আন কেইবাজনো লোকৰ বিৰুদ্ধে সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । আটাইকেইজনৰ বিৰুদ্ধে ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ 'মাষ্টাৰমাইণ্ড' বুলি অভিযোগ উত্থাপন কৰা হৈছে । এই ঘটনাত ৫৩ জন লোক নিহত হোৱাৰ উপৰিও ৭০০ জনৰো অধিক লোক আহত হৈছিল ।

খালিদৰ উপৰিও জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰী আচিফ ইকবাল তানহা, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰী নাতাশা নৰৱাল, দেৱাংগনা কলিতা, জামিয়া সমন্বয় সমিতিৰ সদস্য চাফোৰা জাৰ্গাৰ, আম আদমী পাৰ্টীৰ প্ৰাক্তন কাউন্সিলাৰ তাহিৰ হুছেইন আৰু আন কেইবাজনো লোকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে । শেহতীয়াকৈ, দিল্লী উচ্চ ন্যায়ালয়ে এই গোচৰটোত নাতাশা নৰৱাল, আচিফ ইকবাল তানহা, আৰু দেৱাংগনা কলিতা জামিন প্ৰদান কৰিছিল ।

উল্লেখ্য যে, বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উত্তৰ-পূৱ দিল্লীৰ মৌজপুৰত সংঘটিত হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগত দিল্লীস্থিত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ আৰ জে ডি ইয়ুথ উইঙৰ সভাপতি মিৰান হাইদৰক উক্ত বৰ্ষৰ ২ এপ্ৰিলত গ্ৰেপ্তাৰ কৰিছিল দিল্লী আৰক্ষীয়ে ৷ আনহাতে, দীপক দহিয়া নামৰ আৰক্ষী বিষয়াগৰাকীলৈ লক্ষ্য কৰি গুলীচালনা কৰা শ্বাহৰুখ নামৰ লোকজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ এই হিংসাত্মক ঘটনাত চোৰাংচোৱা বিভাগৰ কৰ্মচাৰী অংকিত শৰ্মাকে ধৰি দিল্লী আৰক্ষীৰ মুখ্য় কনিষ্টবল ৰতন লালেও প্ৰাণ হেৰুৱাইছিল । এই হিংসাত্মক ঘটনাত মুঠ ৫৩ গৰাকী লোকৰ মৃত্যু হৈছিল ।

লগতে পঢ়ক:আধুনিক কুম্ভকৰ্ণ: বছৰৰ ৩০০ দিনে থাকে নিদ্ৰাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.