ETV Bharat / bharat

2013ৰ গান্ধী ময়দান বিষ্ফোৰণ: NIA আদালতে শাস্তি নিৰ্ধাৰণ কৰিব অভিযুক্তৰ - নিয়া আদালত

2013 চনৰ 27 অক্টোবৰত পাটনাৰ গান্ধী ময়দান বিষ্ফোৰণৰ ঘটনাৰ অভিযুক্তৰ শাস্তি নিৰ্ধাৰণ কৰিব NIAৰ বিশেষ আদালতে ৷ উক্ত ঘটনাত 6 গৰাকী নিৰীহ লোকে প্ৰাণ হেৰুওৱাৰ উপৰিও 84 গৰাকী লোক আহত হৈছিল ৷

2013 Gandhi Maidan blasts case: NIA to deliver quantum of punishment
2013ৰ গান্ধী ময়দান বিষ্ফোৰণ কাণ্ড: অভিযুক্তৰ শাস্তিৰ পৰিমাণ নিৰ্ধাৰণ কৰিব NIAই
author img

By

Published : Nov 1, 2021, 1:59 PM IST

নেশ্যনেল ডেস্ক, 1 নৱেম্বৰ : সোমবাৰে 2013 চনৰ গান্ধী ময়দান বিষ্ফোৰণৰ ঘটনাৰ অভিযুক্তৰ শাস্তি নিৰ্ধাৰণ কৰিব নিয়া (NIA)ৰ বিশেষ আদালতে ৷ 2013 চনত বৰ্তমানৰ প্ৰধানমন্ত্ৰী আৰু তেতিয়াৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোডীৰ পাটনাৰ হাংকাৰ ৰেলী ভেন্যুত সংঘটিত ধাৰাবাহিক বিষ্ফোৰণৰে জড়িত থকাৰ সন্দেহত দহগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ ইয়াৰে 9 গৰাকীয়ে উক্ত ঘটনাৰ বাবে দোষী সাব্যস্ত হয় যদিও এগৰাকী অভিযুক্ত ফকৰুদ্দিনৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ নথকাৰ বাবে নিৰ্দোষী সাব্যস্ত কৰা হয় ৷

2013 চনৰ 27 অক্টোবৰত সংঘটিত এই বিষ্ফোৰণৰ ঘটনাত 6 গৰাকী লোক নিহত হোৱাৰ বিপৰীতে 84 গৰাকী লোক আহত হৈছিল ৷ সেই একেটা দিনটো পাটনা জংশন ৰে’ল ষ্টেচনতো সংঘটিত হৈছিল বিষ্ফোৰণ ৷ এই ঘটনাৰ তদন্তৰ দায়িত্ব 2013 চনৰ 6 নৱেম্বৰত নিয়াই নিজৰ হাতলৈ নিয়ে ৷

ইয়াৰ পিছতে 2014 চনত 11 গৰাকী লোকৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছিল নিয়াই ৷ ইয়াৰ ভিতৰত 10 গৰাকী অভিযুক্ত Student's Islamic Movement of India (SIMI)ৰ সদস্য আছিল ৷ অভিযুক্তসকলৰ ভিতৰত এজন নাবালক আছিল যাক পৰৱৰ্তী সময়ত juvenile homeলৈ প্ৰেৰণ কৰা হয় ৷

অভিযুক্তসকল আছিল ক্ৰমে- হায়দৰ আলী, নোমান আনচাৰী, মঃ মুজিবুল্লা আনচাৰী, ইমতিয়াজ আলম, আহমেদ হুছেইন, ফকৰুদ্দিন, মঃ ফিৰোজ অছলম, ইমতিয়াজ আনচাৰী, মঃ ইফতিকাৰ আলম, আজাহৰুদ্দিন কুৰেশ্বী আৰু তৌফিক আনচাৰী ৷

লগতে পঢ়ক : উত্তৰ প্ৰদেশৰ 46 টা ৰে’লৱে ষ্টেচন উৰুৱাই দিয়াৰ ভাবুকি লষ্কৰ-ই-তৈবাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.