ETV Bharat / bharat

Gujrat Rape Incident: ১৭ বছৰীয়া এজনী ছোৱালীক একেৰাহে ৬ দিন ধৰ্ষণ কৰাৰ অপৰাধত ২০ বছৰৰ কাৰাদণ্ড

author img

By

Published : Aug 18, 2023, 8:01 PM IST

চুৰাটৰ ১৭ বছৰীয়া কিশোৰী এগৰাকীক একেৰাহে ৬ দিন ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত আব্দুল মাধিক ২০ বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে । পৰিয়ালৰ লোকে অপৰাধ সংঘটিত কৰাৰ উদ্দেশ্যেৰে অপহৰণ কৰাৰ অভিযোগ তুলি অভিযুক্তৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে । এই ঘটনাৰ ফাষ্ট ট্ৰেক আদালতত গোচৰ চলিছিল ।

20 YEARS IMPRISONMENT
২০ বছৰৰ কাৰাদণ্ড

নেশ্যনেল ডেস্ক, 18 আগষ্ট : ১৭ বছৰীয়া কিশোৰীক একেৰাহে ছয় দিন ধৰ্ষণ কৰা আব্দুল মাধিক ২০ বছৰৰ কঠোৰ কাৰাদণ্ড আৰু ৫ হাজাৰ টকা জৰিমনা বিহা হৈছে । নাবালক ভুক্তভোগীক ৪৫ হাজাৰ টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়া হৈছে । নৰাধমে ছোৱালীজনীক একেৰাহে ছয় দিন ধৰি ধৰ্ষণ কৰিছিল ।

এই সন্দৰ্ভত চৰকাৰী অধিবক্তা দীপেশ ডেভে কয় যে শচীন থানা এলেকাৰ অন্তৰ্গত লাজপুৰ গাঁৱত বাস কৰা শ্ৰমিক শ্ৰেণীৰ পৰিয়ালৰ ১৯ বছৰীয়া কন্যাই কাপোৰৰ কাৰখানাত চাফাই কৰ্মী হিচাপে কাম কৰি পৰিয়ালটোক পোহপাল দিয়ে ৷ কাৰখানালৈ অহা-যোৱা কৰিবলৈ দৈনিক তাই অভিযুক্ত আব্দুল হামিদ হাছিম মাধিৰ ইকো গাড়ীত উঠিছিল । ২০২২ চনৰ ৮ অক্টোবৰৰ পুৱা অভিযুক্ত আব্দুলে কিশোৰীগৰাকীক ​​অটোৰিক্সাত বহুৱাইছিল আৰু শচীন এলেকাৰ মল্ল ডাইয়িং মিলৰ সমীপত অটোখন এৰি তাইৰ সৈতে পলায়ন কৰে । অভিযুক্তই এছটি বাছৰ সহায়ত কিশোৰীগৰাকীক আহমেদাবাদলৈ লৈ যায় ।

"কিশোৰীগৰাকীক আহমেদাবাদৰ পৰা আজমেৰলৈ লৈ যোৱাৰ সময়ত চলন্ত বিলাসী বাছত তাইৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে অভিযুক্ত আব্দুলে ৷ তাৰ পিচত আজমেৰৰ পৰা দহানুৰ সমীপৰ বৰ্ডী গাঁৱলৈ আব্দুলে তাইক বায়েকৰ ঘৰলৈ লৈ যায় আৰু তাতো তাইৰ লগত একেদৰেই শাৰীৰিক সম্পৰ্ক স্থাপন কৰে । একেৰাহে ছয় দিন তাইৰ ইচ্ছাৰ বিৰুদ্ধে শাৰীৰিক সম্পৰ্ক ৰাখি যৌন নিৰ্যাতন চলাই আব্দুলে । আনহাতে কিশোৰীগৰাকীৰ পৰিয়ালে গম পায় যে আব্দুল মাধিয়ে তাইক ধৰ্ষণ কৰাৰ উদ্দেশ্যেৰে অপহৰণ কৰিছে । লগে লগে পৰিয়ালৰ লোকে শচীন থানাত এজাহাৰ দাখিল কৰে"- দীপেশ ডেভ, চৰকাৰী অধিবক্তা ৷

চৰকাৰী অধিবক্তাৰ মতে, শচীন আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লয় আৰু অভিযুক্তজনক লগে লগে গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে অভিযুক্তজনৰ বিৰুদ্ধে ২৫ দিনৰ ভিতৰত আদালতত অভিযোগপত্ৰ দাখিল কৰিছিল । বিশেষ গোচৰটোৰ শুনানি এখন ফাষ্ট ট্ৰেক আদালতত হৈছিল আৰু অৱশেষত, প্ৰয়োজনীয় প্ৰমাণৰ ভিত্তিত, ন্যায়াধীশ শকুন্তলা সোলাঙ্কীয়ে অভিযুক্ত আব্দুল মাধিক ৫,০০০ টকাৰ জৰিমনাসহ ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় দিয়ে । আদালতে নাবালিকা ভুক্তভোগীক ৪৫,০০০ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ দিছে ।

লগতে পঢ়ক : Buxar crime news : চকলেটৰ প্ৰলোভনেৰে অসৎ কামনা চৰিতাৰ্থ; ভুক্তভোগী পৰিয়ালক ভীতি প্ৰদৰ্শন অভিযুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.