ETV Bharat / bharat

ত্ৰিপুৰাক প্ৰয়োজন ৬.২৫ লাখৰো অধিক প্ৰতিষেধক - Covid 19

সমগ্ৰ দেশৰ লগতে ত্ৰিপুৰাতো(Tripura) পূৰ্ণগতিত চলিছে টীকাকৰণ অভিযান । কিন্তু ৰাজ্যখনত টীকাকৰণ অভিযান সম্পূৰ্ণ কৰিবলৈ এতিয়াও প্ৰতিষেধকৰ ৬.২৫ লাখৰো অধিক পালিৰ প্ৰয়োজন । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)ৰ সৈতে মঙলবাৰে বৈঠকত মিলিত হোৱাৰ সময়ত প্ৰয়োজনীয় প্ৰতিষেধকৰ পালিখিনি শীঘ্ৰে যোগান ধৰিবলৈ আহ্বান জনোৱা হৈছে বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে(Chief Minister Biplab Kumar Deb) ।

6 lakh 25 thousand more vaccine doses required to make Tripura fully vaccinated
ত্ৰিপুৰাক প্ৰতিষেধকৰ ৬.২৫ লাখৰো অধিক পালি প্ৰয়োজন
author img

By

Published : Jul 15, 2021, 11:29 AM IST

নেশ্যনেল ডেস্ক, ১৫ জুলাই: টীকাকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে সম্পন্ন কৰিবলৈ ত্ৰিপুৰাক এতিয়াও ক'ভিড-১৯ প্ৰতিষেধকৰ লক্ষাধিক পালিৰ প্ৰয়োজন । বুধবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে(Chief Minister Biplab Kumar Deb) জনোৱা মতে, ত্ৰিপুৰাৰ প্ৰতিগৰাকী লোকৰ টীকাকৰণ নিশ্চিত কৰিবলৈ প্ৰতিষেধকৰ ৬.২৫ লাখৰো অধিক পালিৰ প্ৰয়োজন হ'ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)ৰ সৈতে মঙলবাৰে বৈঠকত মিলিত হোৱাৰ সময়ত প্ৰয়োজনীয় প্ৰতিষেধকৰ পালিখিনি শীঘ্ৰে যোগান ধৰিবলৈ আহ্বান জনোৱা হোৱা বুলি সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । প্ৰয়োজনীয় পালি কেন্দ্ৰই প্ৰেৰণ কৰাৰ পাছতে প্ৰতিষেধক প্ৰদান কৰা হ'ব ৷

ৰাজ্যখনে টীকাকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাত গুৰুত্ব আৰোপ কৰিছে । বুধবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰি কয় যে, ক'ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিবলৈ সকলোৱে একে মানসিকতাৰে একে পথতে আগুৱাব লাগিব । ক'ভিড সম্পৰ্কীয় নিৰ্দেশনাবোৰ সকলোৱে পালন কৰিব লাগিব ।

সকলোৱে দূৰত্ব বৰ্তাই ৰাখিব লাগিব ৷ লগতে অপ্ৰয়োজনীয়ভাৱে কোনো স্থানতে যাতে অধিক লোক একত্ৰিত নহয়, সেয়া নিশ্চিত কৰিব লাগিব । ক'ভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰি আছে ।

স্বাস্থ্য কৰ্মীসকলেও এই ভয়াৱহ পৰিস্থিতিৰ মাজত নিজৰ জীৱন তুচ্ছ কৰি দিনে-ৰাতিয়ে ৰোগীক সেৱা আগবঢ়াইছে । উল্লেখ্য যে, বিগত কিছুদিন পূ্ৰ্বে নৱনিযুক্ত ৰাজ্যপাল সত্যদেৱ নাৰায়ণ আৰ্যই ত্ৰিপুৰাৰ ১৯ সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে ৷ নতুন ৰাজ্যপাল সন্দৰ্ভত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কয় যে, ত্ৰিপুৰাৰ নৱনিযুক্ত ৰাজ্যপালগৰাকীয়ে পূৰ্বৰ ৰাজ্যপালসকলৰ দৰেই ৰাজ্যিক বিষয়ত সহযোগ কৰিব বুলি তেওঁ আশা কৰিছে ।

মহামাৰীসৃষ্ট পৰিস্থিতিৰ মাজতো ত্ৰিপুৰাত অনলাইনযোগে নিবনুৱা যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে বুলি মুখ্যমন্ত্ৰী দেৱে জানিবলৈ দিয়ে । চাকৰিৰ আশাত বহি নাথাকি যাতে নিজাববীয়াকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে, তাৰ বাবে চৰকাৰে যুৱক-যুৱতীসকলক উৎসাহ যোগাইছে । ৰাজ্যখনৰ যুৱক-যুৱতীসকল প্ৰশিক্ষণ গ্ৰহণৰ বাবে আগবাঢ়ি অহাত মুখ্যমন্ত্ৰীগৰাকীয়ে সন্তোষ ব্যক্ত কৰে ৷

লগতে পঢ়ক: অসমৰ গো-সংৰক্ষণ বিধেয়কে উত্তৰ-পূৱত আশাহত কৰিব নেকি বিজেপিক ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.