ETV Bharat / bharat

কাৰাগাৰৰ কয়দীক হত্যাত অভিযুক্ত ১৫ জনক মৃত্যুদণ্ডৰ আদেশ ঝাৰখণ্ড আদালতৰ - IPC sections 302

আদালতে আন সাতজন লোকক হত্যাৰ প্ৰচেষ্টাত লিপ্তৰ অভিযোগত ভাৰতীয় দণ্ড বিধিৰ ধাৰা ৩০৭ ৰ অধীনত দোষী সাব্যস্ত কৰে আৰু ১০ বছৰৰ কাৰাদণ্ড বিহে (7 accused sentenced to 10 years jail)।

Jharkhand
Jharkhand
author img

By

Published : Aug 18, 2022, 4:53 PM IST

নিউজ ডেস্ক, ১৮ আগষ্ট : ২০১৯ চনত দুটা গোটৰ মাজত সংঘৰ্ষৰ সময়ত জামছেদপুৰৰ ঘাঘিডিহ কেন্দ্ৰীয় কাৰাগাৰৰ (Ghaghidih Central Jail) এজন কয়দীক হত্যা কৰাৰ বাবে বৃহস্পতিবাৰে ঝাৰখণ্ডৰ পূব সিংভূম জিলাৰ এখন আদালতে পোন্ধৰজন লোকক মৃত্যুদণ্ডৰ আদেশ দিয়ে (15 people sentenced death by a court in Jharkhand)। অতিৰিক্ত জিলা ন্যায়াধীশ-৪ ৰাজেন্দ্ৰ কুমাৰ সিনহাৰ আদালতে উক্ত ১৫ জন লোকক ভাৰতীয় দণ্ড বিধিৰ (IPC sections 302) ধাৰা ৩০২ (হত্যা) আৰু ১২০বি (অপৰাধমূলক ষড়যন্ত্ৰ)ৰ অধীনত দোষী সাব্যস্ত কৰি ফাঁচিৰ ৰায় প্ৰদান কৰা বুলি জনাইছে অতিৰিক্ত চৰকাৰী অধিবক্তা ৰাজীৱ কুমাৰে ।

ইয়াৰ উপৰি, মনোজ সিঙৰ সঙ্গী সুমিত সিঙক গুৰুতৰভাৱে আঘাত কৰাৰ গোচৰত ৭ জন অভিযুক্তক ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি দিয়া হৈছে (7 accused sentenced to 10 years)। উল্লেখ্য, মনোজ সিঙক ২৫ জুন ২০১৯ ত ঘাগিডিহ কেন্দ্ৰীয় কাৰাগাৰত আন বন্দীসকলে হত্যা কৰিছিল । এই সময়ছোৱাত মনোজ সিঙৰ সৈতে আন এজন বন্দী সুমিত সিঙো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

কাৰাগাৰৰ কয়দীক হত্যাত অভিযুক্ত ১৫ জনক মৃত্যুদণ্ডৰ আদেশ ঝাৰখণ্ড আদালতৰ

উল্লেখ্য, কাৰাগাৰত হত্যাৰ গোচৰটোৰ ওপৰত উচ্চ ন্যায়ালয়ে গুৰুত্ব আৰোপ কৰিছিল । যৌতুকৰ বাবে নিৰ্যাতন আৰু পত্নী হত্যাৰ (dowry harassment and murder) অভিযোগত মনোজ সিঙক ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি দিয়া হৈছিল । কাৰাগাৰৰ ভিতৰত একনায়কত্ব চলোৱাৰ বাবে তেওঁক ২০১৯ চনৰ ২৫ জুনত প্ৰহাৰ কৰি হত্যা কৰা হয় । গোচৰটোৰ ন্যায়িক প্ৰক্ৰিয়াৰ সময়ত, অনুসন্ধানটোত ঘটনাটোৰ অপৰাধীসকলক চিনাক্ত কৰি পৰৱৰ্তী পদক্ষেপ লোৱা হয় । ইয়াৰ পিছত জামছেদপুৰ আদালতে বিষয়টোৰ ওপৰত নিজৰ ৰায় প্ৰদান কৰে ।

গোচৰটোৰ শুনানিৰ সময়ত ন্যায়াধীশ ৰাজেন্দ্ৰ সিনহাৰ আদালতে শাস্তিৰ বিষয়টোৰ ওপৰত শুনানি প্ৰদান কৰি 15 জন অভিযুক্তক দোষী সাব্যস্ত কৰে আৰু দোষীকেইজনক মৃত্যুদণ্ড প্ৰদান কৰে । আহাতে, মনোজ সিঙৰ সহযোগী সুমিত সিঙক গুৰুতৰভাৱে আঘাত কৰা ৭ জন অভিযুক্তক ১০ বছৰৰ কাৰাদণ্ড বিহা হয় ।

মৃত্যুদণ্ড বিহা দোষীসকল হৈছে শ্যামু জোজো, পঞ্চনান পাত্ৰো, পিংকু পূৰ্তি, অজয় মাল্লাহ, অৰূপ কুমাৰ বসু, ৰাম ৰায় সুৰিন, ৰামৈ কাৰুয়া, গংগাধৰ খাণ্ডাইত, ৰামেশ্বৰ আংগাৰিয়া, গোপাল তিৰিয়া, শৰৎ গোপ, বাসুদেৱ মহাতো, জানি আনচাৰা, শিৱ শংকৰ ডিগী আৰু সঞ্জয় ডিগী ।

একে সময়তে, ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহাসকল হৈছে ছোৱেব আখতাৰ, মো তৌকীৰ, অজিত দাস, চনু লাল, সুমিত সিং, ঋষি লোহাৰ আৰু সৌৰভ সিং । গোচৰটো সন্দৰ্ভত অতিৰিক্ত চৰকাৰী অধিবক্তা ৰাজীৱ কুমাৰে কয় যে 25 জুন, 2019 তাৰিখে কাৰাবন্দী মনোজ সিঙক কেন্দ্ৰীয় কাৰাগাৰত হত্যা কৰা আৰু তেওঁৰ আন এজন সঙ্গীক আঘাতপ্ৰাপ্ত কৰা দুয়োটা ক্ষেত্ৰতে আদালতে ইয়াৰ ৰায় দিছে ।

উল্লেখ্য, হত্যাকাণ্ডটোৰ সৈতে জড়িত দুজন অভিযুক্ত আদালতত হাজিৰ হোৱা নাছিল । তেওঁলোকৰ বিৰুদ্ধে পূৰ্বতেও ৱাৰেণ্ট জাৰি কৰা হৈছিল । কিন্তু আৰক্ষীয়ে তেওঁলোকক ধৰিব পৰা নাই । এতিয়া আদালতে দুয়োজন অভিযুক্তৰে ৱাৰেণ্ট সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানলৈ এখন পত্ৰ জাৰি কৰিছে ।

লগতে পঢ়ক :মহাৰাষ্ট্ৰৰ সাগৰত বৃহৎ পৰিমাণৰ অস্ত্ৰসহ জব্দ নাও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.