নেশ্যনেল ডেস্ক,26 এপ্ৰিল: পক্ষীকূলৰ বাবে নামি আহিছে ভয়াৱহতা ৷ শনিবাৰে ৰাজস্থানৰ সফেদ গাঁৱত 25টা দুষ্প্ৰাপ্য প্ৰজাতিৰ ময়ুৰ মৃত অৱস্থাত উদ্ধাৰ হৈছে ৷ উল্লেখ্য যে, বাৰ্ড ফ্লু বিয়পাৰ কেইমাহ পাচতে সংঘটিত হোৱা এই ঘটনাত প্ৰকৃতিপ্ৰেমীৰ মাজত পৰিছে শোকৰ ছাঁ ৷
প্ৰাপ্ত তথ্য অনুসৰি, প্ৰথম অৱস্থাত গাঁৱখনত 23টা ময়ুৰ মৃত প্ৰায় অৱস্থাত উদ্ধাৰ হৈছিল ৷ যাৰ ফলত গাঁওবুঢ়া গৰাকীয়ে ঘটনা সন্দৰ্ভত বন বিভাগ আৰু স্থানীয় প্ৰশাসনক অৱগত কৰে । পৰৱৰ্তী সময়ত গাঁৱখনত নাগৌৰ বন বিভাগ আৰু স্থানীয় প্ৰশাসনৰ এটা দলে অভিযান চলাই দেওবাৰে পুৱা পুনৰ দুটা দুষ্প্ৰাপ্য প্ৰজাতিৰ ময়ুৰ মৃত অৱস্থাত উদ্ধাৰ কৰে ৷
আৰক্ষী আৰু বন বিভাগে মৃত ময়ুৰ কেইটাক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ময়ুৰ কেইটাৰ কি কাৰণে মৃত্যু হৈছে সেই সম্বন্ধে বন বিভাগে বৰ্তমানলৈকে লাভ কৰা নাই কোনো তথ্য ৷
গাঁৱবাসীয়ে অভিযোগ কৰা অনুসৰি, কোনো দুষ্ট প্ৰকৃতিৰ লোকে শস্যত বিষাক্ত দ্ৰব্য ব্যৱহাৰ কৰি বন্য জন্তু চিকাৰ কৰাৰ পণ কৰিছে ৷ ইয়াৰ পূৰ্বে কেৰালা, মধ্য প্ৰদেশ, হিমাচল প্ৰদেশ, হাৰিয়ানা, গুজৰাট আৰু উত্তৰ প্ৰদেশৰ দৰে বিভিন্ন ৰাজ্যত বনৰীয়া বহু পক্ষী মৃত অৱস্থাত উদ্ধাৰ হৈছিল ৷ কিন্তু মৰণোত্তৰ পৰীক্ষাত পক্ষীসমূহৰ এভিয়ান ইনফ্লুৱেঞ্জাৰ ফলত মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছিল ৷
লগতে পঢ়ক: কৰ’ণাৰ ত্ৰাস : ত্ৰিপুৰাত সকলো অফলাইন পৰীক্ষা স্থগিত