ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ সাগৰত বৃহৎ পৰিমাণৰ অস্ত্ৰসহ জব্দ নাও - নেপচুন মেৰিটাইম ছিকিউৰিটি লিমিটেড

মহাৰাষ্ট্ৰৰ ৰায়গড়ত উদ্ধাৰ হৈছে এখন সন্দেহজনক নাও (Boat with weapons found along coast) ৷ নাওখনৰ পৰা জব্দ হৈছে AK 47 সহ বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ ৷ সন্ত্ৰাসবাদ বিয়পোৱাৰ উদ্দেশ্যে কোনো সন্ত্ৰাসবাদী গোটে নাৱেৰে অস্ত্ৰ সৰবৰাহ কৰাৰ সন্দেহ ৷

A boat has been found with weapons in the sea at Harihareshwar
মহাৰাষ্ট্ৰৰ সাগৰত AK47 অস্ত্ৰসহ জব্দ নাও
author img

By

Published : Aug 18, 2022, 2:47 PM IST

Updated : Aug 18, 2022, 4:31 PM IST

নিউজ ডেস্ক, 18 আগষ্ট: মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ পৰ্যটনস্থলী হৰিহৰেশ্বৰ তীৰত সাগৰত উদ্ধাৰ হৈছে অস্ত্ৰ-শস্ত্ৰ ভৰ্তি এখন সন্দেহজনক নাও (Boat with weapons found along coast)। এই নাওখনত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰে সৃষ্টি কৰিছে চাঞ্চল্যৰ । এই ঘটনাৰ বাবে ৰাইগড় জিলাত হাই এলাৰ্ট জাৰি কৰিছে আৰক্ষীয়ে (High alert in Maharashtra Raigad)। জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে উক্ত স্থানত উপস্থিত হৈছে । বিশেষ সূত্ৰৰ মতে, মহাৰাষ্ট্ৰৰ এটিএছৰ দলটো ৰায়গড়লৈ ৰাওনা হৈছে ।

প্ৰাৰম্ভিক তথ্য অনুসৰি নাওখনত AK- ৪৭ এছাল্ট ৰাইফল আৰু অন্যান্য অস্ত্ৰ ভৰ্তি উদ্ধাৰ কৰা হয় (Suspicious boat recovered in Maharashtra) । বিশেষকৈ গণেশ চতুৰ্থীৰ পূৰ্বে এইধৰণে অস্ত্ৰ উদ্ধাৰৰ ঘটনাই স্বাভাৱিকতেই উদ্বেগৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে হৰিহৰেশ্বৰ সমুদ্ৰ তীৰৰ পৰা মুম্বাইৰ দূৰত্ব 200 কিলোমিটাৰ আৰু পুনেৰ দূৰত্ব 170 কিলোমিটাৰ ৷

মহাৰাষ্ট্ৰৰ সাগৰত বৃহৎ পৰিমাণৰ অস্ত্ৰসহ জব্দ নাও

সূত্ৰৰ তথ্য অনুসৰি, ৰায়গড়ৰ শ্ৰীবৰ্ধনৰ হৰিহৰেশ্বৰ আৰু ভৰদখোলত উদ্ধাৰ হৈছে অস্ত্ৰ-শস্ত্ৰ আৰু নথি-পত্ৰ থকা কিছুমান নাও (Boat found with weapons) । স্থানীয় আৰক্ষীয়ে তদন্ত কৰি আছে । মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীক জৰুৰীভাৱে এটিএছ বা ৰাজ্যিক সংস্থাৰ এটা বিশেষ দল নিযুক্তি দিবলৈ দাবী জনাইছে বিধায়ক অদিতি তটকাৰেয়ে ৷

খবৰ অনুসৰি স্থানীয় কেইজনমান লোকে কোনো সদস্য নথকা নাওখন প্ৰত্যক্ষ কৰি নিৰাপত্তা সংস্থাসমূহক সতৰ্ক কৰি দিয়ে । বিষয়াসকলে জনোৱা মতে, নাওখনত কমেও ৩ টা AK-৪৭ ৰাইফল আৰু কিছু গুলী উদ্ধাৰ হৈছে (ATS rushed to Harihareshwar shore) ৷

এ টি এছৰ মুৰব্বী বিনীত আগৰৱালাই কয় যে, তেওঁলোকে সন্ত্ৰাসবাদী কোণৰ পৰা বিষয়টো প্ৰত্যক্ষ কৰিছে । “আমি সন্ত্ৰাসৰ কোণটোও চাইছো । নাওখন ওমানত পঞ্জীয়ন কৰা যেন অনুমান হয়’’ বুলি এটিএছৰ মুৰব্বীগৰাকীয়ে লগতে কয় ।

বিনীত আগৰৱালাই আৰু কয়, “আমি তদন্ত কৰি থকা নাওখন এখন চৰকাৰী নাও যেন ভাৱ হৈছে । নাওখন পঠিওৱাৰ আঁৰত সন্ত্ৰাসবাদৰ উদ্দেশ্যেও থাকিব পাৰে । ই হয়তো আন কোনোবা দেশৰ হ’ব পাৰে । এইখন এখন পৰিত্যক্ত নাও । আমি সকলো সম্ভাৱনা চাই আছো" ৷ আৰক্ষীৰ সূত্ৰ অনুসৰি, এই নাওখন নেপচুন মেৰিটাইম ছিকিউৰিটি লিমিটেডৰ, যিখনে জাহাজসমূহক নিৰাপত্তা প্ৰদান কৰে ।

লগতে পঢ়ক: ভাৰতত ভিআইপি সুৰক্ষাৰ বাবে কেন্দ্ৰই জাৰি কৰিলে নতুন SOP

Last Updated : Aug 18, 2022, 4:31 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.