ETV Bharat / bharat

9 বজাৰ শীৰ্ষ দহ বাতৰি - 9 বজাৰ শীৰ্ষ দহ বাতৰি

9 বজাৰ শীৰ্ষ দহ বাতৰি

9 বজাৰ শীৰ্ষ দহ বাতৰি
9 বজাৰ শীৰ্ষ দহ বাতৰি
author img

By

Published : Nov 12, 2020, 8:45 AM IST

আলফা(স্বা)ৰ উপমুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণ

দুৰ্ধৰ্ষ আলফা নেতা দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণ ৷ মেঘালয়ত আত্মসমৰ্পণ কৰিছে পৰেশ বৰুৱাৰ অতি ঘনিষ্ঠ শীৰ্ষ আলফা নেতা গৰাকী ৷ আলফা স্বাধীনৰ উপমুখ্য সেনাধ্যক্ষৰ দায়িত্বত আছিল দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভা ৷

ধেমাজি অসামৰিক চিকিৎসালয়ত অক্সিজেন ভৰ্তি চিলিণ্ডাৰ বিস্ফোৰণ

ধেমাজি অসামৰিক চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটাৰ ফলত চিকিৎসালয়ত সৃষ্টি হয় হুৱা-দুৱা পৰিস্থিতিৰ ৷ তৃতীয় মহলাৰ চাৰ্জিকেল ৱাৰ্ডত থকা এজন ৰোগীক অক্সিজেন ভৰ্তি চিলিণ্ডাৰৰ পৰা অক্সিজেন দিবলৈ চেষ্টা কৰোতেই তীব্ৰ গতিৰে নিৰ্গত হয় এই গেছ ৷

দীপাৱলী উপলক্ষে চিৰাঙৰ আৰক্ষী অধীক্ষকৰ জিলাবাসীলৈ বিশেষ আহ্বান

ভাৰতৰ বাহিৰৰ কোনো আতচবাজি বিক্ৰী কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে জিলা আৰক্ষী অধীক্ষকজনে। তেওঁ আৰু জনায় যে দুদিন পুৰ্বে বাসুগাঁৱৰ তিনিজন ব‍্যৱসায়ীয়ে অবৈধভাৱে ফটকা ৰখা বুলি তথ‍্য লাভ কৰাৰ পিচত অভিযান চলাই সেইসমূহ জব্দ কৰি আইনী ব‍্যৱস্থা গ্ৰহণ কৰিছে ।

বঙাইগাঁৱৰ পদপথৰ ব্যৱসায়ীক ঋণ প্ৰদান ভাৰতীয় ষ্টেট বেংকৰ

পি এম ষ্ট্ৰীট ভেনদৰ্ছ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে সহায়ৰ হাত আগবঢ়াইছে কেন্দ্ৰ চৰকাৰে ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা এই আঁচনিৰ জৰিয়তে পদপথৰ ব্যৱসায়ীসকলে লাভ কৰিব পাৰিব ঋণ ৷ তাৰেই পৰিপ্ৰেক্ষিতত বুধবাৰে ভাৰতীয় ষ্টেট বেংকৰ বঙাইগাঁওস্থিত ক্ষেত্ৰীয় কাৰ্যালয়ৰ তৰফৰ পৰা বঙাইগাঁৱৰ পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত ঋণ প্ৰদান কৰা হয় ৷

চৰকাৰী পক্ষৰ অৱহেলাত উপেক্ষিত শিলচাং প্ৰত্নতাত্বিক স্থান

ৰজা দিনীয়া প্ৰাচীন শিলৰ চাং উপ্ৰেক্ষিত মৰিগাঁৱত । সংৰক্ষণ অভাৱত হাবি-বননিৰে আৱৰি ধৰিছে মৰিগাঁৱৰ ঐতিহাসিক শিল চাঙৰ শিলচাং সমূহ ।

বিটিআৰ চুক্তি সন্দৰ্ভত চিৰাঙত বিস্ফোৰক মন্তব্য এবিএমছুৰ

বিটিআৰ চুক্তি সন্দৰ্ভত চিৰাঙত বিস্ফোৰক মন্তব্য সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা(এবিএমছু)ৰ সাধাৰণ সম্পাদক টাইচন হুচেইনৰ ৷ বিটিআৰ চুক্তি ৰূপায়ন আৰু বিটিচি নিৰ্বাচনক শাসকপক্ষই একাকাৰ কৰি ৰাইজক বিভ্ৰান্তিৰে ভোট আদায়ৰ নিকৃষ্ট ৰাজনীতি কৰি আছে ৷ বিটিআৰ চুক্তিৰ ৭.২ নং দফা মতে জনজাতীয় লোকৰ বাহিৰে আন লোকক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে । এই অৱস্থাত দীৰ্ঘ দিনৰ পৰা বসবাস কৰি অহা লোক সকল ভূমিহীন হ'ব ৷ হাগ্ৰামা মহিলাৰীৰ লগতে প্ৰমোদ বড়োকো কটাক্ষ কৰে ছাত্ৰ নেতাজনে ৷

ETV Bharat Exclusive : পৰ্যটকক আদৰিবলৈ সাজু তেজপুৰৰ নদী পৰ্যটন

পৰ্যটকক আদৰিবলৈ সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ ইয়াৰ সমান্তৰালভাৱে পৰ্যটকক আদৰিবলৈ সাজু তেজপুৰ ভোমোৰাগুৰিৰ নদী পৰ্যটনো । ব্ৰহ্মপুত্ৰ বুকুৰ মাজেৰে এতিয়াৰে পৰা পৰ্যটকে প্ৰত্যক্ষ কৰিব পাৰিব ৰিভাৰ ডলফিন, শিলঘাত বুঢ়াচাপৰি আৰু তেজপুৰৰ প্ৰাকৃতিক সৌন্দৰ্যও ৷

ঐতিহাসিক আউনীআটী সত্ৰত 5 দিনীয়া পালনাম মহোৎসৱ

বুধবাৰৰ পৰা 5 দিনীয়াকৈ মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত পালনাম মহোৎসৱ আৰম্ভ ৷ সম্পূৰ্ণ ক’ভিডৰ নীতি-নিয়ম মানি পালন কৰা হ’ব এই পালনাম মহোৎসৱটি ৷

দেৱালত জিলিকিছে পাপন-জুবিন

নগাঁৱৰ দেৱালত জিলিকিছে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন-পাপন । ৰাজহুৱা স্থান পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত এক জন সচেতনতা অনাৰ প্ৰয়াসৰে হাতত ৰং-তুলিকা তুলি লৈছে নগাঁৱৰ ৰাইদিঙীয়া মৃদুপৱন বৰা নামৰ যুৱকজনে ।

চিৰাঙত পুতি থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমাণৰ সজীৱ গুলি

চিৰাং আৰক্ষী আৰু চিআৰপিএফৰ যৌথ অভিযানত ভাৰত-ভূটান সীমান্তত পুতি থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমানৰ সজীৱ গুলি। এই গুলি সমূহ জিলাখনত কিছুদিনৰ পুৰ্বলৈকে সক্ৰিয় হৈ থকা উগ্ৰপন্থী সংগঠন সমূহৰ হ'ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

লগতে পঢ়ক : দিনটোৰ শীৰ্ষ দহটা বাতৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.