আগৰতলা,২ এপ্ৰিল : ত্ৰিপুৰাত প্ৰায়ে বাংলাদেশৰ বহু নাগৰিকক উদ্ধাৰ কৰা হয় । তাৰ ভিতৰত একাংশ মানসিকভাৱে অসুস্থ ব্যক্তিও থাকে । যিসকলে বিভিন্ন ধৰণে ভাৰতৰ ভূমিত প্ৰৱেশ কৰে । কিন্তু সেইসকল ব্যক্তিৰ ক্ষেত্ৰত ভাৰত চৰকাৰ লগতে ত্ৰিপুৰা চৰকাৰে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰে ।
বৰঞ্চ সেই ব্যক্তিসকলক পৰ্যাপ্ত চিকিৎসাৰ অন্তত নিজ দেশ অৰ্থাৎ বাংলাদেশলৈ পঠিয়াই দিয়া হয় । এইবাৰ পুনৰ ত্ৰিপুৰা চৰকাৰে তেনেকুৱা ৫ গৰাকী ব্যক্তিক নিজ দেশলৈ ঘূৰাই পঠিয়ালে (5 Bangladeshi nationals repatriated from Tripura)। আগৰতলা-আখাউৰা ইণ্টিগ্ৰেটেড চেক পোষ্টৰ জৰিয়তে তেওঁলোকক প্ৰত্যাৱৰ্তন কৰা হয় (Bangladeshi nationals repatriated through Agartala Akhaura Check Post)।
ব্যক্তিকেইগৰাকী ক্ৰমে চট্টগ্ৰামৰ সন্তোষ দেব, নাৰায়ণগঞ্জৰ বিজয় চুনু, মণিকগোঞ্জৰ মইনা বেগম, পাটুৱাখালিৰ ৰোগিনা বেগম আৰু বাংলাদেশৰ কুমিল্লাৰ কুলচুম বেগম বুলি চিনাক্ত কৰা হৈছে ।তেওঁলোকৰ তিনিগৰাকীক ২০১৮ চনত আৰু দুগৰাকীক ২০১৫ চনত উদ্ধাৰ কৰা গৈছিল । তেওঁলোকৰ মানসিক অৱস্থা সুস্থিৰ নাছিল যাৰ বাবে পৰিচয় বা ঠিকনা ক'ব পৰা নাছিল । যাৰ বাবে আদালতৰ নিৰ্দেশনা অনুসৰি বাংলাদেশী নাগৰিক কেইগৰাকীক আগৰতলাৰ মডাৰ্ণ চাইকিয়াট্ৰিক চিকিৎসালয়ত চিকিৎসা চলোৱা হৈছিল ।
অৱশেষত তেওঁলোকৰ অৱস্থা সুস্থিৰ হোৱাৰ পাছতে বাংলাদেশ চৰকাৰৰ সৈতে যোগাযোগ কৰি তেওঁলোকক প্ৰত্যাৱৰ্তনৰ ব্যৱস্থা কৰে ত্ৰিপুৰা চৰকাৰে । ইয়াৰ পাছতে ভাৰত চৰকাৰ তথা ত্ৰিপুৰা চৰকাৰৰ এনে পদক্ষেপক আদৰণি জনাইছে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত আৰিফ মোহাম্মোদে । তেওঁ ইটিভি ভাৰতক কয় যে ভাৰত তথা ত্ৰিপুৰাৰ চৰকাৰৰ সহযোগিতাৰ বাবে অৱশেষত ৫ গৰাকীকৈ নাগৰিকক বাংলাদেশলৈ প্ৰত্যাৱৰ্তন কৰা হৈছে (5 Bangladeshi nationals stranded in Tripura repatriated)। সকলো ফালৰ পৰা সহায়, সহযোগ কৰা বাবে তেওঁ ভাৰত চৰকাৰ আৰু ত্ৰিপুৰা চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ।
ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য অভিযান ত্ৰিপুৰাৰ কাৰ্যসূচী বিষয়া উদয়ন মজুমদাৰে কোৱা মতে যোৱা তিনি বছৰত এনে ধৰণৰ প্ৰায় ১৫ গৰাকী লোকক আগৰতলাৰ পৰা বাংলাদেশলৈ প্ৰত্যাৱৰ্তন কৰা হৈছে । এতিয়াও আগৰতলাত তেনেকুৱা প্ৰায় ১০-১৫ গৰাকী লোক আছে । বাংলাদেশৰ নাগৰিক বুলি নিশ্চিত হোৱাৰ পাছত তেওঁলোককো অতি শীঘ্ৰে বাংলাদেশলৈ প্ৰত্যাৱৰ্তন কৰা হ'ব বুলি তেওঁ অৱগত কৰে ।
লগতে পঢ়ক :ত্ৰিপুৰাৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনো এতিয়া বিজেপিৰ দখলত