ETV Bharat / bharat

ফাকুৱাৰ দিনটোত উত্তৰ প্ৰদেশত ১৮ টাকৈ হত্যাকাণ্ড - ফাকুৱাৰ দিনটোত উত্তৰ প্ৰদেশত ১৮ টাকৈ হত্যাকাণ্ড

চাৰিওফালে ফাকুৱাকলৈ উৎসাহ উদ্দীপনাৰ মাজতে উত্তৰ প্ৰদেশত কেইবাটাও লোমহৰ্ষক ঘটনা । বাৰাণসী, আজমগড়, বৰেলী, আগ্ৰাকে ধৰি ৰাজ্যখনৰ বিভিন্ন স্থানত ১৮ টা হত্যাৰ ঘটনা সংঘটিত হয় ।

ফাকুৱাৰ দিনটোত উত্তৰ প্ৰদেশত ১৮ টাকৈ হত্যাকাণ্ড

author img

By

Published : Mar 31, 2021, 8:12 PM IST

নেশ্যনেল ডেস্ক, ৩১ মাৰ্চ: উত্তৰ প্ৰদেশত, ফাকুৱা উদযাপনৰ দিনটোত ১৮ টাকৈ হত্যাকাণ্ড সংঘটিত হয় । প্ৰেম আৰু ভাতৃত্ববোধৰ ৰঙীণ উৎসৱত ৰাজ্যখনত তেজৰ ফাকুৱা খেলিলে একাংশ লোকে । বাৰাণসী, আজমগড়, বৰেলী, আগ্ৰাকে ধৰি ৰাজ্যখনত ১৮ টা হত্যাৰ ঘটনা সংঘটিত হয় ।

বাৰাণসীত তিনিটা স্থান ফাকুৱাৰ দুটা দিনতে সংঘৰ্ষৰ সৃষ্টি হয় আৰু দুটাকৈ হত্যাৰ ঘটনা পোহৰলৈ আহে । হোলীকা দহণৰ নিশা বাৰাণসীৰ মিৰ্জামুৰাদ আৰক্ষী থানা অঞ্চলত কিছুমান দুষ্কৃতিকাৰীয়ে গুলীবৰ্ষণ কৰাৰ সময়ত এজন ১৬ বছৰীয়া কিশোৰ নিহত হয় । ঘটনাটোত ৮ বছৰীয়া কিশোৰীকে ধৰি এজন যুৱক গুৰুতৰভাৱে আহত হয় । দ্বিতীয়টো ঘটনা চৌবপুৰ আৰক্ষী থানাৰ বাৰী গাঁৱত সংঘটিত হয় । ঘৰৰ বাহিৰত কাজিয়া কৰি থকা একাংশ যুৱকক গাওঁখনৰ বিডিচি ৰাজু ৰাজভাৰে বাধা প্ৰদান কৰিছিল । পিছত সন্ধিয়া দুস্কৃতিকাৰীয়ে ঘৰত প্ৰৱেশ কৰি ৰাজু ৰাজভাৰক প্ৰহাৰ কৰিছিল আৰু ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল ।

আগ্ৰাৰ জগদীশপুৰ অঞ্চলত ফাকুৱাৰ নিশা এগৰাকী ৬৫ বয়সীয়া বৃদ্ধ মহিলাক নিৰ্মমভাৱে হত্যা কৰা হয় । ঘৰৰ বাহিৰত ফাকুৱা খেলা আৰু সুৰাপান কৰা কাৰ্যক বাধা দিয়াৰ বাবে ঘৰত প্ৰৱেশ কৰি মহিলাগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ।

উত্তৰ প্ৰদেশৰ ত্ৰিস্তৰীয় পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আজমগড় জিলাৰ বৰহদ আৰক্ষী থানাৰ আসৌৰ চোনহৰা গাঁৱত ফাকুৱাৰ দিনা অনিল যাদৱক লাঠিৰে প্ৰহাৰ কৰাৰ ফলত মৃত্যু হয় । ঘটনা সন্দৰ্ভত প্ৰাক্তন গাওঁবুঢ়াসহ ৯ গৰাকী ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । গাওঁখনৰ গাওঁবুঢ়া নিৰ্বাচনৰ বাবে তেওঁ এসপ্তাহ আগতে গাওঁলৈ উভতি আহিছিল আৰু নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে মন মেলিছিল ।

মেৱাটি অঞ্চলত ঘৰত প্ৰৱেশ কৰি একাংশ দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ফলত প্ৰাপ্তবয়স্ক এগৰাকী মহিলাৰ মৃত্যু হয় । মহিলাগৰাকীৰ পৰিয়ালে ৭ জন যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ।

চান্দাউলিত, ববুড়ি আৰক্ষী থানা অন্তৰ্গত হাৰ্ডিকা গাঁৱত ফাকুৱাত ডিজেৰ বজোৱাকলৈ দুটা পক্ষৰ মাজত বিতৰ্কৰ সৃষ্টি হয় আৰু এই ঘটনাত অৰ্জুন প্ৰসাদ নামৰ লোক এজন নিহত হয় আৰু কেইবাগৰাকী আহত হয় । বৰ্তমান, আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে দুয়োটা পক্ষত এটা গোচৰ ৰুজু কৰিছে আৰু গোচৰটোৰ তদন্ত আৰম্ভ কৰিছ ।

অযোধ্যাত ৰোনাহীৰ তেহচিনপুৰ গাঁৱত ফাকুৱা উৎসৱত এটা পৰিয়ালত সুৰাই কাল হ'ল । কাজিয়াৰ অন্তত সুৰামত্ত স্বামীয়ে পত্নীক চুৰিৰে হত্যা কৰে ।

উন্নাও জিলাত ফাকুৱাৰ নিশা আছোহা আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱৰ শুকান পুখুৰীত উদ্ধাৰ ১০ বছৰীয়া শিশুৰ মৃতদেহ । জানিব পৰা মতে ১০ বছৰীয়া সঞ্জিতে সোমবাৰে নিশা ডিজে চাবলৈ গৈছিল আৰু পুৱা এটা শুকান পুখুৰীত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিল ।

লক্ষ্ণৌত অধিবক্তা নীতিন তিৱাৰীক ভাতৃ ব্যৱসায়ী নীতিন আৰু প্ৰবীন আগৰৱালাই হত্যা কৰে । আৰক্ষীয়ে ২৭ মাৰ্চৰ পৰা সন্ধানহীন অধিবক্তা নীতিন তিৱাৰীৰ গোচৰত সন্ধানহীন গোচৰ ৰুজু কৰিছিল । তেওঁৰ শৰীৰটো ২৯ মাৰ্চত পোৱা গৈছিল । আৰক্ষীয়ে আগৰৱাল ভাতৃসকলক গ্ৰেপ্তাৰ কৰিছে ।

শ্বাহজাহানপুৰত ফাকুৱাৰ দিনা গোবিন্দ ওৰফে দলবীৰক গুলীয়াই হত্যা কৰা হয় । ঘটনাটো সন্দৰ্ভত তিনিজন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । পিতৃয়ে অভিযোগ কৰা মতে গাওঁৰ বাসিন্দা নাথুৰ ঘৰৰ ওচৰত কৃষ্ণ প্ৰভোধ সিঙৰ তেওঁৰ পুত্ৰ গোবিন্দক পিষ্টলেৰে বুকুত গুলীয়াই হত্যা কৰে ।

ফাকুৱাৰ আনন্দ উল্লাহৰ মাজতে সুথেনা গাঁৱৰ দীপক ওৰফে দিপুক গুলীয়াই হত্যা কৰা হয় । ঘটনাটোৰ পিছতে অভিযুক্তজন পলায়ন কৰে । ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
বুলন্দ চহৰৰ শিকাৰপুৰ কোটৱালী অঞ্চলৰ আচ্চৰু কালান গাওঁৰ বিখ্যাত ঢাকৱালা মন্দিৰৰ পুৰোহিত অশোক কুমাৰক দুৰ্বৃত্তই ডিঙি চেপি হত্যা কৰে । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক:আন্তঃগাঁঠনি উন্নয়নৰ বাবে আৰু এটা বেংক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.