ETV Bharat / bharat

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি - জিতেন্দ্ৰ সিং

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি...

3 pm top ten news
3 pm top ten news
author img

By

Published : Dec 6, 2020, 3:01 PM IST

হাগ্ৰামাক জেললৈ পঠিয়ালে হিমন্তকো পঠাব লাগিব : আব্দুল খালেক

"বিটিচিত হাগ্ৰামা মহিলাৰীয়ে যদি দুৰ্নীতি সংঘটিত কৰিছে তেন্তে তেওঁৰ সৈতে জড়িত হৈ আছে ৰাজ্যৰ বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও ৷ কিয়নো বিত্তমন্ত্ৰীয়ে অনুসন্ধান নকৰাকৈ ধন মোকলাই নিদিয়ে ৷" সংবাদ মাধ্যমযোগে এই বিস্ফোৰক মন্তব্য কৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে ৷

চালকক ধন দাবী কৰি গ্ৰেপ্তাৰ গৃহৰক্ষী জোৱান

সমগ্ৰ ধুবুৰী জিলাত চলি থকা বিভিন্ন অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ বাবে ধুবুৰী আৰক্ষীয়ে চাপৰ থানাৰ অন্তৰ্গত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বহুৱাইছিল তালাচী চকী ৷ এই তালাচী চকীতে কৰ্তব্যৰত গৃহৰক্ষী জোৱান দিলদাৰ হুছেইনে ধন দাবী কৰাৰ বাবে গ্ৰেপ্তাৰ হ’বলগীয়া হয় ৷

"বিশ্ব ভূমি দিৱস" উপলক্ষে "জৈৱ বৈচিত্ৰতা"ৰ ওপৰত মত-বিনিময় অনুষ্ঠান

বিশ্ব ভূমি দিৱস উপলক্ষে ২০২০ বৰ্ষৰ বিষয় বস্তু "Keep soil alive, protect soil diversity" ৰ ওপৰত মত-বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত ইক' ক্লাৱৰ নলবাৰীৰ সমন্বয়ক তথা পৰিবেশ কৰ্মী ৰাজেশ দত্ত বৰুৱাই সমল ব্যক্তি হিচাপে ছাত্ৰ-ছাত্ৰী সকলক কৃষি বিষয়ত যথেষ্ঠ পৰামৰ্শ আগবঢ়ায় ৷

বিধায়িকা আঙুৰলতাক অশালীন শব্দৰে সম্বোধন বিধায়ক কমল সিং নাৰ্জাৰীৰ

দেওবাৰে চিৰাঙত অনুষ্ঠিত হোৱা বিপিএফৰ এক নিৰ্বাচনী সভাত বিধায়িকা আঙুৰলতা ডেকাক লৈ অশালীন মন্তব্য় বিজনী বিধানসভা সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰীৰ ৷ বিগত নিৰ্বাচনসমূহৰ তুলনাত এইবাৰ নেতাসকলৰ মাজত বাকযুদ্ধৰ শালীনতা অধিক নিম্নগামী হোৱা পৰিলক্ষিত হৈছে ৷

দুৰ্নীতিৰ ৰজা হিমন্তই হাগ্ৰামাক গালি দিয়াটো শোভা নাপায় : দুৰ্গা দাস বড়ো

শনিবাৰে চিৰাঙৰ মানস ছেৰফাং সমষ্টিত অবড়ো সুৰক্ষা সমিতিৰ প্ৰৰ্থী জোন দাসৰ হৈ প্ৰচাৰ চলায় কংগ্ৰেছ নেতা দুৰ্গা দাস বড়োই ৷ এই প্ৰচাৰ সভাত হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ নেতা গৰাকী ৷

তিৱা নিৰ্বাচনৰ পৰাই বিজেপিক পতন নিয়াবলৈ ৰাইজক অনুৰোধ কংগ্ৰেছৰ

মন্ত্ৰী পিযুষ হাজৰিকাৰ বিৰুদ্ধে সকলো তিৱা সম্প্ৰদায়ৰ লোকক ওলাই আহিবলৈ আহ্বান জনোৱাৰ লগতে এই নিৰ্বাচনৰ পৰাই বিজেপিৰ পতন আৰম্ভ কৰক বুলি সকলো নেতৃত্বকে আহ্বান কংগ্ৰেছ দলৰ নেতাৰ ৷

ডুমডুমাত সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ সংবাদমেল

চৰকাৰলৈ বিভিন্ন দাবী উত্থাপনেৰে শনিবাৰে ডুমডুমাত এক সংবাদমেল সম্বোধন সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদে ৷

জিতেন্দ্ৰ সিঙৰ সন্মুখতে কংগ্ৰেছীয়ে চিঞৰিলে সুস্মিতা দেৱ-অজিত সিং মুৰ্দাবাদ

শনিবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে বৰাকলৈ অহা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক জিতেন্দ্ৰ সিঙৰ সন্মুখতে সুস্মিতা দেৱ মুৰ্দাবাদ, অজিত সিং মুৰ্দাবাদ ধ্বনি দিয়ে একাংশ ক্ষুদ্ধ কংগ্ৰেছ কৰ্মীয়ে ৷

দমন কৰিবৰ বাবেই জাপি দিয়া হৈছে মিছা অভিযোগ : আজমল

আজমল ফাউণ্ডেশ্যনৰ পুঁজি বিতৰ্ক সন্দৰ্ভত সংবাদ সম্বোধন কৰিলে মৌলানা বদৰুদ্দিন আজমলে ৷ বিতৰ্ক সন্দৰ্ভত উত্থাপিত সকলো অভিযোগ নস্যাৎ সাংসদ গৰাকীৰ ৷ প্ৰয়োজনত অভিযোগকৰ্তা সকলক গৃহ মন্ত্ৰণালয়ৰ তদন্ত কৰিবলৈয়ো আহ্বান জনালে সাংসদ গৰাকীয়ে ৷

দলীয় স্থিতি মজবুত কৰিবলৈ বৰাক ভ্ৰমণ জিতেন্দ্ৰ সিঙৰ

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে কৰিমগঞ্জৰ এখন দলীয় সভাত অংশ গ্ৰহণ কৰে ৷ এই সভাতে ৰাতাবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক শম্ভূ সিং মাল্লা আৰু কৰিমগঞ্জ জিলাৰ প্ৰাক্তন এআইইউডিএফ সভাপতি আব্দুল মালিক চৌধুৰীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.