ETV Bharat / bharat

কৰ’ণা ভাইৰাছত আক্ৰান্ত আইআইটি ৰুড়কীৰ 88 গৰাকী শিক্ষাৰ্থী

author img

By

Published : Apr 8, 2021, 4:02 PM IST

Updated : Apr 8, 2021, 4:55 PM IST

দেশত পুনৰ বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা, বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী, শিক্ষক, কৰ্মচাৰীও হৈছে আক্ৰান্ত ৷ শেহতীয়াকৈ, উত্তৰাখণ্ডৰ হৰিদ্বাৰস্থিত আইআইটি ৰুড়কীৰ প্ৰায় 88 গৰাকী শিক্ষাৰ্থী কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে ৷

88-students-of-iit-roorkee-test-covid-positive
কৰোনাভাইৰাছ আক্ৰান্ত আই.আই.টি.ৰুৰকীৰ 88 গৰাকী শিক্ষাৰ্থী

নেশ্যনেল ডেস্ক,8 এপ্ৰিল: উত্তৰাখণ্ডৰ হৰিদ্বাৰস্থিত আইআইটি ৰুড়কীৰ প্ৰায় 88 গৰাকী শিক্ষাৰ্থী কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ প্ৰতিষ্ঠানটোৰ এগৰাকী প্ৰশাসনিক বিষয়াই বৃহস্পতিবাৰে সদৰী কৰিলে এই তথ্য ৷ প্ৰতিষ্ঠানটোৰ মুখপাত্ৰ ছোনিকা শ্ৰীবাস্তৱে কয় যে, চৌহদৰ ভিতৰত থকা গংগা হোষ্টেলখনক অস্থায়ীভাৱে ক’ভিড কেয়াৰ চেণ্টাৰলৈ ৰূপান্তৰিত কৰি আটাই কেইগৰাকী শিক্ষাৰ্থীক সেই স্থানত ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷

এই শিক্ষাৰ্থীসকলক হৰিদ্বাৰৰ এদল চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছে বুলি কয় শ্ৰীবাস্তৱে ৷ তেখেতে জানিব দিয়ে যে, প্ৰতিষ্ঠানটোৰ প্ৰায় পাঁচটা হোষ্টেল বন্ধ ৰখা হৈছে ৷ কিন্তু অনলাইন পাঠদানত কোনো ব্যাঘাত হোৱা নাই ৷ প্ৰতিষ্ঠানটোৱে ৰাজ্য চৰকাৰৰ সকলো ক’ভিড-19 ৰ নিৰ্দেশনা কঠোৰভাৱে পালন কৰি আছে ৷

উল্লেখযোগ্য যে, বুধবাৰ পৰ্যন্ত উত্তৰাখণ্ডত 1,109 গৰাকী লোক নতুনকৈ ক’ভিড-19 ত আক্ৰান্ত হৈছে ৷ সামগ্ৰিকভাৱে উত্তৰাখণ্ডত 1,04,711 গৰাকী লোক ক’ভিড-19 আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: হোজাই জিলাত অব্যাহত কৰ'ণাৰ টীকাকৰণ প্ৰক্ৰিয়া

Last Updated : Apr 8, 2021, 4:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.