ETV Bharat / bharat

কেৰালাৰ শাসনাধিষ্ঠ দলৰ বিধায়কক ৰেহাই নিদিয়ে উচ্চতম ন্যায়ালয়ে

author img

By

Published : Jul 28, 2021, 5:07 PM IST

২০১৫ চনত বিধানসভা লণ্ডভণ্ড কৰা বিধায়কৰ গোচৰ প্ৰত্যাহাৰৰ বাবে ত্ৰিপুৰাৰ কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (মাৰ্ক্সবাদী) নেতৃত্বধীন চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল । কিন্তু চৰকাৰৰ এই আবেদন নাকচ কৰে উচ্চতম ন্যায়ালয়ে ।

2015 Kerala Assembly vandalism
কেৰালাৰ শাসনাধিষ্ঠ দলৰ বিধায়কক ৰেহাই নিদিয়ে উচ্চতম ন্যায়ালয়ে

নেশ্যনেল ডেস্ক, ২৮ জুলাই : ২০১৫ চনত কেৰালা বিধানসভা(Kerala Assembly)ত সংঘটিত ঘটনাৰ অভিযুক্তক সহায় কৰিবলৈ ওলাইছে কেৰালা চৰকাৰ ৷ অভিযুক্ত বিধায়কৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল কেৰালা চৰকাৰ । পিছে উচ্চতম ন্যায়ালয়ৰ সন্মুখত মুখ থেকেচা খালে কেৰালা চৰকাৰে ।

উল্লেখ্য যে বিধানসভা লণ্ডভণ্ড কৰা বিধায়কৰ গোচৰ প্ৰত্যাহাৰৰ বাবে ত্ৰিপুৰাৰ কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (মাৰ্ক্সবাদী) নেতৃত্বধীন চৰকাৰে উচ্চতম ন্যায়ালয়(Supreme Court)ত আবেদন জনাইছিল । কিন্তু চৰকাৰৰ এই আবেদন নাকচ কৰে উচ্চতম ন্যায়ালয়ে । উল্লেখ্য যে, সেই সময়ত বিৰোধী দলত থকা চিপিআই(এম) নেতাসকলে উৎকোচৰ অভিযোগৰ সন্মুখীন হৈ থকা তদানীন্তন বিত্তমন্ত্ৰী কে এম মণিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল । আনকি বিধানসভাৰ আচবাবসমূহো প্ৰতিবাদকাৰী বিধায়কসকলে ভাঙি লণ্ডভণ্ড কৰিছিল ।

ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ এম আৰ শ্বাহক লৈ গঠিত বিচাৰপীঠে মন্তব্য কৰে যে, ৰাজ্য চৰকাৰে গোচৰ প্ৰত্যাহাৰৰ ক্ষেত্ৰত যিবোৰ বিশেষ অধিকাৰ আৰু প্ৰতিৰোধসমূহ উল্লেখ কৰিছে সেইবোৰে নেতাসকলক সংবিধান মানি নল'বলৈ আৰু সীমা অতিক্ৰম কৰিবলৈ অনুমতি নিদিয়ে । লগতে কোৱা হৈছে যে, কৰ্তব্যবোৰ বিশেষাধিকাৰৰ দৰেই অত্যাৱশ্যকীয় । ন্যায়াধীশ চন্দ্ৰচূড়ে কয় যে, নেতাসকলক অত্যাৱশ্যকীয় কামৰ বাবে বিশেষ অধিকাৰ দিয়া হয় আৰু সম্পত্তি ধ্বংস কৰাটো কোনো ধৰণৰ অত্যাৱশ্যকীয় কাম নহয় ।

ন্যায়াধীশ কেইজনে লগতে কৈছে যে, এই বিষয়টোত চৰকাৰৰ যিকোনো হস্তক্ষেপ এক ডাঙৰ অন্যায় হ'ব । কিয়নো বিধায়কসকলক যদি অপৰাধমূলক কাৰ্যক্ৰমৰ পৰা ৰেহাই দিয়া হয়, তেনেহ'লে বাকী সাধাৰণ নাগৰিকসকলক একাষৰীয়া কৰাৰ দৰে হ'ব । ইয়াৰ পাছত ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ আবেদন খাৰিজ কৰি কয় যে, ইয়াৰ কোনো অৰ্থ নাই আৰু বিধায়কসকলক জবাবদিহি কৰিবই লাগিব । অৰ্থাৎ কেৰালাৰ শাসনাধিষ্ঠ চিপিএম(CPIM)ৰ সদস্যসকল গোচৰটোৰ বিচাৰৰ সন্মুখীন হ'ব লাগিব ।

লগতে পঢ়ক :শাৰী পিন্ধি শৰীৰচৰ্চা কৰা মহিলাগৰাকী কোন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.