ETV Bharat / snippets

৮ দিনেই সন্ধান নাই দুই অপহৃত কৰ্মচাৰীৰ

author img

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 4:40 PM IST

Kidnapped case in Dima Hasao
ডিমা হাছাওত অপহৰণ (ETV Bharat Assam)

হাফলং, ২ আগষ্ট: ডিমা হাছাওৰ মাহুৰৰ পৰা মণিপুৰৰ তামেংলংলৈ চলি থকা টু লেন পথ নিৰ্মাণত কৰ্মৰত দুজন কৰ্মচাৰীক অপহৰণৰ ৮ দিন উকলিল ৷ এতিয়াও ওলোৱা নাই শুংসূত্ৰ । পথ নিৰ্মাণকাৰী অনুচা নামৰ কোম্পানীটোৰ কাম চলি থাকোতে সংঘটিত হৈছে এই অপহৰণৰ ঘটনা । যোৱা ২৬ জুলাইৰ নিশা ১০ বজাত ১০/১২জনীয়া এটা অচিনাক্ত বন্দুকধাৰী দল শিবিৰত উপস্থিত হৈ কৰ্মচাৰী দুজনক অপহৰণ কৰে ।

অপহৃত দুই কৰ্মচাৰী হৈছে কৰিমগঞ্জ জিলাৰ অচিমগঞ্জৰ আব্দুল কাদিৰ আৰু হাইলাকান্দি জিলাৰ সহাবাদ গাঁৱৰ ইকবাল লস্কৰ ৷ ইপিনে, এই অপহৰণৰ পিচতে নিৰ্মাণ সংস্থাটোৱে পথ নিৰ্মাণৰ কাম বন্ধ কৰি দিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.