ETV Bharat / bharat

কৃষক বিদ্ৰোহঃ গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰা 300 শিল্পীক উদ্ধাৰ

author img

By

Published : Jan 27, 2021, 7:37 AM IST

মঙলবাৰে দেশৰ ৰাজধানী দিল্লীত কৃষক সকলে ট্ৰেক্টৰ ৰেলীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ উলাই আহিছিল ৷ সেই সময়তে প্ৰতিবাদকাৰী কৃষক সকলে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি দেশৰ ৰাজধানীত প্ৰৱেশ কৰিবলৈ লৈছিল ৷ আৰক্ষীয়ে তেওঁলোকক ৰাজধানীত প্ৰৱেশ কৰিবলৈ বাধা দিয়াৰ সময়তে আৰক্ষী আৰু কৃষকৰ মাজত হতাহতি হোৱাৰ লগতে আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল ৷

কৃষক বিদ্ৰোহৰ হিংসাত্মক পৰিস্থিতিৰ পিছতে গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰা 300 শিল্পীক উদ্ধাৰ দিল্লী আৰক্ষীৰ

নিউজ ডেস্ক,27 জানুৱাৰীঃ 72 সংখ্যক গণৰাজ্য দিৱসত এফালে দেশৰ ৰাজধানীত পতাকা উত্তোলন কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ আনফালে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে সংসদত গৃহীত কৰা নতুনকৈ তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰায় ডেৰ মাহ ধৰি কৃষক সকলে ধাৰাবাহিক ভাৱে প্ৰতিবাদ কৰি আহিছিল ৷ মঙলবাৰে দেশৰ ৰাজধানী দিল্লীত কৃষকসকলে ট্ৰেক্টৰ ৰেলীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ উলাই আহিছিল ৷ সেই সময়তে প্ৰতিবাদকাৰী কৃষক সকলে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি দেশৰ ৰাজধানীত প্ৰৱেশ কৰিবলৈ লৈছিল ৷ আৰক্ষীয়ে তেওঁলোকক ৰাজধানীত প্ৰৱেশ কৰিবলৈ বাধা দিয়াৰ সময়তে আৰক্ষী আৰু কৃষকৰ মাজত হতাহতি হোৱাৰ লগতে আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল ৷ প্ৰতিবাদকাৰী কৃষকে আৰক্ষীৰ নিৰাপত্তা বেষ্টনী ভাঙি ৰাজধানীত প্ৰৱেশ কৰিবলৈ আগবাঢ়ি যোৱাৰ সময়তে এক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হ’ল ৷

উল্লেখযোগ্য যে,আৰক্ষীৰ উচ্চপদস্থ বিষয়াই জানিবলৈ দিয়া অনুসৰি,প্ৰতিবাদকাৰী সকলে লালকিল্লাত প্ৰৱেশ কৰি কৃষকৰ পতাকা উত্তোলন কৰাৰ লগতে এক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰে যাৰ ফলত আৰক্ষীয়ে ব্যৱস্থা ল'বলৈ বাধ্য হৈ পৰে ৷ ইপিনে জানিব পৰা মতে কৃষক আৰু আৰক্ষীৰ মাজত সৃষ্টি হোৱা হতাহতিৰ ফলত 83 গৰাকীকৈ আৰক্ষী গুৰুতৰ ভাৱে আহত হয় ৷ একেদৰে যি সময়ত গণৰাজ্য দিৱসৰ বিভিন্ন কাৰ্যসূচী চলি আছিল তাত প্ৰায় 300 গৰাকীকৈ শিশু শিল্পীয়ে অংশগ্ৰহণ কৰিছিল ৷ সেই সময়তে কৃষক আৰু আৰক্ষীৰ মাজত হতাহতি হোৱাৰ লগতে পৰিস্থিতি উত্তপ্ত হৈ পৰাত তেওঁলোকক আৰক্ষীয়ে উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰে ৷

আনহাতে সমগ্ৰ পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ লগে লগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে, গৃহ বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ সৈতে আলোচনাত মিলিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ আলোচনাৰ পিছতে ৰাজধানীৰ সৈতে সংযোক্ত সমূহ যোগাযোগ সেৱা বন্ধ কৰি দিছে যাতে পৰিস্থিতি আৰু অধিক বেয়াৰ ফালে নাযায় ৷ তাৰ সমান্তৰাল ভাবে দিল্লী সিমান্তৰ, সিংঘু, গাজিপুৰ, টিক’ৰি, মুকৰবা চ’ক, নানগলৈ আদি বিভিন্ন অঞ্চল য’ত কৃষক সকলে সমবেত হৈ বিদ্ৰোহ কৰি আহিছে সেই সমূহ অঞ্চলত ইন্টাৰনেট সেৱা কৰ্তন কৰিছে চৰকাৰে ৷

লগতে পঢ়কঃ সাহিত্যিক ড৹ ৰমেশ চন্দ্ৰ পাঠকৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.