নেশ্যনেল ডেস্ক, 23 জুন: জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত এজন ২০ বছৰীয়া যুৱকৰ মৃত্যুৱে সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ নিশা ঘৰলৈ গৈ থকা অৱস্থাতে অচিনাক্ত আক্ৰমণকাৰীয়ে যুৱকজনক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । মঙলবাৰে চিকিৎসাধীন অৱস্থাতে যুৱকজনৰ মৃত্যুৰ পাচতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে ৷ আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে নিশা এই ঘটনাটো সংঘটিত হৈছিল ৷
ৰাজৌৰীৰ মুৰাদপুৰ অঞ্চলৰ ওচৰত থানামাণ্ডিৰ ৰাজধানী গাঁৱৰ বাসিন্দা আজাজ দাৰে নামৰ যুৱকজনক দুৰ্বত্তৰ দলটোৱে উপৰ্যুপৰি আক্ৰমণ কৰিছিল ৷ মূমুৰ্ষ অৱস্থাত যুৱকজনক উদ্ধাৰ কৰি আৰক্ষীয়ে চিকিৎসালয়লৈ লৈ আহিছিল ৷ কিন্তু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনে মঙলবাৰে মৃত্যুক আকোৱালি লয় ৷
ইফালে, ভুক্তভোগী যুৱকজনৰ পৰিয়ালে জনোৱা মতে, আজাজ দাৰে নিশা নিজ বাহনত ম'হ এটা লৈ গৈ আছিল ৷ ইয়াৰ পিছতে গো-ৰক্ষক ৰূপী দুৰ্বৃত্তৰ দলটোৱে দাৰক আক্ৰমণ কৰিছিল ৷ সম্প্ৰতি দাৰৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ লগতে আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে ৷
পৰিয়ালৰ গোচৰৰ পাচতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখ্যে যে, সমগ্ৰ দেশতে দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বিভিন্ন অপৰাধজনিত ঘটনা ৷ এটাৰ পাচত আনটোকৈ সংঘটিত হৈছে এনে গণ আক্ৰমণৰ ঘটনা ৷
লগতে পঢ়ক: ২০০৫ চনৰ IISC আক্ৰমণৰ অভিযুক্তক মুকলিৰ সিদ্ধান্ত NIAৰ বিশেষ আদালতৰ