নিউজ ডেস্ক , ২৭ জানুৱাৰী : গণৰাজ্য় দিৱসৰ দিনটোতে দিল্লীত শোকাৱহ ঘটনা । কৃষক আন্দোলনকাৰী আৰু দিল্লী আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত নিহত হয় ২৪ বছৰীয়া এজন প্ৰতিবাদকাৰী । মৃত্য়ু হোৱা যুৱকজন দিল্লীৰ ৰামপুৰ গাঁৱৰ চাহিব সিং যিজনে বিগত প্ৰায় দুই-তিনিদিন ধৰি আন কৃষকৰ সৈতে কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছিল ।
ঘটনাৰ পিছতে মৃত যুৱকজনৰ পৰিয়াল আৰু সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰাৰ লগতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । যুৱকজনক আৰক্ষীয়ে গুলীয়াই হত্য়া কৰাৰ গুৰুতৰ অভিযোগ যুৱকজনৰ পৰিয়ালৰ । মৃতদেহ প্ৰত্য়ক্ষ কৰাৰ পিছত ভুক্তভোগীৰ ককাদেউতাক হৰদীপ সিং দিবায়ে দাবী কৰিছে যে চাহিব সিঙক কপালত গুলীয়াই হত্য়া কৰা হৈছে । লগতে তেওঁ কয় যে আৰক্ষীয়ে নিজক বচাবলৈ ট্ৰেক্টৰ দুৰ্ঘটনাৰ ফলত মৃত্য়ু হোৱা বুলি মিছা প্ৰচাৰ চলাইছে ।
চৰকাৰে তেওঁৰ নাতিয়েকক হত্য়া কৰা বুলি দাবী কৰি কয় যে, কৃষকৰ প্ৰতিবাদ বন্ধ কৰিবলৈ বিভিন্ন ধৰণে ষড়যন্ত্ৰ অব্য়াহত ৰাখিছে আৰক্ষীয়ে । হৰদীপ সিঙে ইয়াকো প্ৰশ্ন কৰে যদি সঁচাকৈয়ে ট্ৰেক্টৰ বাগৰি যোৱাৰ ফলতে এই ঘটনা হৈছিল তেনেহ'লে তিনিঘন্টা ধৰি ৰাস্তাত পৰি থকা চাহিবক কিয় আৰক্ষীয়ে হাস্পতাল লৈ যোৱা নাছিল ?
কেৱল এয়াই নহয় শান্তিপূৰ্ণ প্ৰতিবাদক বিনষ্ট কৰিবলৈ দিল্লী আৰক্ষীৰ বেশত আৰএছএছ আৰু বিজেপি কৰ্মী আছিল বুলিও অভিযোগ উত্থাপন কৰে হৰদীপ সিঙে । বিগত তিনিমাহ ধৰি চলা এই শান্তিপূৰ্ণ প্ৰতিবাদক হিংসাত্মক ৰূপ দিবলৈ চৰকাৰে চেষ্টা চলোৱাৰো অভিযোগ উত্থাপন কৰে ভুক্তভোগী যুৱকজনৰ ককাদেউতাকে ।
ইফালে যথেষ্ট সংখ্য়ক আৰক্ষীৰ উপস্থিতিত নিশাই যুৱকজনৰ মৃতদেহ লৈ যোৱা হয় যুৱকজনৰ গৃহভূমি ৰামপুৰলৈ । জানিব পৰা মতে বুধবাৰে মৰণোত্তৰ পৰীক্ষা কৰা হ'ব যুৱকজনৰ মৃতদেহ ।
লগতে পঢ়ক :ৰাজস্থানত শোকাৱহ পথ দুৰ্ঘটনা