নেশ্যনেল ডেস্ক , ৯ ছেপ্টেম্বৰ : কৰ'ণাৰ (Corona) সমান্তৰালকৈ এইবাৰ কেৰালাত নিপা ভাইৰাছৰ (Nipah Virus) সন্ত্ৰাস । কিছুদিন পূৰ্বে এই ভাইৰাছৰ ফলত মৃত্যু হৈছিল ১২ বছৰীয়া এজন কিশোৰৰ । ইয়াৰ পাচতে কেৰালাৰ স্বাস্থ্য বিভাগ যথেষ্ট সষ্টম হৈ পৰিছে ।
মৃত কিশোৰৰ সংস্পৰ্শলৈ অহা সকলোৰে নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে । অৱশ্যে এতিয়ালৈ তেওঁলোকৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে । শেহতীয়াকৈ কিশোৰজনৰ সংস্পৰ্শলৈ অহা ১৫ গৰাকীৰ নমুনা সংগ্ৰহ কৰা হৈছিল আৰু তেওঁলোকৰ নমুনাৰ ফলাফলো নিগেটিভ পোৱা গৈছে ।
বৃহস্পতিবাৰে কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে কয় যে নিপাত মৃত্যু হোৱা ১২ বছৰীয়া শিশুটিৰ সৈতে ঘনিষ্ঠ সংস্পৰ্শলৈ অহা ৬১ গৰাকী লোকৰ পৰীক্ষাৰ ফলাফল এতিয়ালৈকে নিগেটিভ পোৱা গৈছে । তেওঁ লগতে কয় যে, প্ৰতিদিনে অধিক নমুনা পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু বৰ্তমান ৬৪ গৰাকী ব্যক্তি কোজিকোড চিকিৎসা মহাবিদ্যালয়ত পৰ্যবেক্ষণত আছে আৰু তেওঁলোকৰ স্বাস্থ্য সম্প্ৰতি সুস্থিৰ ৷
লগতে পঢ়ক :Nipah Virusৰ সংক্ৰমণৰ উৎস বিচাৰি তৎপৰ কেৰালা