ETV Bharat / bharat

Shahdara gang rape case: শ্বাহদাৰাৰ দলবদ্ধ ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ ১১ গৰাকী

author img

By

Published : Jan 28, 2022, 3:36 PM IST

শেহতীয়াকৈ দিল্লীৰ শ্বাহদাৰা জিলাৰ কস্তুৰবা নগৰত সংঘটিত হৈছে যৌন নিৰ্যাতনৰ ঘটনা (Sexual assault case in Shahdara of Delhi)। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে ১১ গৰাকী অভিযুক্তক । ঘটনাক গৰিহণা দিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ।

Shahdara gang rape case
শ্বাহদাৰাৰ দলবদ্ধ ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ ১১ গৰাকী

নেশ্যনেল ডেস্ক, ২৮ জানুৱাৰী : দেশৰ ৰাজধানীত সভ্য সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে । প্ৰথমে এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ তাৰ পাছত মুখত ক'লা ৰঙ সানি মুণ্ডন কৰি ডিঙিত জোতাৰ মালা পিন্ধাই ৰাস্তাত পেৰেড কৰাইছিল একাংশ দানৱৰূপী লোকে । দিল্লীৰ শ্বাহদাৰা জিলাৰ কস্তুৰবা নগৰত সংঘটিত হৈছে গাৰ নোম শিয়ৰি উঠা এই ঘটনা (Sexual assault case in Shahdara of Delhi)।

এই ঘটনাৰ পাছতে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ভুক্তভোগী মহিলাগৰাকীক সুৰক্ষা দিয়াৰ লগতে দোষীক কঠোৰ শাস্তিৰ দাবী তুলিছে বিভিন্নজনে । ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ১১ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । গ্ৰেপ্তাৰ হোৱা সকলৰ ৯ গৰাকীয়ে মহিলা বুলি জানিব পৰা গৈছে ।

দিল্লী আৰক্ষীয়ে জনোৱা মতে বাকী অভিযুক্তসকলো অতি শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব । আৰক্ষীয়ে জনোৱা মতে ভুক্তভোগী মহিলাগৰাকীৰ স্বামীয়ে বুধবাৰে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল । ঘটনাস্থলীত স্বামী উপস্থিত নাছিল যদিও ভাৰাঘৰৰ মালিকে তেওঁক সকলো কথা অৱগত কৰিছিল ।

আৰক্ষীয়ে জনোৱা মতে ঘটনাটো সম্পৰ্কে খবৰ পোৱাৰ লগে লগে সেই স্থানত উপস্থিত হৈ আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰে । লগে লগে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে । ইয়াৰ মাজতে আন এক তথ্য পোহৰলৈ আহিছে ।

ভুক্তভোগী মহিলাগৰাকীৰ ভগ্নীয়ে জনোৱা মতে ওচৰৰে এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল মহিলাগৰাকীৰ । কিন্তু লক্ষণীয়ভাৱে যুৱকজনে বিগত বছৰৰ নৱেম্বৰ মাহত আত্মহত্যা কৰিছিল । ভগ্নীয়ে জনোৱা মতে মৃত যুৱকজনৰ মৃত্যুৰ বাবে তেওঁৰ পৰিয়ালে মহিলাগৰাকীক দোষাৰোপ কৰিছিল ।

ইফালে এই ঘটনাক লৈ সমগ্ৰ দিল্লীতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও এই ঘটনাক গৰিহণা দিছে লগতে আৰক্ষীক কঠোৰ পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিবলৈ কেন্দ্ৰক আহ্বান জনাইছে । দিল্লী মহিলা আয়োগেও এই ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীক জাননী জাৰি কৰিছে আৰু অপৰাধীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আৰু ভুক্তভোগী লগতে তেওঁৰ পৰিয়ালক নিৰাপত্তা প্ৰদান কৰিবলৈ দাবী জনাইছে ।

শ্বাহদাৰাৰ উপ আৰক্ষী আয়ুক্ত আৰ সাথিয়াসুন্দৰমে কোৱা মতে ব্যক্তিগত শত্ৰুতাৰ বাবে এগৰাকী মহিলাৰ ওপৰত যৌন নিৰ্যাতন চলোৱা এক দুৰ্ভাগ্যজনক ঘটনা । ইতিমধ্যে কেইবাগৰাকী অভিযুক্তক আটক কৰা হৈছে আৰু ভুক্তভোগীক সকলো সম্ভৱ সহায় আৰু পৰামৰ্শ প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক :চিকিৎসালয়ৰ পৰিচাৰিকাৰ শ্লীলতা হানিৰ চেষ্টা সুৰামত্ত চিকিৎসকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.