ETV Bharat / snippets

দলগাঁও আৰক্ষীৰ জালত অস্ত্ৰসহ গঁড় চিকাৰী

author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 7:44 PM IST

rhino poacher
দলগাঁও আৰক্ষীৰ জালত অস্ত্ৰসহ গঁড় চিকাৰী (ETV BHARAT ASSAM)

দৰং, 13 জুন : দলগাঁও আৰক্ষীৰ জালত অস্ত্ৰসহ এটা গঁড় চিকাৰী । দলগাঁও আৰক্ষীয়ে বৃহস্পতিবাৰে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই দলগাঁৱৰ থলথলি গাঁৱৰ পথত এটা গঁড় চিকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত গঁড় চিকাৰীটোৰ নাম মহিদুল ইছলাম ।

গঁড় চিকাৰীটোৰ হাতৰ পৰা এটা .৩০৩ ৰাইফল উদ্ধাৰ কৰাৰ লগতে এটা খালী মেগাজিন উদ্ধাৰ কৰে আৰক্ষীয়ে ।
ধৃত মহিদুলক দলগাঁও আৰক্ষী থানাৰ গোচৰ নম্বৰ 126/24 u/s 25(1A) অস্ত্ৰ আইনৰ ভিত্তিত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.