ETV Bharat / bharat

দুুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Jan 1, 2021, 2:59 PM IST

দুুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি...

3 pm top ten news
3 pm top ten news

ব্যতিক্ৰমী কৌশলেৰে বীজ সংৰক্ষণ কৰি আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি মহান বৰাৰ

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে টীয়কৰ মহান চন্দ্ৰ বৰাই । অভিনৱ পদ্ধতিৰে বীজ সংৰক্ষণ কৰি চৰ্চিত হৈ পৰিছে বৰা । তেওঁ প্ৰতিষ্ঠা কৰা অন্নপূৰ্ণা বীজ ভঁৰালে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে ।

নৱবৰ্ষৰ উপলক্ষে অনুৰাগীক শুভেচ্ছা বি টাউনৰ

নতুন বছৰত প্ৰয়াত পিতৃ আৰু অভিনেতা ইৰফান খানৰ স্মৰণ কৰি পিতৃ-পুত্ৰৰ বন্ধন দাঙি দুখন ফটো শ্বেয়াৰ কৰে পুত্ৰ ববিল খানে ৷ প্ৰথমখন ফটো হৈছে এখন মন’ক্ৰমেটিক ফটো,য’ত দুয়োকে বিচনাত পৰি থকা পৰিলক্ষিত হৈছে ৷ আনহাতে দ্বিতীয়খন ফটোত ইৰফান আৰু ববিলে ইজনে সিজনৰ ফালে চাই হাঁহি থকা পৰিলক্ষিত হৈছে ৷

অসমলৈ গোপন সুৰংগ পথেৰে আহে বাংলাদেশী

বি এছ এফৰ চোকা পহৰাৰ মাজতো ভাৰতলৈ আহে বাংলাদেশী নাগৰিক ৷ ইটিভি ভাৰতৰ কেমেৰাত আবদ্ধ হৈছে গোপন সুৰংগ পথ ৷ কাইটীয়া তাঁৰৰ বেৰৰ তলেদি সুৰংগৰে পাৰ হয় বাংলাদেশী ৷

ক'ভিড প্ৰট'কল মানি আৰম্ভ হ'ল বিদ্যালয়ৰ পাঠদান

প্ৰায় এটা বছৰৰ মূৰত পুনৰ আৰম্ভ হ'ল বিদ্যালয়ৰ নিয়মিত পাঠদান ৷ ক'ভিড প্ৰট'কল মানি চলি ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ আৰম্ভ হৈছে বিদ্যালয়ৰ নিয়মিত পাঠদান ৷ পুৱা 9 বজাৰ পৰা দুপৰীয়া 1:45 বজালৈ চলিব পাঠদান কাৰ্যসূচী ৷

নৱবৰ্ষৰ প্ৰথমটো দিনতে বিটিআৰত দপ্তৰ বিতৰণ

শুকুৰবাৰে বিটিআৰৰ সচিবালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী সদস্যসহ আঠগৰাকী কাৰ্যবাহী সদস্যৰ মাজত দপ্তৰসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় ৷

আজিৰে পৰা পুনৰ কাৰ্যক্ষম হ’ল শিলঘাটস্থিত অসম সমবায় মৰাপাট কল

মৰাপাট কলটোৰ উৎপাদন কাৰ্য‍ পুনৰ আৰম্ভ কৰাৰ বাবে বিগত বৰ্ষৰ ১২ নৱেম্বৰত মৰাপাট কল কৰ্তৃপক্ষ,ৰাজ্যৰ সমবায় বিভাগ আৰু বিত্ত বিভাগৰ উচ্চ পদস্থ বিষয়াৰে হোৱা আলোচনা মৰ্মে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কলটো পুনৰ সঞ্চালন কৰিবলৈ ১০ কোটি টকাৰ এক সাহায‍্য ঘোষণা কৰিছিল ।

বাস্তৱসন্মত দৃষ্টিভংগীৰে নতুন বছৰত আগুৱাব অগপ: কেশৱ মহন্ত

২০২১ বৰ্ষটোৱে সকলোৰে মাজত নতুন আশাৰ বতৰা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী কেশৱ মহন্তই ৷

তাৰাজুলি চাহ বাগিচাত পুনৰ আক্ৰমণ চলালে বন্যহস্তীয়ে

31 ডিচেম্বৰৰ নিশা ঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত চাৰিটাকৈ বনৰীয়া হাতীয়ে আক্ৰমণ চলাই দুটাকৈ বাসগৃহৰ লগতে সুলভ মূল্যৰ দোকান আৰু বাহনৰ ক্ষতিসাধন কৰে ৷

100 বছৰ পূৰ্বে : 1921ত কেনেকুৱা আছিল বিশ্ব!

100 বছৰ পূৰ্বে অৰ্থাৎ 1921 চনত বিশ্ব কেনে ধৰণৰ আছিল সেই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...

লাইকা-দধীয়াবাসীৰ কাষত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা

লাইকা-দধীয়াবাসীক পুনৰ সংস্থাপনৰ দাবীৰে বিগত ১১ দিন ধৰি তিনিচুকীয়া লাইকা-দধীয়া অঞ্চলৰ প্ৰায় ১৪ শ পৰিয়ালে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে বৃহস্পতিবাৰে প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় আছুৰ নৱ নিৰ্বাচিত সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.