ETV Bharat / bharat

3 arrested persons under UAPA : হায়দৰাবাদত বোমা আক্ৰমণৰ ষড়যন্ত্ৰ চলোৱা তিনি সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

author img

By

Published : Feb 5, 2023, 3:26 PM IST

Updated : Feb 5, 2023, 4:42 PM IST

হায়দৰাবাদত সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ চলোৱাৰ সৈতে জড়িত তিনিজনৰ নাম উল্লেখ (3 arrested persons under UAPA) ৷ নিয়াৰ সূত্ৰত প্ৰকাশ সন্ত্ৰাসবাদী তিনিটাৰ নাম ৷

3 arrested persons under UAPA
সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ চলোৱাৰ সৈতে জড়িত তিনিজনৰ নাম উল্লেখ

নেশ্যনেল ডেস্ক , 5 ফেব্ৰুৱাৰী : হায়দৰাবাদত কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰাৰ ব্লু-প্ৰিণ্ট ৷ ঘটনাৰ সৈতে জড়িতৰ পৰিচয় লাভ কৰিছে দেশৰ অন্যতম এক তদন্তকাৰী সংস্থা নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সী চমুকৈ NIA ই ৷ হায়দৰাবাদত সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ চলোৱাৰ অভিযোগত NIA ই অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউ এ পি এ)ৰ অধীনত গ্ৰেপ্তাৰ হোৱা তিনিজনৰ নাম উল্লেখ কৰিছে ৷ সন্ত্ৰাসবাদী তিনিটা হ’ল মহম্মদ জাহেদ, মাজ হাছান ফাৰুক আৰু চমিউদ্দিন (3 arrested persons under UAPA)। মহম্মদ জাহেদ নামৰ সন্ত্ৰাসবাদীটোৱে হায়দৰাবাদত বিস্ফোৰণ আৰু ল’ন উলফ আক্ৰমণৰ পৰিকল্পনা কৰিছিল বুলি NIA ই প্ৰকাশ কৰিছে ।

বিগত বৰ্ষৰ অক্টোবৰত কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰাৰ বাবে ধাৰাবাহিকভাৱে ব্লু-প্ৰিন্ট ৰচনা কৰিছিল বুলি নিয়াৰ তদন্তত পোহৰলৈ আহিছে ৷ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে যোৱা বছৰ হায়দৰাবাদত সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগত মহম্মদ জেডৰ নাম উল্লেখ কৰিছে আৰু জেডক অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউ এ পি এ) ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে বুলি উল্লেখ ৷

তেলেংগানাৰ ৰাজধানী চহৰখনৰ লগতে পাকিস্তানৰ পৰা অস্ত্ৰৰো সৰবৰাহ জাহেদে কৰিছিল বুলি চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে ৷ জাহেদে সাম্প্ৰদায়িক উত্তেজনা সৃষ্টিৰ উদ্দেশ্যে পাকিস্তানস্থিত হেণ্ডলাৰ আৰু শোভাযাত্ৰাৰ পৰা হেণ্ড গ্ৰেণেড লাভ কৰিছিল । এন আই এৰ সূত্ৰই জনোৱা মতে, জাহেদে পাকিস্তানী ষড়যন্ত্ৰকাৰীৰ বাবে কিছু সদস্য নিযুক্তি দিছিল বুলিও তদন্তত প্ৰকাশ পাইছে ৷

সেই পাকিস্তানী হেণ্ডলাৰসকলৰ নিৰ্দেশ অনুসৰি জাহেদে নিজৰ গেং মেম্বাৰৰ সৈতে ষড়যন্ত্ৰ কৰি হায়দৰাবাদ চহৰত বিস্ফোৰণ আৰু লং উল্ফ আক্ৰমণকে ধৰি সন্ত্ৰাসবাদী কাৰ্য সংঘটিত কৰি সাধাৰণ জনতাৰ মনত সন্ত্ৰাসৰ সৃষ্টি কৰে । জাহেদক নিৰ্দেশনা দি থকা পাকিস্তানী হেণ্ডলাৰসকল লস্কৰ-ই-তৈবা (লেট) আৰু ইণ্টাৰ চাৰ্ভিচেছ ইনটেলিজেন্স (আই এছ আই)ৰ দৰে গোটৰ আছিল বুলি নিয়াই উল্লেখ কৰে । হায়দৰাবাদত সন্ত্ৰাসবাদী আক্ৰমণৰ মৌখিক পৰিকল্পনা সম্পৰ্কীয় এটা গোচৰ হায়দৰাবাদৰ কেন্দ্ৰীয় অপৰাধ আৰক্ষী থানাত দাখিল কৰা হয় ।

আনহাতে, ইছলামিক উগ্ৰবাদী সংগঠনৰ সদস্যৰ লগতে ইছলামিক ষ্টেটৰ (আই এছ) সদস্যৰ বিৰুদ্ধে দেশজুৰি চলা অভিযানৰ মাজতে এজন জ্যেষ্ঠ আইপিএছ বিষয়াই প্ৰস্তুত কৰিছে এখন প্ৰতিবেদন ৷ ‘ভাৰতীয় মুজাহিদীনে’ বিভিন্ন ঠাইত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাবলৈ শ্লীপাৰ চেল মডিউল নিৰ্মাণ কৰি আছে বুলি এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে । কেৰালাৰ পৰা সন্ত্ৰাস সম্পৰ্কীয় গোচৰৰ সৈতে জড়িত কেইবাজনো ব্যক্তিক ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই গ্ৰেপ্তাৰ কৰাৰ পিচতে ৰাজ্যখনত চলি থকা আই এছৰ সন্দেহযুক্ত শ্লীপাৰ চেলক লৈ উদ্বেগ সৃষ্টি হৈছে সমগ্ৰ দেশত (Indian Mujahideen new modules of sleeper cells)।

লগতে পঢ়ক : G20 Summit in Assam: Y20 সন্মিলনলৈ যাব হোজাই জিলাৰ দুগৰাকী শিক্ষাৰ্থী

Last Updated : Feb 5, 2023, 4:42 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.