নেচনেল ডেস্ক, ৩ ফেব্ৰুৱাৰী: কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি জম্মু আৰু কাশ্মীৰত বৰ্তমানেও প্ৰায় ১৮৩ গৰাকী লোক ডিটেনশ্যনত আছে । বুধবাৰে সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই কথা প্ৰকাশ কৰে ।
ৰাজ্যিক গৃহ মন্ত্ৰী জি কিষণ ৰেড্ডীয়ে কয় যে, ২০১৯ ৰ ১ আগষ্টৰ পৰা বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত কৰ্মৰত প্ৰায় ৬১৩ গৰাকী লোকক ডিটেনশ্যনত ৰখা হৈছে ।
কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জি কিষণ ৰেড্ডীয়ে প্ৰদান কৰা মন্তব্য অনুসৰি ইয়াৰ মাজৰ ৪৩০ গৰাকীক নিয়মিত পৰ্যালোচনা আৰু প্ৰাৰম্ভিক পৰিস্থিতিৰ ভিত্তিত ইতিমধ্যে মুকলি কৰি দিয়া হৈছে ।
ৰেড্ডীয়ে লগতে কয় যে, জম্মু আৰু কাশ্মীৰ চৰকাৰে জনোৱা মতে জম্মু আৰু কাশ্মীৰৰ প্ৰাদেশিক অঞ্চল সমূহতো বৰ্তমান কোনো লোক গৃহবন্দী হৈ থকা নাই ।
তেওঁ কয় যে, ধাৰা ৩৭০ প্ৰত্যাহাৰে জম্মু আৰু কাশ্মীৰ আৰু লাডাখক দেশৰ মুখ্য ধাৰাত অন্তৰ্ভুক্ত কৰিছে, যাৰ জৰিয়তে ভাৰতীয় সংবিধানপ্ৰদত্ত অধিকাৰ সমূহ দেশৰ অন্যান্য প্ৰান্তৰ জনসাধাৰণৰ সমান্তৰালকৈ জম্মু আৰু কাশ্মীৰ আৰু লাডাখৰ জনসাধাৰণেও উপভোগ কৰিছে ।
লগতে পঢ়ক: জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ বিৰুদ্ধে সৰৱ পিডিপি নেত্ৰী মেহবুবা মুফটি