ETV Bharat / bharat

অন্ধ্ৰপ্ৰদেশত বৃহৎ মূল্যৰ গুটখা ভৰ্তি ট্ৰাক জব্দ,আটক দুজন

শুকুৰবাৰে কৃষ্ণাত এখন ট্ৰাকৰ পৰা 10.3 লাখ টকাৰ গুটখা,2 কিলোগ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে সৰবৰাহকাৰী আৰু ক্ৰেতাজনক আটক কৰে অন্ধ্ৰপ্ৰদেশ আৰক্ষীয়ে ৷ কলকাতাৰ পৰা ভুয়ুৰু চহৰলৈ নিয়া হৈছিল এই অবৈধ সামগ্ৰীসমূহ ৷

author img

By

Published : Dec 26, 2020, 10:44 AM IST

Andhra police seized huge cache of gutka
অন্ধ্ৰপ্ৰদেশত বৃহৎ মূল্যৰ গুটখা ভৰ্তি ট্ৰাক জব্দ

নেশ্য়নেল ডেস্ক,26 ডিচেম্বৰ : অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণাত শুকুৰবাৰে 10.3 লাখ টকাৰ গুটখা জব্দ কৰে অন্ধ্ৰপ্ৰদেশ আৰক্ষীয়ে ৷ কলকাতাৰ পৰা ভুয়ুৰু চহৰলৈ নি থকা অৱস্থাতে জব্দ কৰা হয় গুটখাখিনি ৷

গুডিৱাড়াৰ উপ আৰক্ষী অধীক্ষক সত্যনন্দনে জনোৱা মতে,পামাৰুৰ চিআই কিশোৰ বাবু,এছআই শ্ৰীহৰি বাবু আৰু তেওঁলোকৰ নেতৃত্বত এটা দলে গোপন তথ্য়ৰ ভিত্তিত এখন ট্ৰাকৰ পৰা 10 লাখতকৈও অধিক মূল্যৰ গুটখা আৰু 2 কিলোগ্ৰাম গাঞ্জা জব্দ কৰে ৷ উড়িষাৰ গণেশ নামৰ এজন সৰবৰাহকাৰীয়ে কলকাতাৰ পৰা ভুয়ুৰুলৈ লৈ গৈ আছিল সামগ্ৰীসমূহ ৷ ভুয়ুৰু চহৰত গাঞ্জা ক্ৰয় কৰা লোকজনৰ লগতে সৰবৰাহকাৰী গণেশক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

চহৰখনৰ কাণ্টাৰাও নামৰ লোকজনে দীৰ্ঘদিনৰ পৰা গাঞ্জাৰ ব্যৱসায় কৰি থকা বুলি উপ আৰক্ষী অধীক্ষক গৰাকীয়ে সদৰি কৰে ৷ গাঞ্জা কঢ়িয়াই নিয়া ট্ৰাকখনৰ চালক গণেশৰ সৈতে যোগাযোগ কৰিছিল গাঞ্জা ব্যৱসায়ী কাণ্টাৰাওৱে ৷ ট্ৰাকখন পামাৰুত উপস্থিত হোৱাৰ পাচত ট্ৰাকখনৰ তালাচী লোৱা হয় ৷

আৰক্ষীয়ে গুটখা,গাঞ্জাসহ তিনিটা ম’বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় ৷ কাণ্টাৰাও আৰু গণেশক আটক কৰাৰ লগতে এই সৰবৰাহ কাৰ্যত জড়িত থকাসকলৰ তালাচী অব্যাহত ৰাখিছে অন্ধ্ৰপ্ৰদেশ আৰক্ষীয়ে ৷

লগতে পঢ়ক : অউফ আব্দুল ৰহমান হত্য়াকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.