ETV Bharat / bharat

দিল্লীত উদ্ধাৰ শতাধিক সন্ধানহীন শিশু - শতাধিক সন্ধানহীন ল'ৰা-ছোৱালী উদ্ধাৰ

দিল্লীৰ আৰক্ষী আয়ুক্তই এক আঁচনিৰ জৰিয়তে চলিত বৰ্ষৰ ভিতৰত ১৪ বছৰৰ তলৰ ৫০ৰ অধিক সন্ধানহীন শিশুক উদ্ধাৰ কৰাত সহায় কৰা যিকোনো কনিষ্টবল বা হেড কনিষ্টবলক আউট-অফ প্ৰমোচন দিয়াৰ সিদ্ধান্ত লৈছে ।

100 missing children traced in 2020
author img

By

Published : Dec 21, 2020, 11:30 AM IST

নতুন দিল্লী, ২১ ডিচেম্বৰ : দিল্লী আৰক্ষীয়ে মানৱ সৰবৰাহকাৰী দলৰ পৰা শতাধিক ল'ৰা-ছোৱালীক উদ্ধাৰ কৰে । উদ্ধাৰ হোৱা ল'ৰা-ছোৱালীকেইটাৰ ৮০ গৰাকীৰ বয়স ১৮ বছৰৰ তলৰ । ২০২০ চনত তেওঁলোকৰ পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী থানাত সন্ধানহীন হোৱাৰ গোচৰ ৰুজু কৰিছিল। আৰক্ষীয়ে উদ্ধাৰ হোৱা ল'ৰা-ছোৱালীকেইটাক পৰিয়ালৰ লোকক চমজাই দিয়া বুলি জানিব পৰা গৈছে । ল'ৰা-ছোৱালীকেইটাক আৰক্ষীয়ে দিল্লীৰ লগতে বিহাৰ,উত্তৰ প্ৰদেশ, ছত্তীশগড় আৰু পশ্চিমবঙ্গৰ পৰা উদ্ধাৰ কৰিছিল শিশুকেইটাক ।

100 missing children traced in 2020
দিল্লীত উদ্ধাৰ শতাধিক সন্ধানহীন ল'ৰা-ছোৱালী

দক্ষিণ দিল্লীৰ আৰক্ষী বিষয়া অতুল ঠাকুৰে শিশু কেইটা দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ পৰা সন্ধানহীন হোৱা বুলি জানিবলৈ দিয়ে । আৰক্ষীৰ এটা বিশেষ দলে দীৰ্ঘদিন ধৰি অভিযান চলাই শিশু কেইটাক উদ্ধাৰ কৰে ।

উল্লেখ্য যে,দিল্লী আৰক্ষীয়ে ২০২০ চনৰ জানুৱাৰী মাহৰ পৰা অক্টোবৰলৈকে ৩,৫০৭ গৰাকী সন্ধানহীন ল'ৰা-ছোৱালীৰ ২,৬২৯ গৰাকীক উদ্ধাৰ কৰিছে । দিল্লীৰ আৰক্ষী আয়ুক্তই এক আঁচনিৰ জৰিয়তে চলিত বৰ্ষটোৰ ভিতৰত ১৪ বছৰৰ তলৰ ৫০ৰ অধিক সন্ধানহীন শিশুক উদ্ধাৰ কৰাত সহায় কৰা যিকোনো কনিষ্টবল বা হেড কনিষ্টবলক আউট-অফ প্ৰমোচন দিয়াৰ সিদ্ধান্ত লৈছে ।

লগতে চাওকঃ গোলাঘাটৰ পাচলি বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.