ETV Bharat / bharat

অনুৰাগ কাশ্যপ আৰু তাপস্বী পান্নুৰ ঘৰত আয়কৰ বিভাগৰ অভিযান

author img

By

Published : Mar 4, 2021, 2:26 PM IST

ছবি পৰিচালক অনুৰাগ কাশ্যপ আৰু অভিনেত্ৰী তাপস্বী পান্নুৰ ঘৰ আৰু কাৰ্যালয়ত আয়কৰ বিভাগে অভিযান চলাই জব্দ কৰে কেবাখনো নথি-পত্ৰ । প্ৰায় ১১ ঘন্টাজোৰা চলা অভিযানত লেপটপ, ম'বাইল আৰু বেঙ্ক সম্পৰ্কীয় নথি-পত্ৰ জব্দ কৰিবলৈ সক্ষম হয় । মুম্বাইকে ধৰি পুনেৰ প্ৰায় ২২ টা স্থানত আয়কৰ বিভাগৰ অভিযান ।

অনুৰাগ কাশ্যপ আৰু তাপস্বী পান্নুৰ ঘৰত আয়কৰ বিভাগৰ অভিযানত জব্দ কেতবোৰ নথি-পত্ৰ

নিউজ ডেস্ক,৪ মাৰ্চ: ছবি পৰিচালক অনুৰাগ কাশ্যপৰ ঘৰত আয়কৰ বিভাগৰ অভিযান । প্ৰায় ১১ ঘন্টাজোৰা চলা অভিযানত লেপটপ, ম'বাইল আৰু বেঙ্ক সম্পৰ্কীয় নথি-পত্ৰ জব্দ কৰিবলৈ সক্ষম হয় । লগতে ১১ ঘন্টাজোৰা সোধ-পোছৰ অন্তত তেওঁৰ ছবি 'ফেন্টম'ৰ কেবাখনো গুৰুত্বপূৰ্ণ নথি-পত্ৰ পৰীক্ষা কৰে । ইফালে, অভিনেত্ৰী তাপস্বী পান্নুৰ ঘৰত শ্ৰী নামৰ কাৰ্যালয়ৰ পৰা আয়কৰ বিভাগে অভিযান চলাই কেবাখনো গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰে । মন কৰিবলগীয়া যে, মুম্বাইকে ধৰি পুনেৰ প্ৰায় ২২ টা স্থানত আয়কৰ বিভাগে অভিযান চলোৱা অভিযানত কি কি প্ৰমাণ লাভ কৰিছে সেই বিষয়ে কোনো নিৰ্দিষ্ট তথ্য লাভ কৰা হোৱা নাই ।

উল্লেখযোগ্য যে, বুধবাৰে ছবি পৰিচালক অনুৰাগ কাশ্যপ আৰু অভিনেত্ৰী তাপস্বী পান্নুৰ ঘৰ আৰু কাৰ্যালয়ত আয়কৰ বিভাগে অভিযান চলায় । ছবি 'ফেন্টম'ৰ কৰ ফাকিৰ বিৰুদ্ধে এই অভিযান চলাই আয়কৰ বিভাগে । মুম্বাই আৰু পুনেৰ প্ৰায় ২২ টাকৈ স্থানত এই অভিযান চলোৱা হয় । ইয়াৰ ভিতৰত আছে ৰিলায়েন্স এণ্টাৰটেইনমেণ্ট গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া শুভাশীষ সৰকাৰ আৰু তাৰকা আৰু প্ৰতিভা ব্যৱস্থাপনা কোম্পানী কে ডব্লিউ এ এনৰ কেবাজনো বিষয়া । বুধবাৰে পুৱাই আৰম্ভ হোৱা এই অভিযান নিশা দুপৰলৈ চলোৱা হৈছিল ।

'ফেন্টম' চলচ্চিত্ৰ প্ৰযোজনা গৃহৰ একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে এই অভিযান চলোৱা হয় । ছবিখনৰ প্ৰচাৰক কাশ্যপ, পৰিচালক-প্ৰযোজক বিক্ৰমাদিত্য মোতৱানী, প্ৰযোজক বিকাশ বেহল আৰু প্ৰযোজক-বিতৰক মধু মন্তেনাৰ বিৰুদ্ধে এই অভিযান আয়কৰ বিভাগৰ ।

লগতে পঢ়ক: দিল্লী পৌৰসভাৰ উপ-নিৰ্বাচন আৰু ইয়াৰ ৰাজনৈতিক প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.