ETV Bharat / bharat

ন্যায়িক জিম্মাত হোৱা মৃত্যুৰ বাবে 2018-21 বৰ্ষত 5,221 টা গোচৰ ৰুজু - deaths in judicial custody from 2018 to 21

ন্যায়িক জিম্মাত হোৱা মৃত্যুৰ বাবে 2018-21 বৰ্ষত 5,221 টা গোচৰ ৰুজু ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সদৰী কৰিছে এই তথ্য ৷ আৰক্ষী আৰু ন্যায়িক জিম্মাত হোৱা মৃত্যুৰ সন্দৰ্ভত গোচৰ ৰুজু কৰা তালিকাৰ শীৰ্ষত আছে উত্তৰ প্ৰদেশ ৷ উত্তৰ প্ৰদেশৰ পাচতে মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰত ৰুজু হৈছে সৰ্বাধিক গোচৰ ৷

5,221 cases registered for deaths in judicial custody from 2018-21: MHA

author img

By

Published : Aug 12, 2021, 7:59 AM IST

নেশ্যনেল ডেস্ক, 12 আগষ্ট : 2018 ৰ পৰা 2021 বৰ্ষৰ ভিতৰত আৰক্ষীৰ জিম্মাত(Police Custody) হোৱা মৃত্যুৰ সন্দৰ্ভত প্ৰায় 348 টা গোচৰ ৰুজু কৰা হৈছে ৷ এই সময়ছোৱাৰ ভিতৰত ন্যায়িক জিম্মাত(Judicial custody) হোৱা মৃত্যুৰ বাবে 5,221টা গোচৰ ৰুজু কৰা হৈছে ৷ বুধবাৰে কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে ৰাজ্যসভাত এই তথ্য সদৰী কৰে ৷ তেওঁ কয় যে, 2018-19 বৰ্ষত আৰক্ষীৰ জিম্মাত হোৱা মৃত্যুৰ বাবে 136 টা গোচৰ ৰুজু কৰাৰ হৈছে ৷

একেদৰে, 2019-20 বৰ্ষত আৰক্ষীৰ জিম্মাত হোৱা মৃত্যুৰ বাবে 112 টা গোচৰ ৰুজু কৰাৰ বিপৰীতে 2020-21 বৰ্ষত আৰক্ষীৰ জিম্মাত হোৱা মৃত্যুৰ বাবে 100 টা আৰু ন্যায়িক জিম্মাত হোৱা মৃত্যুৰ বাবে 1,840 টা গোচৰ ৰুজু কৰা হৈছে ৷ গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্যত সদৰী কৰা তথ্য মতে, ন্যায়িক জিম্মাত হোৱা মৃত্যুৰ বাবে সৰ্বাধিক গোচৰ ৰুজু কৰা হৈছে ৷

লগতে পঢ়ক: NRC প্ৰস্তুতৰ বাবে ব্যক্তিগত তথ্য ব্যৱহাৰ কৰা হোৱা নাই : নিত্যানন্দ ৰায়

তাৎপৰ্যপূৰ্ণভাৱে, ন্যায়িক জিম্মাত হোৱা মৃত্যুৰ বাবে গোচৰ ৰুজু কৰা তালিকাৰ শীৰ্ষত আছে উত্তৰ প্ৰদেশ ৷ 2018 ৰ পৰা 2021 বৰ্ষৰ ভিতৰত ন্যায়িক জিম্মাত হোৱা মৃত্যুৰ বাবে উত্তৰ প্ৰদেশত মুঠ 1,295 টা গোচৰ ৰুজু কৰা হৈছে ৷ এই তালিকাৰ দ্বিতীয়ত আছে মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ তৃতীয় স্থানত আছে ৷ সেই অনুসৰি মধ্য প্ৰদেশত ৰুজু হোৱা গোচৰৰ সংখ্যা হ'ল 441 টা আৰু মহাৰাষ্ট্ৰত এই সংখ্যা হৈছে 370 টা ৷

লগতে পঢ়ক: বৈধ ভ্ৰমণ নথি অবিহনে বিদেশী নাগৰিক অবৈধ প্ৰব্ৰজনকাৰী

ৰায়ে জানিবলৈ দিয়া মতে, মানৱ অধিকাৰৰ সুৰক্ষা(protection of human rights) নিশ্চিত কৰাৰ উদ্দেশ্যে গৃহ মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে(Ministry of Home Affairs and National Human Rights Commission) সময়ে সময়ে পৰামৰ্শ জাৰি কৰে ৷

তেওঁ কয়, "গৃহ মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে(NHRC) জাৰি কৰা নিৰ্দেশনা অনুসৰি, ন্যায়িক তথা আৰক্ষীৰ জিম্মাত কোনো লোকৰ মৃত্যু হ'লে ঘটনাৰ 24 ঘণ্টাৰ ভিতৰতে আয়োগক অৱগত কৰিব লাগিব ৷ যদিহে আয়োগৰ দ্বাৰা আৰক্ষী বা ন্যায়িক তদন্তত কোন ৰাজহুৱা কৰ্মচাৰীয়ে অৱহেলা কৰাটো ধৰা পৰে তেন্তে, আয়োগে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰক উক্ত ৰাজহুৱা কৰ্মচাৰীৰ বিৰুদ্ধে গোচৰ প্ৰক্ৰিয়া চলোৱাৰ নিৰ্দেশ দিয়ে ৷ সংশ্লিষ্ট ৰাজ্য চৰকাৰে নিয়ম অনুসৰি সেই কৰ্মচাৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷ "

লগতে পঢ়ক: আফগানিস্তানত থকা ভাৰতীয় নাগৰিকক ভাৰতলৈ উভতি যোৱাৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.