ETV Bharat / bharat

ত্ৰিপুৰাত পৌৰ নিগমৰ নিৰ্বাচনত যুঁজিবলৈ সাজু ৭৮৫ গৰাকী প্ৰাৰ্থী - মেলাঘৰ পৌৰ পৰিষদ

২৫ নৱেম্বৰত ত্ৰিপুৰাত অনুষ্ঠিত হ'ব পৌৰ নিগমৰ নিৰ্বাচন । নিৰ্বাচনী যুঁজত নামিব মুঠ ৭৮৫ গৰাকী প্ৰাৰ্থী । প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলৰ ৩৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিলে মনোনয়ন পত্ৰ ।

Urban local bodies election in Tripura
ত্ৰিপুৰাত পৌৰ নিকায় নিৰ্বাচনত যুঁজিবলৈ সাজু ৭৮৫ জন প্ৰাৰ্থী
author img

By

Published : Nov 9, 2021, 10:29 AM IST

নেশ্যনেল ডেস্ক, ৯ নৱেম্বৰ : বিগত কিছুদিন ধৰি ৰাজনৈতিক হিংসাৰ পৰিপ্ৰেক্ষিতত ত্ৰিপুৰাত অশান্ত পৰিৱেশ বিৰাজ কৰিছে । এনে পৰিস্থিতিৰ মাজতে ২৫ নৱেম্বৰত ত্ৰিপুৰাত পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলৰ মুঠ ৩৬ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিলে ।

চিপিআইএমৰ ১৫ গৰাকী, অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকৰ ২ গৰাকী, ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৮ গৰাকী, তৃণমূল কংগ্ৰেছৰ ৪ গৰাকী আৰু ৭ গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে ৷ এই প্ৰত্যাহাৰৰ পিছতে ৭৮৫ গৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাতো নিশ্চিত হয় ।

চিপিআইএমৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা মুঠ ১৭ খন আসনৰ ভিতৰত ধৰ্মনগৰ পৌৰ পৰিষদৰ ৫ খন, খোৱাই পৌৰ পৰিষদৰ ৪ খন, আগৰতলা পৌৰ নিগমৰ ৫ খন, মেলাঘৰ পৌৰ পৰিষদৰ ৩ খন আসনৰ পৰা মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে । বিজেপিৰ বিৰুদ্ধে দলটোৱে মুঠ ২১৪ গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল ।

চিপিআইএমৰ ৰাজ্যিক সম্পাদক জিতেন্দ্ৰ চৌধুৰীয়ে অভিযোগ উত্থাপন কৰে যে, মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছৰে পৰা শাসকীয় দল বিজেপিয়ে চিপিআইএম প্ৰাৰ্থীসকলক মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰি আহিছে । তেওঁ লগতে কয় যে, ৰাজ্যৰ ভিন্ন প্ৰান্তত বিৰোধী দলৰ প্ৰাৰ্থীৰ ওপৰত আক্ৰমণ কৰা হৈছে ৷ ইয়াৰ পাচতো বিজেপিয়ে কয় যে ৰাজ্যখনত মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব ।

প্ৰাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ ওপৰত চলা বৰ্বৰ আক্ৰমণৰ ঘটনাক চিপিআইএমে গৰিহণা দি আহিছে আৰু নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে যুঁজ দিব বুলি জিতেন্দ্ৰ চৌধুৰীয়ে মন্তব্য কৰে । আনকি তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱেও জিতেন্দ্ৰ চৌধুৰীৰ দৰে একেধৰণৰ মন্তব্য কৰে । নিৰ্বাচনত বিজেপিয়ে ৩৩৪ খন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব আৰু চিপিআইএম নেতৃত্বাধীন বাওঁমৰ্চাই ২০৮ খন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ।

এই আসনকেইখনৰ ভিতৰত ছখনত চিপিআইৰ, দুখনত আৰএছপিৰ আৰু তিনিখনত অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকৰ আৰু বাকী কেইখনত চিপিআইএমৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব । তৃণমূল কংগ্ৰেছে ১২০ খন আসনৰ পৰা আৰু কংগ্ৰেছে ৯২ খন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৷ আগৰতলা পৌৰ নিগমৰ ৪৬ খন আসনৰ পৰা বাওঁমৰ্চাই প্ৰতিদ্বন্দ্বিতা কৰিব ৷ তৃণমূল কংগ্ৰেছ আৰু বিজেপিয়ে ৫১ খন আৰু কংগ্ৰেছে ৩৩ খন আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ।

লগতে পঢ়ক: দক্ষিণ কাশ্মীৰত ২ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.