ETV Bharat / snippets

বৰশীয়েই কাল হ’ল এগৰাকী ছাত্ৰৰ : কলং নৈত পৰি প্ৰাণ গ’ল টেংছুৱাত চাংমাৰ

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 3:54 PM IST

Guwahati Student died by drowning in Kolong River
বৰশীয়ে কাল হ’ল এগৰাকী ছাত্ৰৰ, কলং নৈত পৰি প্ৰাণ গ’ল টেংছুৱাত চাংমাৰ (ETV Bharat Assam)

গুৱাহাটী, ২৮ জুন : গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী চন্দ্ৰপুৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । বৃহস্পতিবাৰে নদীত বৰশী মাৰিবলৈ গৈ অকাল মৃত্যুক সাৱটি ল’লে চন্দ্ৰপুৰ গোবৰ্ধন অঞ্চলৰ এজন কণমানি ছাত্ৰই । মৃত ছাত্ৰজন হৈছে চন্দ্ৰপুৰৰ ডনবস্ক' স্কুলৰ পঞ্চম শ্ৰেণীত অধ্যয়নৰত টেংছুৱাত চাংমা ।

জানিব পৰা মতে, কলং নৈত বৰশী মাৰি থকাৰ সময়তে হঠাৎ পিচলি নৈত পৰি যায় ছাত্ৰজন । প্ৰত্যক্ষদৰ্শীয়ে তেওঁক উদ্ধাৰৰ বাবে চেষ্টা কৰিও ব্যৰ্থ হয় । পিচত চন্দ্ৰপুৰ আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত কলং নৈৰ পৰা উদ্ধাৰ কৰে ছাত্ৰজনৰ মৃতদেহ । আৰক্ষীয়ে উদ্ধাৰ কৰা ছাত্ৰগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.