ETV Bharat / bharat

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - সাংসদ প্ৰজ্ঞা ঠাকুৰ

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি...

7 pm top ten news
7 pm top ten news
author img

By

Published : Dec 20, 2020, 7:03 PM IST

সাংসদ প্ৰজ্ঞা ঠাকুৰক এইমছত ভৰ্তি

ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ সাধ্বী প্ৰজ্ঞাৰ স্বাস্থ্যৰ অৱনতি ঘটাত শুকুৰবাৰে দিল্লীলৈ প্ৰেৰণ কৰা হয় ৷ সাংসদগৰাকীৰ ক’ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ আহে যদিও শ্বাস-প্ৰশ্বাসত পোৱা কষ্টৰ বাবে ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ যাৰ বাবে সাংসদগৰাকীয়ে শনিবাৰে মুম্বাইৰ নিয়াৰ বিশেষ আদালতত উপস্থিত হ’ব নোৱাৰিলে ৷

নলবাৰীত ৭৩ কোটি টকাৰ চেক বিলালে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

নলবাৰী জিলাৰ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মহিলাৰ এখন বিশাল সভা অনুষ্ঠিত হয় ৷ সভাত অসম ৰাজ্যিক গ্ৰামীণ অভিযানৰ উদ্যোগত আত্মসহায়ক গোটৰ মাজত বেংকৰ ঋণ প্ৰদান কৰা হয় ৷

আজাৰাত অগপৰ বিশাল জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত

অসম গণ পৰিষদ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত দেওবাৰে আজাৰাত জাতীয় ঐক্য সমাৰোহৰ আয়োজন ৷ এই ঐক্য সমৰোহত উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত,সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য,পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰামেন্দ্ৰ নাৰায়ণ কলিতাৰ লগতে কল্পনা পাটোৱাৰী ।

সেনাই উদ্ধাৰ কৰিলে বৰফত পোত যোৱা বাহন

জম্মু-কাশ্মীৰৰ বন্দীপোৰা এলেকাত দুখনকৈ বাহন বৰফত পোত যোৱাৰ পিছত বাহন দুখন উদ্ধাৰৰ বাবে উপস্থিত হৈছে সেনাৰ জোৱান ৷ সেনা জোৱানসকলে যাত্ৰীসকলক সুকলমে উদ্ধাৰ কৰে ৷ বন্দীপোৰাৰ পৰা গুৰেজ অভিমুখে যাত্ৰা কৰিছিল বাহন দুখনে ৷ বছৰৰ প্ৰথমটো তুষাৰপাতৰ পিছতে কাশ্মীৰক এখনি শুভ্ৰ চাদৰেৰে ঢাকি থোৱাৰ দৰে দেখা গৈছে ৷ ইয়াকে কেন্দ্ৰ কৰি স্থানীয় লোকৰ লগতে পৰ্যটকৰ মাজত আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে ৷

চাৰি কুৰিৰো অধিক ৰাজপথৰ কুকুৰক খাদ্য় বিতৰণ কৰা এগৰাকী মহিলা

ৰাজপথৰ কুকুৰবোৰক যত্ন লোৱা এগৰাকী মহিলা ৷ বিগত 5-6 বছৰৰ ধৰি পুৱা গধূলি পথৰ কুকুৰবোৰক খাদ্য় বিতৰণ কৰাৰ লগতে বেমাৰ আজাৰ হলে যত্নও লৈ আহিছে ৷ বৰ্তমান মানুহে এটা কুকুৰ কিনিবলৈ লাখ টকা পৰ্যন্ত খৰচ কৰাৰ বিপৰীতে এই গৰাকী মহিলাই পথৰ কাষৰ কুকুৰবোৰক যত্ন কৰি আহিছে ৷

পথ নিৰ্মাণকাৰী মহিলা শ্ৰমিকক শাৰিৰীকভাৱে প্ৰহাৰ শিক্ষকৰ

নিজৰ ঘৰত থাকি দুবেলা দুমুঠি খাবলৈ পালে কোনো ঘৰৰ কোনো মহিলাই পথ নিৰ্মাণ কৰা শ্ৰমিকৰ দৰে কাম নকৰিলেহেতেন । হয়তো আপোনাৰ ঘৰৰ মহিলাক ৰাজপথত শ্ৰমিক হিচাপে নিয়োগ নকৰে ।

বিজেপি চৰকাৰ বিৰুদ্ধে সৰৱ কমলাক্ষ দে’ পুৰকায়স্থ

কৰিমগঞ্জ চহৰত অনুষ্ঠিত হ’ব লগীয়া ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ কাৰণে চহৰত ই-ৰিক্সা চলাচল বন্ধ কৰাৰ বিৰুদ্ধে সৰব হোৱা দেখা গৈছে কমলাক্ষ দে’ পুৰকায়স্থ ।

বঙাইগাঁৱত ৰাইজৰ দলৰ জিলা সমিতি গঠন

দেওবাৰে বঙাইগাঁৱত জিলা সমিতি গঠন কৰে নতুন আঞ্চলিক দল ৰাইজৰ দলে ৷ বঙাইগাঁও চহৰৰ বীৰঝৰা ৰাজহুৱা পুথিভঁৰাল অনুষ্ঠিত অনুষ্ঠানত দেওবাৰে শতাধিক লোকে ৰাইজৰ দলত যোগদান কৰে ৷

কলিয়াবৰত বিসংগতিৰে পথ নিৰ্মাণ লোকনিৰ্মাণ বিভাগৰ

লোকনিৰ্মাণ বিভাগৰ কাম-কাজত অসন্তুষ্টি প্ৰকাশ কৰিছে কলিয়াবৰৰ ৰাইজে ৷ নিজ কলিয়াবৰ-শিৱস্থান পথৰ নিৰ্মাণৰ কামত নানা বিসংগতি সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

ক’ত সন্ধানহীন হৈছে ডিমা হাছাওৰ একাংশ যুৱক

ডিমা হাছাও জিলাৰ পৰা বহু যুৱক সন্ধানহীন হৈছে ৷ সন্ধানহীন হোৱা বহু যুৱক উগ্ৰপন্থী সংগঠনত যোগদান কৰাৰ সম্ভাৱনা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.