নেশ্যনেল ডেস্ক, ১৯ নৱেম্বৰ : অৱশেষত শ্ৰীলংকা চৰকাৰে মুকলি কৰি দিলে ২২ গৰাকী ভাৰতীয় মাছমৰীয়াক । শুকুৰবাৰে নিশা প্ৰায় ১১.৩০ বজাত শ্ৰীলংকা নৌসেনাই আন্তৰ্জাতিক সাগৰীয় সীমান্তত মাছমৰীয়াসকলক ভাৰতীয় পক্ষক হস্তান্তৰ কৰে । শুকুৰবাৰে মাছমৰীয়াসকলক আন্তৰ্জাতিক সীমান্ত পাৰ হোৱাৰ অভিযোগত শ্ৰীলংকাৰ নৌসেনাই আটক কৰিছিল ।
উল্লেখ্য যে, প্ৰায়ে ভাৰতীয় বা শ্ৰীলংকাৰ মাছমৰীয়াসকলে আন্তৰ্জাতিক সীমান্ত পাৰ কৰাৰ ফলত আটক হয় । কেতিয়াবা যদি ভাৰতীয় নৌসেনাই শ্ৰীলংকাৰ মাছমৰীয়াক আটক কৰে । আকৌ কেতিয়াবা ভাৰতীয় মাছমৰীয়া শ্ৰীলংকাৰ নৌসেনাৰ হাতত আটক হয় । অৱশ্যে দুয়োখন দেশৰ বুজাবুজিৰ বাবে নিৰ্দিষ্ট নিয়মৰ অধীনত পুনৰ মাছমৰীয়াসকলক মুকলি কৰি দিয়া হয় ।
শুকুৰবাবে ৰামনাথপুৰম জিলাৰ পাম্বান অঞ্চলৰ স্থানীয় মাছমৰীয়াসকলে শ্ৰীলংকাৰ বস্ত্ৰ খণ্ডৰ সাগৰৰ ওচৰত মাছ ধৰাৰ সময়ত পাম্বানৰ ২২ গৰাকী মাছমৰীয়াক শ্ৰীলংকাৰ নৌসেনাই জিম্মাত লয় । তেওঁলোকৰ দুখন নাও শ্ৰীলংকাৰ নৌসেনাই জব্দ কৰে । নৌসেনাই দাবী কৰিছিল যে ভাৰতীয় মাছমৰীয়া কেইজনে সীমান্ত অতিক্ৰম কৰি মাছ ধৰিবলৈ গৈছিল ।
একে সময়তে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে যোৱা নিশা বিভিন্ন কাৰ্যসূচীৰে ৰামেশ্বৰমত উপস্থিত হৈছিল । এই ক্ষেত্ৰত, মাছমৰীয়াৰ সংগঠনটোৱে মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে আৰু ২২ গৰাকী মাছমৰীয়াৰ মুক্তিৰ বাবে দাবী জনায় । লগে লগে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে মাছমৰীয়াসকলৰ দাবী মানি লৈ তাৎক্ষণিকভাৱে শ্ৰীলংকাৰ দূতাবাসৰ সৈতে যোগাযোগ কৰে ।
লগতে, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ হৈ মীমাংসাৰ আধাৰত বন্দী ৰামেশ্বৰম আৰু পাম্বানৰ মাছমৰীয়াসকলক যোৱা নিশা তেওঁলোকৰ নাওৰ সৈতে মুকলি কৰি দিয়া হয় । ইফালে মন্ত্ৰীগৰাকীৰ তাৎক্ষণিক পদক্ষেপক লৈ আনন্দিত মাছমৰীয়াসকলে ।
লগতে পঢ়ক : হিমাচল বিধানসভা সচিবালয় পৰিদৰ্শন অসম বিধানসভাৰ সাতজনীয়া দলৰ, নেতৃত্বত তেৰছ গোৱালা