ETV Bharat / bharat

Manipur Violence: মেইটেই মহিলাৰ সামূহিক মেইৰা পাইবিৰ ৪৮ ঘণ্টীয়া বন্ধৰ ফলত স্তব্ধ মণিপুৰৰ জনজীৱন - ৪৮ ঘণ্টীয়া বন্ধ

মণিপুৰত মেইৰা পাইবিয়ে আহ্বান জনোৱা ৪৮ ঘণ্টীয়া বন্ধৰ ৰাজ্যখনত সৰ্বাত্মক প্ৰভাৱ পৰিছে ৷ বন্ধৰ সময়চোৱাত ৰাজ্যখনৰ ব্যৱসায়-বাণিজ্য সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে । স্থানীয় লোকসকলক ঘৰতে থাকিবলৈ আহ্বান জনোৱা হয় ৷ মণিপুৰৰ পাঁচজন গাঁৱৰ স্বেচ্ছাসেৱকক আৰক্ষীয়ে আটক কৰি ৰখাৰ প্ৰতিবাদত এই বন্ধৰ আহ্বান জনোৱা হয় ৷

Manipur Violence
মেইটেই মহিলাৰ সামূহিক মেইৰা পাইবিৰ ৪৮ ঘণ্টীয়া বন্ধৰ ফলত স্তব্ধ মণিপুৰৰ জনজীৱন
author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 9:36 PM IST

তেজপুৰ, ১৯ ছেপ্টেম্বৰ: মণিপুৰত মেইৰা পাইবি আৰু স্থানীয় ক্লাৱে আহ্বান জনোৱা ৪৮ ঘণ্টীয়া বন্ধৰ ফলত মঙলবাৰে ৰাজ্যখনৰ দৈনন্দিন জীৱনযাত্ৰা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে ৷ মণিপুৰৰ পাঁচজন গাঁৱৰ স্বেচ্ছাসেৱকক আটক কৰি ৰখাৰ প্ৰতিবাদত মেইটেই মহিলাৰ সামূহিক মেইৰা পাইবি আৰু স্থানীয় ক্লাৱে সোমবাৰৰ মাজনিশাৰ পৰা ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছিল ।

প্ৰতিবাদকাৰীসকলৰ মূল দাবী হৈছে আৰক্ষীয়ে আটক কৰা স্বেচ্ছাসেৱকসকলক শীঘ্ৰে মুকলি কৰি দিয়া । সমান্তৰালভাৱে কুকি উগ্ৰপন্থীৰ অব্যাহত থকা ভাবুকিৰ প্ৰতি চৰকাৰে দিয়া সঁহাৰিৰ প্ৰতি হতাশাও বাঢ়িছে । এই হতাশাৰ মূল কাৰণ হ’ল এই উগ্ৰপন্থীসকলৰ লক্ষ্যত থকা বুলি সন্দেহতীত মেইটে সম্প্ৰদায়ৰ সমস্যা সমাধান কৰাত চৰকাৰৰ অনিচ্ছা ৷ এই বিষয়টোৱে মেইটেই সম্প্ৰদায়ক সুৰক্ষা দিয়াৰ বাবে চৰকাৰৰ দায়বদ্ধতাক লৈ সন্দেহৰ সৃষ্টি কৰিছে ।

ইফালে আজি বন্ধৰ সময়চোৱাত প্ৰতিবাদকাৰীসকলে ঠায়ে ঠায়ে পথ অৱৰোধৰ কাৰ্যসূচী ৰূপায়ন কৰে ৷ যাৰ ফলত ব্যৱসায়-বাণিজ্য সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে । বজাৰসমূহ জনশূন্য হৈ পৰে আৰু স্থানীয় লোকসকলক ঘৰতে থাকিবলৈ আহ্বান জনোৱা হয় ৷

উল্লেখ্য যে, শনিবাৰে মণিপুৰ আৰক্ষীয়ে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াই অনা আৰু ছদ্মবেশৰ ইউনিফৰ্ম পৰিধান কৰা পাঁচজন লোকক গ্ৰেপ্তাৰ কৰে । এক বিবৃতিৰ জড়িয়তে মণিপুৰ আৰক্ষীয়ে জনোৱা মতে, এই পাঁচজনক ন্যায়িক দণ্ডাধীশৰ আগত হাজিৰ কৰি আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।

স্থানীয় লোকৰ পৰা জানিব পৰা মতে, "গ্ৰেপ্তাৰ হোৱা পাঁচজন যুৱক সাধাৰণ নাগৰিক আৰু গাঁৱৰ স্বেচ্ছাসেৱক ৷ নিৰাপত্তা বাহিনীয়ে নিজৰ কাম সঠিকভাৱে কৰিব নোৱাৰাৰ বাবে কুকি-জো উগ্ৰপন্থীৰ আক্ৰমণৰ পৰা গাঁওসমূহক ৰক্ষা কৰিবলৈ তেওঁলোকে পহৰা দি আহিছে ।

লগতে পঢ়ক: Ranee Narah interrogated by CM Vigilance: পাঁচ ঘন্টা জেৰাৰ পিচত যাবলৈ দিয়া হ’ল প্ৰাক্তন সাংসদ ৰাণী নৰহক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.