নিউজ ডেস্ক,১৯ ফেব্ৰুৱাৰী: শেহতীয়াকৈ মিজোৰামত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা কমি আহিছিল যদিও ১৮ ফেব্ৰুৱাৰীৰ দিনটোত পুনৰ ৬ জন লোক আক্ৰান্ত হয় কৰ'ণাত । ৰেপিড এন্টিজেনৰ দ্বাৰা পৰীক্ষা কৰা ৯৬৮ টা নমুনাৰ ভিতৰত ছয়জনৰ দেহত ক'ভিড-১৯ৰ অৱস্থিতি ধৰা পৰে । আক্ৰান্তসকলৰ ভিতৰত ৪ গৰাকী মহিলা আৰু ২গৰাকী পুৰুষ । আটাইকেইগৰাকীৰে বয়স ১৫ ৰ পৰা ২৫ বছৰৰ ভিতৰত । আনহাতে আক্ৰান্ত কেইগৰাকীৰ দেহত ভাইৰাছৰ কোনো লক্ষণ নাছিল বুলি জানিব পৰা গৈছে ।
![মিজোৰামত ১৮ ফেব্ৰুৱাৰীত পুনৰ ৬ গৰাকী আক্ৰান্ত কৰ'ণাত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6newcovid-19positivesdetectedonfebruary182021_19022021182019_1902f_1613739019_270.jpg)
সমান্তৰালকৈ ৰাজ্যখনৰ জোৰাম চিকিৎসালয় মহাবিদ্যালয়ত RT-PCRত সংগ্ৰহ কৰা ২০ টা নমুনা আৰু বিভিন্ন প্ৰান্তত ট্ৰুনেট পৰীক্ষাগাৰত ৩৫ টা নমুনাৰ সংগ্ৰহ কৰা হৈছিল যদিও সকলোৰে নিগেটিভ ফলাফল পোৱা গৈছে ৷ ১৮ ফেব্ৰুৱাৰীৰ দিনটোত ৰাজ্যখনত মুঠ ১০২৩ টা নমুনা পৰীক্ষা কৰা হয় য'ত আক্ৰান্তৰ হাৰ ০.৫৮ শতাংশ ।
উল্লেখ যে, ৰাজ্যখনত ক’ৰণাত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ৪৪০৫ গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৪৩৭২ গৰাকীয়ে আৰোগ্য লাভ কৰিছে ৷ এই মহামাৰীৰ ফলত ৰাজ্যখনত দহ গৰাকী লোকে মৃত্যুক আকোঁৱালি ল’ব লগা হৈছে ৷ সম্প্ৰতি ৰাজ্যখনত ২৩ গৰাকীকৈ লোক ক’ভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক:ক'ভিশ্বিল্ড প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা জাৰি