নেশ্যনেল ডেস্ক, 21 ফেব্ৰুৱাৰী: গুজৰাটৰ জুনাগড়ত দেওবাৰে বাঘৰ আক্ৰমণত এগৰাকী তিনি বছৰীয়া ছোৱালীয়ে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আঁকোৱালি ল'ব লগীয়া হয় ৷ বন বিভাগৰ বিষয়াই জানিবলৈ দিয়া মতে, গুজৰাটৰ জুনাগড় জিলাত GJR ফৰেষ্ট ডিভিজনত দেওবাৰে বাঘে শিশুটিক আক্ৰমণ কৰে ৷
GJR-WEST ফৰেষ্ট ডিভিজনৰ অন্তৰ্গত জাম্ভালা ৰেঞ্জৰ দেভলি গাঁৱত এখন ফাৰ্মত এই ঘটনা সংঘটিত হয় ৷ শিশুটিৰ পিতৃ মাতৃ কুঁহিয়াৰ কটাত ব্যস্ত থকাৰ সময়তে শিশুটিক বাঘে আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে ৷
ফাৰ্ম খনত খেলি থকা অৱস্থাতে শিশুটিক বাঘে আহি আক্ৰমণ কৰে আৰু কিছু আঁতৰলৈ লৈ যায় আৰু সেই ঠাইতে শিশুটিৰ মৃত্যু হয় ৷ বন বিভাগৰ লোকে জানিবলৈ দিয়া মতে বাঘটোক ধৰিবলৈ ইতিমধ্যে অঞ্চলটোত জাল পেলোৱা হৈছে ৷
লগতে পঢ়ক: ডিব্ৰুগড়ত নাহৰফুটুকী পিঞ্জৰাবদ্ধ