ETV Bharat / bharat

মিজোৰামত 6 গৰাকী লোক নতুনকৈ ক'ভিড-19 ত আক্ৰান্ত - ক'ভিড 19

6 গৰাকীকৈ লোক মিজোৰামত নতুনকৈ ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ 25 ফেব্ৰুৱাৰীত নতুনকৈ 6 গৰাকী লোক ৰাজ্যখনত ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে ৷ ৰেপিড এন্টিজেন টেষ্ট কৰা 944 টা নমুনাৰ ভিতৰত 5 গৰাকী আৰু এটা পৰীক্ষাগাৰত কৰা 26 টা নমুনাৰ ভিতৰত এগৰাকীক ক'ভিড-19 ত আক্ৰান্ত পোৱা গৈছে ৷

27 active covid cases in mizoran till february 26

author img

By

Published : Feb 26, 2021, 1:06 PM IST

মিজোৰাম, 26 ফেব্ৰুৱাৰী: মিজোৰামত পুনৰ 6 গৰাকীকৈ লোক ক'ভিড-19 ত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷ 25 ফেব্ৰুৱাৰীত ৰাজ্যখনত 6 গৰাকী লোক নতুনকৈ এই অতিমাৰীত আক্ৰান্ত হয় ৷ জানিব পৰা মতে আক্ৰান্ত 6 গৰাকীৰ ভিতৰত পাঁচ গৰাকী ৰেপিড এন্টিজেন টেষ্টত ক'ভিড-19 আক্ৰান্ত বুলি ধৰা পৰাৰ লগতে অন্যগৰাকী TrueNAT পৰীক্ষাগাৰত কৰা পৰীক্ষণত ক'ভিড-19 ত আক্ৰান্ত বুলি ধৰা পৰে ৷

There are 27 active cases of Covid-19 in Mizoram as of February 26, 2021
26 ফেব্ৰুৱাৰী পৰ্যন্ত ৰাজ্যখনত 27 গৰাকী ক'ভিড-19 ত আক্ৰান্ত ৰোগী আছে

উল্লেখ্য যে, জ'ৰাম চিকিৎসা মহাবিদ্যালয়ৰ আৰটিপিচিআৰ পৰীক্ষাগৰাত 25 টা নমুনা পৰীক্ষা কৰা হৈছিল যদিও এটাও নমুনা ক'ভিড-19 ত আক্ৰান্ত পোৱা ন'গল ৷ কিন্তু, ৰাজ্যখনৰ বিভিন্ন জিলাৰ TrueNAT পৰীক্ষাগাৰত কৰা 26 টা নমুনাৰ পৰীক্ষণৰ ভিতৰত এটা নমুনা ক'ভিডত আক্ৰান্ত বুলি ধৰা পৰে ৷ আক্ৰান্ত নমুনাটো এগৰাকী 40 বৰ্ষীয় মহিলাৰ বুলি জানিব পৰা গৈছে ৷ ৰাজ্যখনত হোৱা ৰেপিড এন্টিজেন টেষ্ট কৰা 944 টা নমুনাৰ ভিতৰত অন্য পাঁচ গৰাকী আক্ৰান্ত ৰোগী ধৰা পৰে ৷ আক্ৰান্ত ছয় গৰাকীৰ ভিতৰত তিনি গৰাকী পুৰুষ, দুগৰাকী মহিলা, এটি এবছৰীয়া শিশু আৰু এজন 33 বৰ্ষীয় পুৰুষ আছে ৷

25 ফেব্ৰুৱাৰীৰ দিনটোত ৰাজ্যখনত 995 টা নমুনা পৰীক্ষা কৰা হয় ৷ ৰাজ্যখনত মুঠ ক'ভিড-19 আক্ৰান্তৰ সংখ্যা হৈছে 4419 গৰাকী ৷ ইয়াৰে 4382 গৰাকী সুস্থ হোৱাৰ পৰিৱৰ্তে 10 গৰাকীৰ মৃত্যু হৈছে ৷ 26 ফেব্ৰুৱাৰী পৰ্যন্ত ৰাজ্যখনত 27 গৰাকী ক'ভিড-19 ত আক্ৰান্ত ৰোগী আছে ৷

লগতে পঢ়ক: মিজোৰামত বন্ধ হ'ব ম্যানমাৰৰ তামোলৰ আমদানি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.