মিজোৰাম, 10 মাৰ্চ: মিজোৰামৰ ভাৰত-ম্যানমাৰ আন্তৰ্জাতিক সীমান্তৰ দায়িত্বত থকা অসম ৰাইফলৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে, ম্যানমাৰৰ পৰা প্ৰায় 136 গৰাকী লোকে আন্তৰ্জাতিক সীমান্ত অতিক্ৰম কৰি মিজোৰামৰ বিভিন্ন জিলাত প্ৰৱেশ কৰিছে ৷ এই সকলৰ ভিতৰত সাধাৰণৰ লোকৰ উপৰিও ম্যানমাৰ আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোকো আছে ৷
মিজোৰামৰ চম্পাই জিলাত 12 গৰাকী ম্যানমাৰ শৰণাৰ্থীৰ 8 গৰাকী আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীলোক ৷ ইয়াৰে 11 জন পুৰুষ আৰু এগৰাকী মহিলা৷ সমান্তৰালকৈ, চেৰশ্বিপ জিলাত 19 গৰাকী শৰণাৰ্থীৰ 15 জন পুৰুষ আৰু 4 গৰাকী মহিলা শৰণাৰ্থী ৷ একেদৰে নাহথিয়াল জিলাত আছে 8 গৰাকী শৰণাৰ্থী, চিয়াহাত 101 গৰাকী ইয়াৰে ভিতৰত 7 শিশুও আছে বুলি জানিব পৰা গৈছে ৷
অসম ৰাইফলে আৰু জনায় যে, 4 আৰু 5 মাৰ্চতো 8 গৰাকী ম্যানমাৰ আৰক্ষীৰ লোকে অবৈধভাৱে মিজোৰামত প্ৰৱেশ কৰিছিল ৷ আনহাতে, লংলাই জিলাৰ ফৰকাৱন গাঁৱৰ ভিলেজ কাউঞ্চিল প্ৰচিডেন্টে জনোৱা অনুসৰি বৰ্তমানেও টিয়াউ নৈৰ সিপাৰে প্ৰায় 85 গৰাকী ম্যানমাৰৰ নাগৰিক ফৰকাৱনত প্ৰৱেশৰ বাবে অপোক্ষা কৰি আছে ৷ গাওঁৱাসীয়ে সীমান্তত কেম্প পাতি বাস কৰা শৰণাৰ্থী সকলক ইতিমধ্যে 5 বেগ চাউল আৰু 1 বেগ দালিৰ যোগান ধৰিছে ৷
ম্যানমাৰ সেনাৰ অত্যাচাৰত পলাই অহা এই সকল শৰণাৰ্থীক ভাৰত চৰকাৰে শৰণ প্ৰদান কৰাৰ বাবে অনুৰোধ জনাইছে শৰণাৰ্থীসকলে ৷
লগতে পঢ়ক-মণিপুৰত PREPAK ৰ মহিলা কেডাৰ আটক