ETV Bharat / bharat

Accident in Rath Yatra : ৰথযাত্ৰাত অঘটন ! আহমেদাবাদত নিহত ১, পুৰীত পদপিষ্টৰ ঘটনা

মঙলবাৰে দেশজুৰি অনুষ্ঠিত হয় প্ৰভু জগন্নাথৰ ৰথযাত্ৰা । কিন্তু এই ৰথযাত্ৰাৰ সময়তে গুজৰাটৰ আহমেদাবাদ আৰু ওড়িশাৰ পুৰীত সংঘটিত হয় অঘটন । আহমেদাবাদৰ দৰিয়াপুৰত ৰথযাত্ৰাৰ সময়ত হঠাতে পথত থিয় হৈ থকা লোকৰ ওপৰত এটা ঘৰৰ চাল খহি পৰে । উক্ত ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৮ জন লোক আহত হয় । আহত আটাইকেইজন লোককে আহমেদাবাদ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

author img

By

Published : Jun 20, 2023, 7:43 PM IST

Accident in Rath Yatra
Accident in Rath Yatra

নিউজ ডেস্ক, ২০ জুন : ভগৱান জগন্নাথৰ ১৪৬ সংখ্যক ৰথযাত্ৰা মঙলবাৰে আহমেদাবাদতো উলিওৱা হয় । কিন্তু আহমেদাবাদৰ এই ৰথযাত্ৰাৰ পথত বিশাল উৎসাহৰ মাজতে এক দুৰ্ঘটনা সংঘটিত হয় । দৰিয়াপুৰত ৰথযাত্ৰাৰ সময়ত পথত থিয় হৈ থকা লোকৰ ওপৰত এটা ঘৰৰ চাল খহি পৰাৰ ফলত মেহুল পাঞ্চাল নামৰ এজন লোকৰ মৃত্যু হয় । আনহাতে, উক্ত ঘটনাত আন ৮ জন লোক আহত হয় । আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

অঞ্চলটোৰ কাদিয়া নাকাৰে ৰথখন পাৰ হৈ থকাৰ সময়ত এটা ঘৰৰ বাৰান্দাৰ এটা অংশ তলত থিয় হৈ থকা কিছু লোকৰ ওপৰত খহি পৰে । লগে লগে আঘাতপ্ৰাপ্ত সকলোকে চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় । তথ্য অনুসৰি, ৰথযাত্ৰাৰ পথত দৰিয়াপুৰ কাদিয়া নাকাৰ ওচৰৰ মছজিদৰ সমীপত থকা ভৱনটোৰ দ্বিতীয় মহলাৰ বাৰান্দাৰ কিছু অংশ খহি পৰে । সেই সময়ত ভগৱান জগন্নাথক দৰ্শনৰ বাবে পথৰ কাষত থিয় হৈ থকা ভক্তসকলৰ ওপৰত ইয়াৰ ধ্বংসাৱশেষ আহি পৰে । ঘটনাটোত তিনিটা শিশুসহ আঠজন লোক আহত হয় ।

আনহাতে, ৰথযাত্ৰাৰ সময়তে এই ঘটনাটো সংঘটিত হোৱাত আৰক্ষীকে ধৰি তাত উপস্থিত থকা লোকসকলৰ মাজত হুৱাদুৱা লাগি পৰে । অৱশ্যে আৰক্ষীয়ে ততাতৈয়াকৈ আহত আটাইকেইজনকে ধ্বংসাৱশেষৰ তলৰ পৰা উদ্ধাৰ কৰি তাৎক্ষণিক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰায় । তাৰে ভিতৰত এজন লোকৰ মৃত্যু হয় ।

"আহমেদাবাদ ৰথযাত্ৰাৰ পথছোৱাত কাদিয়ানাকাত এটা পুৰণি ঘৰ আছিল । ঘৰৰ মালিক আৰু আনসকলে ৰথযাত্ৰা চাবলৈ বাহিৰত থিয় হৈ আছিল । কিন্তু ঘৰটোৰ কিছু অংশ হঠাতে খহি পৰে । ফলত ঘৰটোৰ মালিককে ধৰি আঠজন লোক আহত হয় । তাৰে মাজৰ এজন ব্যক্তিৰ মৃত্যু হয় । আহত আটাইকেইজনকে অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।" আহমেদাবাদ চতুৰ্থ জ'নৰ ডিচিপি ডঃ কানন দেশায়ে কয় ।

উল্লেখ্য যে কাদিয়ানাকাৰ ওচৰৰ জৰাজীৰ্ণ ঘৰবোৰৰ ভিতৰৰ এই ঘৰটোক আহমেদাবাদ পৌৰ নিগমে বিপজ্জনক বুলি কোনো জাননী দিয়া নাছিল । কিন্তু ঘৰটোৰ চালখন খহি পৰাৰ লগে লগে পৌৰ নিগমৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ সমবেত জনতাৰ সন্মুখতে বিপজ্জনক জাননী আঁৰি দিয়ে ।

আন এক ঘটনাত মঙলবাৰে পুৰীৰ ৰথযাত্ৰাত এক পদপিষ্টৰ ঘটনা সংঘটিত হয় । পুৰীৰ মাৰিচিকোটে চকৰ টালাধ্বজাত এই পদপিষ্টৰ ঘটনাটো সংঘটিত হয় । উক্ত ঘটনাত বহুকেইজন লোক আহত হয় । আহতসকলক পুৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । জানিব পৰা মতে, ১৪ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ইয়াৰে ভিতৰৰ এজনৰ অৱস্থা সংকটজনক । ঘটনাটো সংঘটিত হোৱাৰ লগে লগে আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক চিকিৎসালয়লৈ স্থানান্তৰ কৰে ।

লগতে পঢ়ক :Jagannath Rath Yatra 2023: আজিৰে পৰা আৰম্ভ হ’ল জগন্নাথ ৰথ যাত্ৰা, এই উপলক্ষে চাওক জগন্নাথ ৰথ যাত্ৰাৰ কিছু বিশেষ মূহুৰ্তৰ ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.