ETV Bharat / bharat

Russia Ukraine war: যুদ্ধবিদ্ধস্ত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীৰ হাঁহাকাৰ - ৰাছিয়াৰ আক্ৰমণত কোঙা ইউক্ৰেইন

যুদ্ধবিদ্ধস্ত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীৰ হাঁহাকাৰ । নিৰাপত্তাহীনতাত ভুগিছে শিক্ষাৰ্থী সকলে । মহাৰাষ্ট্ৰৰ আহমেদ নগৰৰ ১৮ গৰাকী শিক্ষাৰ্থীয়ে স্থানান্তৰ বিছাৰি প্ৰেৰণ কৰিলে SOS (Russia Ukraine war)।

Student cries trapped in Ukraine
যুদ্ধবিদ্ধস্ত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীৰ হাঁহাকাৰ
author img

By

Published : Feb 25, 2022, 10:49 PM IST

নেশ্যনেল ডেস্ক, ২৫ ফেব্ৰুৱাৰীঃ ৰাছিয়াৰ আক্ৰমণত কোঙা ইউক্ৰেইন । ইউক্ৰেনবাসীৰ মাজত এতিয়া হাহাকাৰময় পৰিস্থিতি। ইফালে আবদ্ধ হৈ পৰিছে বহু ভাৰতীয় শিক্ষাৰ্থী। মহাৰাষ্ট্ৰৰ ১৮ গৰাকী শিক্ষাৰ্থী আৱদ্ধ হৈ পৰিছে ইউক্ৰেইনত। স্থানান্তৰ বিছাৰি SOS প্ৰেৰণ কৰিছে ভাৰতীয় কৰ্তৃপক্ষলৈ ।

তেওঁলোকক স্থানান্তৰ কৰিবলৈ কৰ্তৃপক্ষক জনাইছে এক দুখজনক আহ্বান । মহাৰাষ্ট্ৰৰ আহমেদ নগৰ জিলাৰ শিক্ষাৰ্থী কেইজন বৰ্তমান ইউক্ৰেইনত আবদ্ধ হৈ আছে আৰু ভাৰতীয় কৰ্তৃপক্ষৰ দ্বাৰা তেওলোকক স্থানান্তৰৰ বাবে আবেদন জনাইছে । তেওঁলোক বৰ্তমান সুৰক্ষিত অৱস্থাত থকাৰ লগতে পিতৃ-মাতৃৰ সৈতে সম্পৰ্কত থকা বুলিও জনাইছে ।

চৰকাৰী সূত্ৰ অনুসৰি, আহমেদ নগৰৰ বাসিন্দা শিক্ষাৰ্থীসকল ইউক্ৰেইনৰ বিভিন্ন মহাবিদ্যালয় চৌহদত আৱদ্ধ হৈ আছে আৰু ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসক তেওঁলোকক আন্তৰিকতাৰে স্থানান্তৰ কৰিবলৈ অনুৰোধ জনাইছে । তেওঁলোক বৰ্তমান সুৰক্ষিত যদিও বৃহস্পতিবাৰৰ পৰা ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণ কৰি সৈনিক আৰু সাধাৰণ নাগৰিকসহ ৪০ জন লোকক হত্যা কৰাৰ পিছত তেওঁলোক অধিক শংকিত হৈ পৰিছে বুলিও অৱগত কৰিছে ।

এক শৈক্ষিক পৰামৰ্শ পৰিচালনা কৰা ড০ মহেন্দ্ৰ ঝাৱাৰে পাটিলৰ মতে ৰাজ্যখনৰ কেইবাজনো শিক্ষাৰ্থীয়ে তেওঁৰ ফাৰ্মৰ জৰিয়তে শিক্ষাৰ বাবে ইউক্ৰেইনলৈ গৈছে । সমগ্ৰ মহাৰাষ্ট্ৰৰ পৰা মুঠ ৪০ জন শিক্ষাৰ্থী ইউক্ৰেইনত আৱদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে ।

ঝাৱাৰে কয় যে এই সকলো শিক্ষাৰ্থীৰ সৈতে যোগাযোগ কৰা হৈছে । ইউক্ৰেইনত আৰু কোনো শিক্ষাৰ্থী আবদ্ধ হৈ আছে নেকি? সেই তথ্যৰ বাবে আহমেদনগৰৰ জিলা প্ৰশাসনে শিক্ষাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে যোগাযোগ অব্য়াহত ৰাখিছে ।

ভাৰতীয় দূতাবাসে সময়ে সময়ে শিক্ষাৰ্থীসকলৰ সৈতে যোগাযোগ কৰি আহিছে । আৱদ্ধ হৈ পৰা শিক্ষাৰ্থীসকলক দূতাবাসে জাৰি কৰা নিৰ্দেশনা অনুসৰণ কৰিবলৈ অনুৰোধ জনাইছে ।

লগতে পঢ়কঃ 'Legal or illegal': বিটকইনৰ ওপৰত নিজৰ স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.