ETV Bharat / bharat

মণিপুৰত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ উপস্থিতিত অস্ত্ৰ-শস্ত্ৰসহ 13 উগ্ৰপন্থীৰ আত্মসমৰ্পন

author img

By

Published : Sep 15, 2022, 6:57 PM IST

মণিপুৰৰ ৰাইফল কমপ্লেক্সত আয়োজন কৰা এক ৰাজহুৱা আত্মসমৰ্পণ অনুষ্ঠানত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ (Manipur Chief Minister N Biren Singh)উপস্থিতিত অস্ত্ৰ-শস্ত্ৰসহ দুটাকৈ নিষিদ্ধ সংগঠনৰ 13 গৰাকী উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰে (13 militants surrender before Manipur CM)৷

13 militants surrender before Manipur CM
Etv Bharatমণিপুৰত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ উপস্থিতিত অস্ত্ৰ-শস্ত্ৰসহ 13 উগ্ৰপন্থীৰ আত্মসমৰ্পন

নেশ্যনেল ডেস্ক, 15 ছেপ্টেম্বৰ: দেশজুৰি বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পিছতেই উগ্ৰপন্থীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ ৷ মণিপুৰৰ ৰাইফল কমপ্লেক্সত আয়োজন কৰা এক ৰাজহুৱা আত্মসমৰ্পণ অনুষ্ঠানত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ (Manipur Chief Minister N Biren Singh)উপস্থিতিত অস্ত্ৰ-শস্ত্ৰসহ দুটাকৈ নিষিদ্ধ সংগঠনৰ 13 জন উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰে (13 militants surrender before Manipur CM)৷

এই অনুষ্ঠানত কাংলেইপাক কমিউনিষ্ট পাৰ্টি-পিপলছ ৱাৰ গ্ৰুপৰ (কে চি পি-পি ডব্লিউ জি) ১২ জন আৰু কাংলেই য়াওল কানবা লুপ (কে ৱাই কে এল)ৰ এজন উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰে ৷ এই 'ঘৰ উভতনি' অনুষ্ঠানত ভাষণ প্ৰদান কৰি সকলো উগ্ৰপন্থী সংগঠনক আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী সিঙে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "মই ৰাজ্যখনৰ সকলো বিদ্ৰোহী সংগঠনক শান্তি আলোচনাৰ বাবে আহিবলৈ আহ্বান জনাইছো ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Union Home Minister Amit Shah) কোৱাৰ দৰে, আত্মসমৰ্পণৰ পিছত কোনো উগ্ৰপন্থীৰ বিৰুদ্ধে এটাও গুলী নিক্ষেপ কৰা নহ'ব আৰু কোনো এজাহাৰ দাখিল কৰা নহ'ব ৷"

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ( Prime Minister Narendra Modi) নিৰ্দেশনাত মণিপুৰত এতিয়া পূৰ্বৰ তুলনাত শান্তি বিৰাজ কৰিছে ৷ বিগত দিনকেইটাত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাত উত্তৰ-পূবৰ বিভিন্ন নিষিদ্ধ সংগঠনৰ উগ্ৰপন্থীসকল মূলসুঁতিলৈ উভতি আহিছে ৷

আজিৰ এই অনুষ্ঠানত কেম’ফ্লেজ পৰিহিত উগ্ৰপন্থীকেইজনে এম ৭৯ গ্ৰেনেড লঞ্চাৰ অথবা "লেথোডে গান", তিনিটাকৈ নাইন এম এম পিষ্টল, দুটা ডিটোনেটৰছ আৰু দুটা ৰেডিঅ’সহ অন্যান্য সামগ্ৰী প্ৰশাসনৰ হাতত জমা দিয়ে ৷

লগতে পঢ়ক: বিজেপি চৰকাৰৰ দিনত বিদ্ৰোহী সংগঠনলৈ গৈছে ৰাজ্যৰ ১৫৬১ গৰাকী যুৱক-যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.