ETV Bharat / snippets

মহানগৰীত বন্ধ থাকিব পানী যোগান

author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 9:26 PM IST

WATER SUPPLY DISRUPTED
পৌৰ নিগমৰ পানী নাপাব মহানগৰবাসীয়ে (ETV BHARAT ASSAM)

গুৱাহাটী, 31 মে’ : দুদিনৰ বাবে গুৱাহাটী পৌৰ নিগমৰ পানী নাপাব মহানগৰবাসীয়ে ৷ পহিলা জুনৰ পৰা 2 জুনলৈ ব্যাহত হ’ব পানী যোগান ৷ মহানগৰীৰ 10 টা স্থান ক্ৰমে শৰণীয়া, উলুবাৰী, লাচিত নগৰ, গান্ধী বস্তি, ৰিহাবাৰী, বি কে কাকতি ৰোড, মণিপুৰী বস্তি, বি বৰুৱা পথ, কছাৰী বস্তি, ইছলামপুৰ আদি অঞ্চলত পানী নাপাব জনতাই ৷

এই কথা আজি গুৱাহাটী পৌৰ নিগমে জাননীযোগে সদৰী কৰে ৷ পাণবজাৰ পানী প্ৰকল্পৰ পৰা শৰণীয়াস্থিত জলাধাৰালৈ সৰবৰাহ কৰা পানীৰ পাম্পৰ জৰুৰী সলনিৰ বাবে এই দুদিন পানী যোগান বন্ধ থাকিব ৷ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে পানী যোগান পুনৰ আৰম্ভ কৰা হ'ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.