ETV Bharat / bharat

Southern Zonal Councilৰ বৈঠকত উপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ

author img

By

Published : Nov 14, 2021, 12:19 PM IST

দেওবাৰে তিৰুপতিত অনুষ্ঠিত হ'ব ২৯ সংখ্যক দক্ষিণ আঞ্চলিক পৰিষদ (Southern Zonal Council)ৰ বৈঠকত । য'ত পৰিষদৰ অন্তৰ্গত ৰাজ্যসমূহৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হ'ব । কেন্দ্ৰীয় চৰকাৰৰ মুখ্য সচিব আৰু জ্যেষ্ঠ বিষয়াসকলেও ভাগ ল'ব এই বৈঠকত ।

Southern Zonal Council
Southern Zonal Council বৈঠকত উপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ

নেশ্যনেল ডেস্ক, ১৪ নৱেম্বৰ : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) দেওবাৰে অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, কৰ্ণাটক, কেৰালা, তেলেংগানা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰী, লক্ষদ্বীপ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক লৈ গঠিত দক্ষিণ আঞ্চলিক পৰিষদৰ (Southern Zonal Council) ২৯ তম বৈঠকত অংশগ্ৰহণ কৰিব ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime Minister Narendra Modi) সকলো প্ৰান্তৰ উন্নয়নৰ বাবে সহযোগিতামূলক আৰু প্ৰতিযোগিতামূলক ফেডাৰেলিজমৰ (competitive federalism) সুবিধা লোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । যাতে শক্তিশালী ৰাজ্যসমূহে এক শক্তিশালী ৰাষ্ট্ৰ গঢ়ি তুলিব পাৰে তাৰ বাবে দুখন বা ততোধিক ৰাজ্য বা কেন্দ্ৰ আৰু ৰাজ্যক প্ৰভাৱিত কৰা বিষয়বোৰৰ ওপৰত নিৰন্তৰ আলোচনাৰ বাবে এক সংগঠিত প্ৰণালীৰ জৰিয়তে এনে সহযোগিতা বৃদ্ধিৰ আঞ্চলিক পৰিষদে (Zonal Councils) এক মঞ্চ প্ৰদান কৰে ।

গৃহ মন্ত্ৰালয়ৰ মতে অমিত শ্বাহে ৰাজ্যসমূহক শক্তিশালী কৰিবলৈ আৰু নীতিগত পৰিকাঠামোত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত উন্নত বুজাবুজি বৃদ্ধিৰ বাবে সহযোগিতামূলক ফেডাৰেলিজমৰ এই দৃষ্টিভংগীক গতি প্ৰদান কৰিছে । তেওঁ সমবায় ফেডাৰেলিজমৰ (cooperative federalism) সমাধান আৰু প্ৰচাৰৰ বাবে আঞ্চলিক পৰিষদৰ মঞ্চ ব্যৱহাৰ কৰাৰ ওপৰত জোৰ দিছে ।

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাইএছ জগনমোহন ৰেড্ডী (YS Jaganmohan Reddy) হৈছে এই বৈঠকৰ উপাধ্যক্ষ আৰু আয়োজক । দক্ষিণ আঞ্চলিক পৰিষদৰ অন্তৰ্গত ৰাজ্যসমূহৰ আন মুখ্যমন্ত্ৰীসকলৰ লগতে দুজনকৈ মন্ত্ৰী হৈছে ইয়াৰ সদস্য ।

জানিব পৰা মতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মুখ্য সচিব আৰু জ্যেষ্ঠ বিষয়াসকলেও বৈঠকত উপস্থিত থাকিব । উল্লেখ্য যে, আঞ্চলিক পৰিষদ হৈছে বিভিন্ন ৰাজ্যৰ মাজৰ বিবাদ আৰু সমস্যা সমাধানৰ বাবে এক প্ৰধান মঞ্চ । আঞ্চলিক পৰিষদে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে । বিশেষকৈ সীমা সম্পৰ্কীয় বিবাদ, সুৰক্ষা, আন্তঃগাঁথনি সম্পৰ্কীয় বিষয় যেনে পথ, পৰিবহণ, উদ্যোগ, পানী আৰু বিদ্যুৎ আদি, বন আৰু পৰিৱেশ, গৃহ, শিক্ষা, খাদ্য সুৰক্ষা, পৰ্যটন আৰু পৰিবহণ সম্পৰ্কীয় বিষয় আলোচনা কৰে এই পৰিষদে ।

লগতে পঢ়ক :দিল্লীত পুনৰ Lockdownৰ পোষকতা উচ্চতম ন্যায়ালয়ৰ:কিন্তু কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.