ETV Bharat / snippets

মাৰ্কশ্বীট কেলেংকাৰীত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ RSS নেতা

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 1:09 PM IST

RSS leader arrested for alleged involvement in marksheet scam
মাৰ্কশ্বীট কেলেংকাৰীত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ RSS নেতা (ETV Bharat Assam)

ধুবুৰী, 29 জুন: ধুবুৰীত মাৰ্কশ্বীট কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত আটক RSS নেতা শিৱতোম মাহাতো । জানিব পৰা মতে, শিৱতোম মাহাতো ধুবুৰী আইন মহাবিদ্যালয়ৰ কম্পিউটাৰ সহায়ক হিচাপে কৰ্মৰত । বৰপেটা আৰক্ষীয়ে ধুবুৰী আৰক্ষীৰ সহযোগত অভিযান চলাই গ্ৰেপ্তাৰ কৰে শিৱতোষ মাহাতোক । বৰ্তমান মাহাতো বৰপেটা আৰক্ষীৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে ।

অভিযোগ অনুসৰি, 10-15 হাজাৰ টকাৰ বিনিময়ত অধিক নম্বৰ লৈ শিক্ষাৰ্থীক নম্বৰ প্ৰদান কৰা হৈছে ৷ এই সন্দৰ্ভত অভিযান চলাই বৰ্তমান বৰপেটা আৰক্ষীৰ জিম্মাত আছে 8 অভিযুক্ত ৷ আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে 74/24 ত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 468/120 B 467/47/420 ধাৰাত গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.