ETV Bharat / bharat

Tokyo olympic ত ক’ত কেনেকৈ জিলিকিব উত্তৰ-পূৱৰ খেলুৱৈ

author img

By

Published : Jul 17, 2021, 9:45 PM IST

Updated : Jul 18, 2021, 6:09 AM IST

23 জুলাইৰ পৰা 8 আগষ্টলৈকে সমগ্ৰ বিশ্বৰ ক্ৰীড়া অনুৰাগীসকল আক্ৰান্ত হ’ব অলিম্পিক জ্বৰত ৷ জাপানৰ টকিঅ’ চহৰত অনুষ্ঠিত হ’বলগীয়া এইবাৰৰ অলিম্পিকত দেশবাসীৰ লগতে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সাজু হৈছে উত্তৰ-পূৱ ভাৰতৰ আঠগৰাকী খেলুৱৈ ৷

8 players from North east india to shine in tokyo olympic
Tokyo olympicত ক’ত কেনেকৈ জিলিকিব উত্তৰ পূৱৰ খেলুৱৈ

স্প’ৰ্টছ ডেস্ক, 17 জুলাই : সমগ্ৰ বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু টকিঅ’ অলিম্পিক(Tokyo olympic) লৈ মাজত মাথো কেইটামান দিন ৷ 23 জুলাইৰ পৰা আৰম্ভ হৈ 8 আগষ্টত খেলসমূহৰ সামৰণি পৰালৈকে অলিম্পিক জ্বৰত আক্ৰান্ত হ’ব সমগ্ৰ বিশ্বৰ ক্ৰীড়া অনুৰাগীসকল ৷ বিশ্বৰ আন দেশসমূহৰ লগতে ভাৰতৰ 119 গৰাকী খেলুৱৈয়ে মুঠ 85 টা মেডেলৰ ইভেণ্টৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব ৷ এইবাৰৰ ভাৰতীয় দলটোত উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সৰ্বমুঠ 8 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ৷

উত্তৰ-পূৱ ভাৰতৰ পৰা ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা এই 8 গৰাকী খেলুৱৈ হৈছে- বক্সাৰ লাভলীনা বৰগোঁহাই(boxer Lovlina Borgohain), আৰ্চাৰীত তৰুণদীপ ৰায়, বক্সাৰ এম চি মেৰীকম, মহিলা হকী খেলুৱৈ সুশীলা চানু, লাল ৰেমচিয়ামী, পুৰুষৰ হকী দলৰ খেলুৱৈ সংকল্পম নীলকান্ত, জুডোত সুশীলা লিকমাবাম আৰু ওৱেইট লিফ্টিঙত চাইখম মিৰাবাই চানু ৷ ইয়াৰে বক্সাৰ লাভলীনা বৰগোঁহাই অসমৰ গোলাঘাট জিলাৰ জীয়ৰী ৷ বাকী কেইজন ক্ৰমে ছিকিম, মণিপুৰ আৰু মিজোৰামৰ সন্তান ৷

8-players-from-north-east-india-to-shine-in-tokyo-olympic
বক্সাৰ লাভলিনা বৰগোঁহাই

পুৰুষৰ হকী দলৰ খেলুৱৈ মণিপুৰৰ সংকল্পম নীলকান্তই ইতিমধ্যে ভাৰতীয় দলটোত এজন মিডফিল্ডাৰ হিচাপে নিজৰ স্থান সুদৃঢ় কৰিছে ৷

মণিপুৰৰে 26 বৰ্ষীয় ওৱেইট লিফ্টিং তাৰকা চাইখম মিৰাবাই চানু কমনৱেলথ​ গেমছ(Common wealth games)ত ভাৰতৰ হৈ স্বৰ্ণ পদক অৰ্জন কৰাৰ অভিজ্ঞতা সম্পন্ন এগৰাকী খেলুৱৈ ৷ 2004 চনতে পোনপ্ৰথমবাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰা ছিকিমৰ তৰুণদ্বীপ ৰায় কেইবাটাও বিশ্ব চেম্পিয়নশ্বিপ তথা এছিয়ান গেমছৰ খিতাপৰ সৈতে টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ খেলি পদক কঢ়িয়াই আনিব পৰা এগৰাকী অন্যতম খেলুৱৈ ৷ অলিম্পিকত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ লাভলীনা বৰগোঁহাইয়ে ইতিমধ্যে আইবা বক্সিং চেম্পিয়নশ্বিপ(AIBA Boxing Championships) ৰ লগতে এছিয়া বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ মেডেল দখলৰ অভিজ্ঞতা সম্পন্ন ৷

মহিলা বক্সিঙৰ ছয়বাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰীকমৰ হয়তো আন চিনাকীৰ প্ৰয়োজনীয়তা নাই ৷ ভাৰতীয় মহিলা হকী দলৰ প্ৰাক্তন অধিনায়ক সুশীলা চানু এইবাৰৰ ভাৰতীয় দলটোৰ সবাতোকৈ অভিজ্ঞ খেলুৱৈ ৷ তেওঁৰ লগতে মিজোৰামৰ লাল ৰেমচিয়ামী মহিলা হকীদলৰ এগৰাকী উদীয়মান তাৰকা হোৱাৰ লগতে দলটোৰ এগৰাকী তীব্ৰ সম্ভাৱনাপূৰ্ণ খেলুৱৈ ৷ জুডো খেলুৱৈ সুশীলা লিকমাবামে ইতিমধ্যে 2014 চনৰ কমনৱেলথ​ গেমছত ভাৰতৰ হৈ ৰূপৰ পদক অৰ্জন কৰিছে ৷

লগতে পঢ়ক : আইন ভংগকাৰীৰ পৰা জৰিমনা সংগ্ৰহ বাগৰি আৰক্ষীৰ

Last Updated : Jul 18, 2021, 6:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.