ETV Bharat / bharat

26/11 মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ - মুম্বাই আক্ৰমণ

নৱবৰ্ষৰ দ্বিতীয়টো দিনত দেশবাসীৰ বাবে সুখবৰ ৷ 26/11 মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ কৰিছে পাকিস্তান আৰক্ষীয়ে ৷

26/11 মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ

author img

By

Published : Jan 2, 2021, 3:35 PM IST

Updated : Jan 2, 2021, 4:19 PM IST

নিউজ ডেস্ক, 2 জানুৱাৰী : 26/11ৰ মুম্বাই আক্ৰমণৰ সৈতে জড়িত থকা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী জাকি-উৰ-ৰেহমান লাকভিক গ্ৰেপ্তাৰ কৰিছে পাকিস্তানে ৷ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তথা লস্কৰ-ই-তৈবাৰ কামাণ্ডাৰ লাকভিক সন্ত্ৰাসবাদজনিত গোচৰত গ্ৰেপ্তাৰ কৰিছে পাকিস্তান আৰক্ষীৰ চোৰাংচোৱা বিভাগে ৷ 2015ৰ পৰাই জামিনত মুকলি হৈ থকা লাকভিৰ বিৰুদ্ধে পাকিস্তানৰ সন্ত্ৰাসবাদ প্ৰতিৰোধী বিভাগে (CTD) লাভ কৰা তথ্যৰ ভিত্তিতে সন্ত্ৰাসবাদীটোক গ্ৰেপ্তাৰ কৰে ৷ এই সন্দৰ্ভত পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ চিটিডিয়ে এক বিজ্ঞপ্তি প্ৰকাশ কৰিছে ৷ লাকভিক সন্ত্ৰাসবাদক পূঁজি যোগান ধৰা অপৰাধতে গ্ৰেপ্তাৰ কৰিছে বিভাগটোৱে ৷ বিজ্ঞপ্তিটোত এইদৰে উল্লেখ কৰিছে বিভাগে ৷

সন্ত্ৰাসবাদক পূঁজি যোগান ধৰাৰ অভিযোগত লাহোৰ আৰক্ষী চকীত লস্কৰ-ই-তৈবাৰ অপাৰেশ্বন কামাণ্ডাৰ তথা 26/11 মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড জাকি-উৰ-ৰেহমান লাকভিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল বিভাগটোৱে ৷ লাকভিৰ বিৰুদ্ধে সন্ত্ৰাসবাদমুলক কাৰ্যকলাপৰ বাবে লাভ কৰা পূঁজিৰ সহযোগত এখন পশু চিকিৎসালয় চলাই অহাৰ অভিযোগ আছিল ৷

পাকিস্তানৰ লস্কৰ-ই-তৈবাৰ অপাৰেশ্বন কামাণ্ডাৰ লাকভিক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱৰ দ্বাৰা মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ পিচতেই গ্লোবেল সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছিল 2008 চনত ৷ মুম্বাইত হোৱা 26/11 আক্ৰমণৰ আঁৰতে আছিল জাকি-উৰ-ৰেহমান লাকভি, যাৰ নিৰ্দেশত 10টাকৈ সুসজ্জিত পাকিস্তানী সন্ত্ৰাসবাদীয়ে 166 ৰো অধিক লোকক হত্যা কৰাৰ লগতে 300 ৰো অধিক লোকক আঘাতপ্ৰাপ্ত কৰিছিল ৷

পৰৱৰ্তী সময়ত ছবছৰ জেলত কটোৱাৰ পিচতেই 2015ৰ এপ্ৰিল মাহত জেলৰ পৰা জামিনত মুকলি হৈছিল লাকভি আৰু তেতিয়াৰে পৰাই পাকিস্তান চৰকাৰৰ উচ্চ পৰ্যায়ৰ নিৰাপত্তা বেষ্টনীৰ মাজত জীৱন কটাই আহিছিল বিশ্বত্ৰাস সন্ত্ৰাসবাদীটোৱে ৷

কিন্তু শেহতীয়াকৈ ধাৰত পোত গৈ থকা পাকিস্তান চৰকাৰে পুনৰ গ্ৰেপ্তাৰ কৰিছে লাকভিক ৷ কিয়নো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 1267 প্ৰতিবন্ধক কমিটীয়ে লাকভিৰ বিৰুদ্ধে জাৰি কৰিছিল মাহিলী 1.5 লাখ টকাৰ জৰিমণা ৷ এই প্ৰতিবন্ধক কমিটীয়ে ৰাষ্ট্ৰসংঘই ঘোষণা কৰা সন্ত্ৰাসবাদীৰ সকলো পূঁজি আৰু অৰ্থনৈতিক কাম-কাজৰ লগতে বিত্তীয় দিশসমূহ বন্ধ কৰি ৰাখিবলৈ সংশ্লিষ্ট ৰাষ্ট্ৰখনক নিৰ্দেশনা প্ৰদান কৰাৰ লগতে কমিটীৰ নিৰ্দেশনাৰ ভিত্তিত ৰাষ্ট্ৰখনেই জৰিমণাসমূহো প্ৰদান কৰিব লাগে ৷

বিগত বৰ্ষৰ আগষ্টত কমিটীয়ে পাকিস্তানৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি লস্কৰ-ই-তৈবাৰ কামাণ্ডাৰ হাফিজ চৈয়দৰ বেংক একাউন্টসমূহৰ পৰা টকা উলিয়াবলৈ অনুমতি প্ৰদান কৰিছিল ৷ ৰাষ্ট্ৰসংঘৰ দ্বাৰা সন্ত্ৰাসবাদী ঘোষিত ব্যক্তিৰ খৰচৰ বাবে পাকিস্তানে ৰাষ্ট্ৰসংঘক কৰা এই অনুৰোধক ভাৰতে তীব্ৰ সমালোচনা কৰাৰ লগতে এয়া পাকিস্তানৰ সন্ত্ৰাসবাদক লৈ থকা দুমুখীয়া চৰিত্ৰৰ অন্যতম বুলি অভিহিত কৰিছিল ৷

লগতে পঢ়ক : প্ৰচণ্ড শীতক নেওচি ভাৰত-বাংলাদেশ সীমান্তত কৰ্মৰত বিএচএফ জোৱান

Last Updated : Jan 2, 2021, 4:19 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.