ETV Bharat / bharat

আজি প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব "Pradhan Mantri Kisan Samman Nidhi" ৰ দশম কিস্তি - ১০ কোটিতকৈও অধিক হিতাধিকাৰী কৃষক পৰিয়াললৈ সাহায্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে "প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি" ৰ দশম কিস্তি মুকলি কৰিব (PM to release instalment of PM-KISAN scheme) । দেশৰ ১০ কোটিতকৈও অধিক হিতাধিকাৰী কৃষক পৰিয়ালৰ একাউণ্টলৈ ২০,০০০ কোটি টকাতকৈও অধিক ধনৰাশি স্থানান্তৰ কৰা হ'ব ।

PM Modi to release instalment under the Pradhan Mantri Kisan Samman Nidhi
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ দশম কিস্তি মুকলি কৰিব নৰেন্দ্ৰ মোডীয়ে
author img

By

Published : Jan 1, 2022, 10:50 AM IST

নেশ্যনেল ডেস্ক, ১ জানুৱাৰী : আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে "প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি" ৰ দশম কিস্তি মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Pradhan Mantri Kisan Samman Nidhi) । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা বিবৃতি অনুসৰি, শনিবাৰে দুপৰীয়া ১২.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে "প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি"ৰ দশম কিস্তি মুকলি কৰিব (PM to release 10th instalment of PM-KISAN today) ।

বিবৃতিত উল্লেখ কৰা মতে, চৰকাৰে ৰাইজক দি অহা প্ৰতিশ্ৰুতি আৰু তৃণমূল পৰ্যায়ৰ কৃষকসকলক শক্তিশালী কৰাৰ সংকল্পক এই আঁচনিৰ জৰিয়তে বাস্তৱ ৰূপ দিয়া হৈছে । এই আঁচনিৰ অধীনত দেশৰ ১০ কোটিতকৈও অধিক হিতাধিকাৰী কৃষক পৰিয়ালৰ একাউণ্টলৈ ২০,০০০ কোটি টকাতকৈও অধিক ধনৰাশি স্থানান্তৰ কৰা হ'ব ।

"প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি" আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰী তথা কৃষক পৰিয়ালসমূহলৈ প্ৰতি বছৰে ৬ হাজাৰ টকাৰ বিত্তীয় সহায় আগবঢ়োৱা হয় । প্ৰতিটো কিস্তিত ২ হাজাৰ টকাকৈ মুকলি কৰি দিয়া হয় । এই পুঁজি হিতাধিকাৰীৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ স্থানান্তৰ কৰা হয় । এই আঁচনিৰ অধীনত এতিয়ালৈকে দেশৰ ভিন্ন প্ৰান্তৰ কৃষক পৰিয়াললৈ ১.৬ লাখ কোটি টকাতকৈও অধিক ধনৰাশি স্থানান্তৰ কৰা হৈছে ।

আজি "প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি" ৰ দশম কিস্তি মুকলিৰ অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৩৫১ টা কৃষক উৎপাদক সংগঠনৰ বাবে ১৪ কোটি টকাৰ অধিক ইকুইটি অনুদান মুকলি কৰিব ।

এই সাহায্যৰ ফলত ১.২৪ লাখতকৈও অধিক কৃষক উপকৃত হ'ব । প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানতে কৃষক উৎপাদক সংগঠনসমূহৰ সৈতে বাৰ্তালাপ কৰিব আৰু দেশবাসীক সম্বোধন কৰিব । কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ এই অনুষ্ঠানত উপস্থিত থাকিব ।

লগতে পঢ়ক: 12 dead at Mata Vaishno Devi Temple : কাটৰাত বৈষ্ণো দেৱী মন্দিৰত পদপিষ্ট হৈ মৃত্যু 12 জনৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.