ETV Bharat / bharat

পাকিস্তানত বন্দী ভাৰতৰ ৫৫৮ গৰাকী মাছমৰীয়া

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা বিবৃতি অনুসৰি চৰকাৰে পাকিস্তানৰ জিম্মাত বন্দী হৈ থকা ভাৰতৰ সাধাৰণ নাগৰিক, সন্ধানহীন ভাৰতীয় প্ৰতিৰক্ষা কৰ্মী আৰু মাছমৰীয়াসকলক তেওঁলোকৰ নাৱৰ সৈতে সোনকালে মুকলি আৰু প্ৰত্যাৱৰ্তন কৰিবলৈ আহ্বান জনাইছে ।

India Pakistan exchange
পাকিস্তানত বন্দী ভাৰতৰ ৫১ গৰাকী সাধাৰণ নাগৰিকসহ ৫৫৮ মাছমৰীয়া
author img

By

Published : Jul 1, 2021, 6:56 PM IST

নেশ্যনেল ডেস্ক, 1 জুলাই : ভাৰত আৰু পাকিস্তানে বৃহস্পতিবাৰে নতুন দিল্লী আৰু ইছলামাবাদত কূটনৈতিক বিশেষ মাধ্যমৰ জৰিয়তে তেওঁলোকৰ জিম্মাত থকা সাধাৰণ নাগৰিক আৰু মাছমৰীয়াসকলৰ তালিকা দাখিল কৰে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সদৰী কৰা মতে, এইটো ২০০৮ চনৰ এক চুক্তি অনুসৰি প্ৰতিবছৰে ১ জানুৱাৰী আৰু ১ জুলাইত এনে তালিকা প্ৰদৰ্শন কৰে । ভাৰতে নিজৰ জিম্মাত থকা ২৭১ জন পাকিস্তানী অসামৰিক লোক আৰু ৭৪ জন মাছমৰীয়াৰ তালিকা পাকিস্তানক হস্তান্তৰ কৰে । একেদৰে পাকিস্তানেও তেওঁলোকৰ তাত বন্দী হৈ থকা ৫১ জন লোক আৰু ৫৫৮ জন মাছমৰীয়াৰ তালিকা ভাৰতক অৰ্পণ কৰে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা বিবৃতি অনুসৰি চৰকাৰে পাকিস্তানৰ জিম্মাৰ পৰা বন্দী হৈ থকা ভাৰতৰ সাধাৰণ নাগৰিক, সন্ধানহীন ভাৰতীয় প্ৰতিৰক্ষা কৰ্মী আৰু মাছমৰীয়াসকলক তেওঁলোকৰ নাৱৰ সৈতে সোনকালে মুকলি আৰু প্ৰত্যাৱৰ্তন কৰিবলৈ আহ্বান জনাইছে । এই সন্দৰ্ভত ভাৰতীয় বুলি নিশ্চিত হোৱা এজন ভাৰতীয় সাধাৰণ নাগৰিক আৰু ২৯৫ জন ভাৰতীয় মাছমৰীয়াক মুকলি আৰু প্ৰত্যাৱৰ্তন কৰিবলৈ পাকিস্তানক কোৱা হৈছে । তদুপৰি পাকিস্তানৰ জিম্মাত থকা ভাৰতীয় বুলি চিনাক্ত হোৱা আন ১৯৪ জন মাছমৰীয়া আৰু ১৭ জন অসামৰিক লোকক তাৎক্ষণিক কনচুলাৰ প্ৰৱেশাধিকাৰ (consular access) প্ৰদান কৰিবলৈ পাকিস্তানক কোৱা হৈছে ।

ইফালে ভাৰত চৰকাৰে পাকিস্তানক চিকিৎসা বিশেষজ্ঞৰ দলৰ সদস্যসকলক ভিছা প্ৰদান কৰিবলৈ আৰু পাকিস্তানৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা সন্দেহজনক ভাৰতীয় বন্দীসকলৰ মানসিক অৱস্থা মূল্যাংকন কৰিবলৈ বিশেষজ্ঞৰ দলৰ সদস্যসকলৰ পাকিস্তান ভ্ৰমণৰ সুবিধা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে ।

ইতিমধ্যে যুটীয়া ন্যায়িক সমিতিৰ পাকিস্তানলৈ আগতীয়া ভ্ৰমণৰ আয়োজন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা বিবৃতি মতে, ভাৰতে সকলো মানৱীয় বিষয়ত অগ্ৰাধিকাৰ দি দুয়োখন দেশৰ বন্দী আৰু মাছমৰীয়াৰ তথ্য প্ৰকাশ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে । আনহাতে পাকিস্তানৰ নাগৰিক হিচাপে নিশ্চিত হোৱাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাৰ বাবে মাছমৰীয়াসহ ৭৮ জন পাকিস্তানী বন্দীৰ ৰাষ্ট্ৰীয়তাৰ নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈও ভাৰতে আহ্বান জনাইছে পাকিস্তানক । বিবৃতিত উল্লেখ কৰা মতে, ক'ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত পাকিস্তানক সকলো বন্দী ভাৰতীয় আৰু মাছমৰীয়াসকলৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণ নিশ্চিত কৰিবলৈ পাকিস্তানক অনুৰোধ জনাইছে ভাৰত চৰকাৰে ।

লগতে পঢ়ক: জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ গুলীত ধৰাশায়ী ৩ সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.