ETV Bharat / bharat

কৰ্ণাটকত ক’ভিডৰ নতুন ষ্ট্ৰেইনত আক্ৰান্ত ৭ গৰাকী

স্বাস্থ্য়মন্ত্ৰী কে সুধাকৰে বুধবাৰে সংবাদমাধ্য়মক জনোৱা মতে ব্ৰিটেইনৰ পৰা কৰ্ণাটকলৈ অহা ৭ জন ব্য়ক্তিৰ দেহত কৰ'ণাৰ নতুন সংস্কৰণ ধৰা পৰিছে ।

কৰ্ণাটকত কৰ'ণাৰ নতুন ষ্ট্ৰেইনত আক্ৰান্ত ৭ গৰাকী

author img

By

Published : Dec 30, 2020, 2:48 PM IST

নেশ্যনেল ডেস্ক , ৩০ ডিচেম্বৰ : তেলেংগাৰ পিছত এইবাৰ কৰ্ণাটক ৰাজ্য়তো কৰ'ণাৰ নতুন সংস্কৰণকলৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য়ৰ । ৰাজ্য়খনৰ স্বাস্থ্য়মন্ত্ৰী কে সুধাকৰে বুধবাৰে সংবাদমাধ্য়মক জনোৱা মতে ব্ৰিটেইনৰ পৰা ৰাজ্য়খনলৈ অহা ৭ জন ব্য়ক্তিৰ দেহত কৰ'ণাৰ নতুন সংস্কৰণ ধৰা পৰিছে । কৰ'ণাত আক্ৰান্ত ২৬ গৰাকী লোকৰ নমুনা পৰীক্ষণৰ বাবে বেংগালুৰু NIMHANS লৈ পঠিওৱা হৈছিল আৰু তাতে ব্ৰিটেইনৰ পৰা অহা ৭ জনৰ তাত পোৱা গৈছে কৰ'ণাৰ এই নতুন ষ্ট্ৰেইন ।

উল্লেখ্য যে, শেহতীয়াকৈ ব্ৰিটেইনৰ পৰা ভাৰতলৈ অহা ১,৬১৪ গৰাকী লোকৰ ভিতৰত নমুনা পৰীক্ষণৰ বাবে পঠিওৱা এই ২৬ গৰাকীও আছিল । স্বাস্থ্য়মন্ত্ৰী গৰাকীয়ে সংবাদমাধ্য়মক জনোৱা মতে কৰ'ণাৰ নতুন ষ্ট্ৰেইন ধৰা পৰা সকলৰ ৩ জনক বেংগালুৰু আৰু বাকী ৪ জনক শিবামোগ্গাৰ হাস্পতালত ৰখা হৈছে আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা ৪৬ গৰাকী লোক কোৱাৰেন্টিনত আছে ।

ভাৰতত এতিয়ালৈ ব্ৰিটেইনৰ পৰা অহা কৰ'ণাৰ নতুন ষ্ট্ৰেইনত আক্ৰান্ত হৈছে ২০ গৰাকী লোক যাৰ বাবে স্বাস্থ্য়মন্ত্ৰী গৰাকীয়ে ৰাইজক কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ঘোষণা কৰা নতুন নীতি নিৰ্দেশনা পালন কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক :অহা ৭ জানুৱাৰীলৈকৈ ইংলেণ্ডৰ পৰা ভাৰতলৈ বিমান পৰিবহণ নিষিদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.