নিউজ ডেস্ক, 24 জুন: মুম্বাইত পিতৃ আৰু কন্যাৰ সম্বন্ধক কলুষিত কৰাৰ জঘন্য ঘটনা সংঘটিত হৈছে ৷ খোদ মাতৃয়ে উত্থাপন কৰিছে এই জঘন্য অভিযোগ ৷ মুম্বাইৰ তিলকনগৰত এগৰাকী 17 বছৰীয়া ধৰ্ষণ কৰি অন্তঃসত্বা কৰা ঘটনা পোহৰলৈ আহিছে ৷ ইতিমধ্যে তিলক নগৰ আৰক্ষীয়ে ঘটনাৰ লগত জড়িত পিতৃ আৰু চুবুৰীয়া এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, 17 বছৰীয়া কিশোৰীগৰাকীক চুবুৰীয়া এগৰাকী 32 বছৰীয়া ব্যক্তিয়ে 2023 চনৰ ফেব্ৰুৱাৰীত মাহতে বিয়াৰ বাবে প্ৰস্তাৱ দিছিল ৷ তাৰ পিচৰে সেই লোকজনৰ সৈতে কিশোৰীগৰাকীয়ে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰাখিছিল ৷ দুয়োজনৰ মাজত প্ৰায়েই কথা বতৰা হৈছিল ৷ ইয়াৰ মাজতে এদিন লোকজনে কিশোৰীগৰাকীক যৌন পছন্দৰ বিষয়ে কৈছিল ৷ কিশোৰীগৰাকীয়ে লোকজনৰ এই কথা মানি লোৱা নাছিল ৷ লোকজনে কিশোৰীগৰাকীক বাৰে বাৰে শাৰীৰিক সম্বন্ধৰ বাবে মান্তি কৰাবলৈ চেষ্টা কৰিছিল ৷
লোকজনে কিশোৰীগৰাকীক শাৰীৰিক সম্পৰ্ক কৰিবলৈ একপ্ৰকাৰে জোৰ কৰি বিয়া পাতিম বুলিও আশ্বাস দিছিল ৷ কিন্তু কিশোৰীগৰাকীয়ে এই কথা মানি নোলোৱাত লোকজনে সুযোগ বুজি কিশোৰীগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰে ৷ কিন্তু এই কথা কাৰো আগত নক’বলৈ কিশোৰীগৰাকীক ভয় ভাবুকি দিছিল লোকজনে ৷ লোকজনৰ ভয়ত প্ৰায়েই কিশোৰীগৰাকী লোকজনৰ ধৰ্ষণৰ বলি হ’বলগীয়া হৈছিল ৷
ইফালে ইয়াৰ মাজতে যোৱা 28 ফেব্ৰুৱাৰী তাৰিখে কিশোৰীগৰাকীৰ মাতৃ কামলৈ যোৱাৰ বাবে পিতৃৰ লগত অকলশৰে আছিল ৷ কিশোৰীগৰাকীয়ে পিতৃৰ লগত কথা পাতি থাকোঁতেই দুয়োৰে মাজত সামান্য তৰ্কা-তৰ্কি হয় ৷ কিন্তু এই তৰ্কা তৰ্কিয়ে চূড়ান্ত ৰূপ লোৱাত কিশোৰীগৰাকীৰ পিতৃয়ে ঘৰত মাক নথকাৰ সুযোগ লৈ কিশোগৰাকীক ধৰ্ষণ কৰে ৷ এই কথা মাতৃৰ আগত নক’বলৈ পিতৃয়ে ধমকি দিয়ে কিশোৰীগৰাকীক ৷ ফলত কিশোৰীগৰাকীয়ে ভয়তে এই বিষয়ে কাৰো আগত একো প্ৰকাশ কৰা নাছিল ৷
কিন্তু শেহতীয়াকৈ চলিত মাহৰ শেষৰপিনে কিশোৰীগৰাকীয়ে তেওঁ গৰ্ভৱতী বুলি গম পোৱাত সকলো কথা নিজ মাতৃক অৱগত কৰে ৷ তাৰ পিচতে কিশোৰীগৰাকীৰ মাতৃ আৰু তেওঁ লগ হৈ তিলক নগৰত পিতৃ আৰু চুবুৰীয়া লোকজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে । এই অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে সন্ধিয়া তিলক নগৰ আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰিছিল।
তিলক নগৰ আৰক্ষীয়ে কয় যে, আৰক্ষীৰ জেৰাত দুয়োয়ে নিজৰ অপৰাধৰ কথা স্বীকাৰ কৰিছিল ৷ দুয়ো অভিযুক্তৰ বিৰুদ্ধে বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত ধাৰা 376 (ধৰ্ষণ), 376 (2) (এফ), 376 (2) (জে) আৰু পস্কো আইনৰ ধাৰা 4, 6, 8 ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে ৷
লগতে পঢ়ক: Child abuse at Hojai : শিশু নিৰ্যাতনৰ অভিযোগত ৰঙাঘৰত প্ৰাক্তন অগপ মন্ত্ৰীৰ লগতে মন্ত্ৰী পত্নী