নেশ্যনেল ডেস্ক, 7 ডিচেম্বৰ : ভাৰত আৰু বাংলাদেশৰ প্ৰায় 130 গৰাকী অল-কায়েদাৰ সদস্যই পাকিস্তানৰ উত্তৰ ৱাজিৰিস্তানৰ মীৰাণশ্বাহত প্ৰশিক্ষণ গ্ৰহণ কৰিছে আৰু যুটীয়া আক্ৰমণৰ বাবে আফগানিস্তানলৈ যাত্ৰা কৰিছে ৷ ভাৰতীয় চোৰাংচোৱা সংস্থাই এই বিষয়ে অৱগত কৰি চৰকাৰ আৰু সুুৰক্ষা সংস্থাক সতৰ্ক কৰি দিছে ৷
এই তথ্য লাভৰ পাচতে সুৰক্ষা সংস্থাই বৰ্তমান ভাৰতৰ পৰা পাকিস্তান আৰু আফগানিস্তানত অল-কায়েদাত যোগ দিয়া এই লোকসকলক চিনাক্ত কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে ৷ চোৰাংচোৱা সংস্থাই লগতে জনাইছে যে, 130 গৰাকী অল-কায়েদাৰ সদস্যই হাক্কানীৰ সৈতে লগ লাগি আফ-পাক অঞ্চলত আক্ৰমণ চলাব বাৰে ৷ হাক্কানী নেটৱৰ্ক হৈছে আফগানী সন্ত্ৰাসবাদী দল আৰু ইয়াৰ অল-কায়েদৰ সৈতে সম্পৰ্কিত তালিবানৰ অংশ বুলি বিবেচনা কৰা হয় ৷
চোৰাংচোৱা সংস্থাই প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, ভাৰত আৰু বাংলাদেশৰ প্ৰায় 130 গৰাকী অল-কায়েদাৰ সদস্যই মীৰাণশ্বাহস্থিত অল-কায়েদৰ শিৱিৰত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ অন্তত আফগানিস্তানলৈ যাত্ৰা কৰিছে ৷ খোষ্ট, পাকটিয়া, কুনাৰ, লগাৰ, নুৰিস্তান আৰু কাবুলৰ বিভিন্ন অঞ্চলত সোমাই পৰা এই সদস্যকেইজনে হাক্কানী দলৰ সৈতে আক্ৰমণ সংঘটিত কৰিব পাৰে ৷
বিগত বৰ্ষত, ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে, ভাৰত উপমাহদেশত প্ৰায় 150 ৰ পৰা 200 অল-কায়েদাৰ সদস্য আছে আৰু এই সমূহ ভাৰত, পাকিস্তান, বাংলাদেশ আৰু ম্যানমাৰৰ পৰা গৈ সংগঠনটোত যোগ দিয়া ৷ এনালাইটিকেল চাপ’ৰ্ট এণ্ড চেংচনচ মণিটৰিঙ টীমৰ 26 সংখ্যক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি আফগানিস্তানত আছে অলকায়েদাৰ 400 ৰ পৰা 600 সদস্য ৷
প্ৰতিবেদনত নিৰ্মূজ, হেলমাণ্ড আৰু কান্দাহাৰ আদি আফগানিস্তানৰ কিছুমান অঞ্চল বাচনি কৰা হৈছে, যিসমূহত তালিবানৰ অধীনত নিজৰ কাৰ্যকলাপ অব্যাহত ৰাখে অল-কায়েদা-ইন-দ্য-ইণ্ডিয়ান-চাব কন্টিনেন্টে চমুকৈ AQIS য়ে ৷
AQIS-ৰ বৰ্তমান নেতা হৈছে ওচামা মাহমুদ, যি প্ৰয়াত আচিম ওমৰৰ স্থানত দায়িত্ব লাব কৰিছে ৷ AQIS য়ে তেওঁলোকৰ নেতাৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ আক্ৰমণৰ পৰিকল্পনা কৰি আছে ৷ ইয়াৰ লগতে প্ৰতিবেদনত কোৱা হৈছে যে, অল-কায়েদা চ’ছিয়েল মিডিয়াতো যঠেষ্ট সক্ৰিয় ৷ এই ক্ষেত্ৰখনৰ ব্যৱহাৰৰ দ্বাৰা অল-কায়েদাই সদস্য ভৰ্তি আৰু তথ্য প্ৰচাৰৰ লগতে অনুগামীৰ সৈতে যোগাযোগ আৰু পুঁজি সংগ্ৰহ অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : তুষাৰপাতৰ বাবে কাশ্মীৰত আৱদ্ধ পৰ্যটকক সহায়ৰ হাত হোটেল-হাউচবোট স্বত্বাধিকাৰীৰ